শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জন্মদিনত আমিৰ খানৰ শ্ৰেষ্ঠ ৫ খন ছবিৰ বিষয়ে জানক, যিবোৰ আজিও আছে দৰ্শকৰ হৃদয়ত

বলীউডৰ বিখ্যাত অভিনেতা আমিৰ খানে প্ৰায় ৪০ বছৰ পূৰ্বে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। বছৰ বছৰ ধৰি তেওঁ বহু ছবি উপহাৰ দিছে যদিও কিছুমান ছবিয়ে বক্স অফিচত ভাল উপাৰ্জন কৰাই নহয়, মানুহক বহু ডাঙৰ কথাও শিকাইছিল।

জন্মদিনত আমিৰ খানৰ শ্ৰেষ্ঠ ৫ খন ছবিৰ বিষয়ে জানক, যিবোৰ আজিও আছে দৰ্শকৰ হৃদয়ত
আমিৰ খানৰ শ্ৰেষ্ঠ ৫ খন ছবি
trishna-kalita
Trishna Kalita | Published: 14 Mar 2025 15:55 PM

বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্ট আমিৰ খানে আজি ৬০ সংখ্যক জন্মদিন উদযাপন কৰিছে। আমিৰ খান বলীউডলৈ অহা প্ৰায় ৪০ বছৰ হ’ল আৰু এই বছৰবোৰত তেওঁ বহু ছবি উপহাৰ দিছে। ইয়াৰ ভিতৰত কিছুমান ফ্লপ আৰু বহু সফল ছবিৰো নাম আছে। আমিৰ খান বহু বছৰ ধৰি ছবিৰ পৰা আঁতৰি আছিল যদিও তেওঁৰ আগন্তুক ছবি সীতাৰে জমীন পাৰ হে’ৰ নিৰ্মাণৰ কাম চলি আছে।

১৯৬৫ চনৰ ১৪ মাৰ্চত মুম্বাইত জন্মগ্ৰহণ কৰা আমিৰ খানে য়াদো কি বাৰাত (১৯৭৩) ছবিৰ জৰিয়তে শিশু শিল্পী হিচাপে অভিনয় জীৱন আৰম্ভ কৰে। প্ৰাপ্তবয়স্ক হিচাপে তেওঁৰ প্ৰথমখন ছবি আছিল হোলী (১৯৮৪)। কিন্তু আমিৰৰ প্ৰথমখন ব্লকবাষ্টাৰ ছবি আছিল কায়ামত ছে কায়ামত (১৯৮৮)। আমিৰ খানৰ কেৰিয়াৰৰ বহুকেইখন ছবি ফ্লপ হৈছিল যদিও সফল ছবিসমূহত তেওঁৰ কাম আছিল প্ৰশংসনীয়।

আমিৰ খানৰ ৫ খন শ্ৰেষ্ঠ ছবি

‘দিল’, ‘ৰাজা হিন্দুস্তানী’, ‘ইছক’, ‘মন’, ‘গোলাম’, ‘ৰংগীলা’, ‘দিল চাহতা হায়’, ‘লগান’, ‘গাজিনী’ৰ দৰে বহু ছুপাৰহিট ছবি উপহাৰ দিছে আমিৰ খানে। ইয়াত আমি আপোনালোকক ক’ম এনে ৫ খন ছবিৰ বিষয়ে য’ত শিক্ষণৰ লগতে বক্স অফিচতো ভাল ব্যৱসায় কৰিছিল।

‘দিল চাহতা হে’

পৰিচালক হিচাপে ফাৰহান আখতাৰৰ প্ৰথমখন ছবি আছিল দিল চাহতা হে। যিখন ২০০১ চনৰ ১০ আগষ্টত মুক্তি পাইছিল। ছবিখনত আমিৰ খান, ছেইফ আলী খান আৰু অক্ষয় খান্নাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত তেওঁলোকৰ বন্ধুত্বৰ কাহিনী দেখুওৱা হৈছিল। এই ছবিখন নেটফ্লিক্সত চাবস্ক্ৰিপচনৰ সৈতে চাব পাৰে। যদি আমি বক্স অফিচৰ কথা কওঁ, তেন্তে Sacnilk ৰ মতে মাত্ৰ ৩ কোটি টকাত নিৰ্মিত এই ছবিখনে বিশ্বজুৰি ৩৮.৬৫ কোটি টকাৰ ব্যৱসায় কৰিছিল।

Aamir Khan Best Movies 3

‘ৰং দে বসন্তী’

ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ পৰিচালিত ৰং দে বসন্তী ছবিখন ২০০৬ চনৰ ২৬ জানুৱাৰীত মুক্তি লাভ কৰে। দেশপ্ৰেমৰ আধাৰত নিৰ্মিত ছবিখনৰ এটা বিশেষ বাৰ্তাও আছিল। যাৰ বাবে হয়তো এই ছবিখন কোনেও ভাল নালাগে বুলি ক’বই নোৱাৰে। যদি আমি উপাৰ্জনৰ কথা কওঁ, তেন্তে Sacnilk ৰ মতে ২৮ কোটি টকাৰ বাজেটেৰে নিৰ্মিত ৰং দে বসন্তী ছবিখনে সমগ্ৰ বিশ্বতে ৯৬.৯০ কোটি টকা সংগ্ৰহ কৰিছিল।

Aamir Khan Best Movies 1

‘তাৰে জমিন পৰ’

পৰিচালক হিচাপে আমিৰ খানে তাৰে জমীন পৰ ছবিখন নিৰ্মাণ কৰিছিল। ২০০৭ চনৰ ২১ ডিচেম্বৰত মুক্তি পোৱা টাৰে জমিন পৰ ছবিখনতো এটা ডাঙৰ সামাজিক বাৰ্তা আছিল, যিটো সকলো  চাইছিল আৰু বুজি পাইছিল। এই ছবিখনত আমিৰ খান আৰু দৰ্শীল ছাফাৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। Sacnilk ৰ মতে ছবিখনৰ বাজেট ১২ কোটি টকা হোৱাৰ বিপৰীতে বক্স অফিচত বিশ্বব্যাপী ৯৮.৫০ কোটি টকাৰ ব্যৱসায় কৰিছিল।

Aamir Khan Best Movies 2

‘থ্ৰী ইডিয়টছ’

২০০৯ চনৰ ২৫ ডিচেম্বৰত মুক্তি পোৱা থ্ৰী ইডিয়টছ ছবিখন পৰিচালনা কৰিছিল ৰাজকুমাৰ হিৰাণীয়ে। কেৰিয়াৰ সম্পৰ্কীয় বিষয়বোৰ দেখুওৱা ছবিখনত এক গুৰুতৰ বাৰ্তা দিয়া হৈছে। আমিৰ খান, আৰ মাধৱন আৰু শৰ্মান যোশীক মুখ্য চৰিত্ৰত দেখা গৈছিল। এই ছবিখন প্ৰাইম ভিডিঅ’ত চাব পাৰিব। উপাৰ্জনৰ কথা ক’বলৈ গ’লে, Sacnilk ৰ মতে, মাত্ৰ ৫৫ কোটি টকাত নিৰ্মিত এই ছবিখনে বিশ্বব্যাপী ৪৬০ কোটি টকাৰ ব্যৱসায় কৰিছিল।

Aamir Khan Best Movies 4

Aamir Khan Best Movies 4

‘পি কে’

২০১৪ চনৰ ১৯ ​​ডিচেম্বৰত মুক্তি পোৱা পি কে ছবিখনো পৰিচালনা কৰিছিল ৰাজকুমাৰ হিৰাণীয়ে। ছবিখনত ধৰ্মৰ নামত মানুহক কিদৰে বিভ্ৰান্ত কৰা হৈছে তাৰ ওপৰত এটা বাৰ্তা দিয়া হৈছিল। আমিৰ খানৰ উপৰিও অনুষ্কা শৰ্মা আৰু সুশান্ত সিং ৰাজপুতে এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। চনী লিভত এই চিনেমাখন চাব পাৰিব। Sacnilk ৰ মতে, মাত্ৰ ৮৫ ​​কোটি টকাত নিৰ্মিত পি কে ছবিখনৰ বিশ্বব্যাপী সংগ্ৰহ আছিল ৭৯২ কোটি টকা।