শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Bigg Boss 19: বিগ বছ-১৯ৰ বিজেতা গৌৰৱ খান্নাই কিমান টকাৰ পুৰস্কাৰ লাভ কৰিলে?

Gaurav Khanna Prize Money: কেইবা সপ্তাহ ধৰি চলাৰ অন্তত সামৰণি পৰিল বিগ বছ ১৯ৰ। এইবাৰ এই ছিজনত জয়লাভ কৰিছে গৌৰৱ খান্নাই। ট্ৰফীৰ লগতে গৌৰৱে মোটা অংকৰ ধনৰাশি লাভ কৰিবলৈ সক্ষম হয়।

Bigg Boss 19: বিগ বছ-১৯ৰ বিজেতা গৌৰৱ খান্নাই কিমান টকাৰ পুৰস্কাৰ লাভ কৰিলে?
গৌৰৱ খান্নাImage Credit source: social media
Barasha Sarma
Barasha Sarma | Updated On: 09 Dec 2025 16:58 PM

অন্ত পৰিল বিগ বছ ছিজন ১৯। ১৫ সপ্তাহ ধৰি চলাৰ পাছত অৱশেষত অন্ত পৰে বিগ বছ ১৯ (Bigg Boss 19)। যোৱা ২৪ আগষ্টৰ পৰা আৰম্ভ হোৱা বিগ বছৰ ছিজন ১৯ ৰ বিজয়ী ৭ ডিচেম্বৰত ঘোষণা কৰে ছলমান খানে। এই ছিজনত বিগ বছৰ খিতাপ দখল কৰে গৌৰৱ খান্নাই। এই সময়চোৱাত গৌৰৱে লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। বিগ বছত প্ৰৱেশ কৰাৰ পাছতে গৌৰৱ খান্না তেওঁৰ ব্যক্তিত্ব আৰু আচৰণ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। এনেকৈ কেইবাটা সপ্তাহ অতিক্ৰম কৰি তেওঁ অৱশেষত জয়ৰ মুকুট পিন্ধে।

অৱশ্যে কেৱল বিগ বছ ১৯ ৰ ট্ৰফীয়ে নহয়, এক বৃহৎ পৰিমাণৰ নগদ ধনো লাভ কৰে গৌৰৱ খান্নাই। ২০০৬ চনত ভাৰতত ‘বিগ বছ’ৰ আৰম্ভণি হৈছিল। বিগ বছ প্ৰথম ছিজনৰ বিজেতা আছিল ৰাহুল ৰয়। সেই সময়ত তেওঁ ট্ৰফীৰ লগতে ১ কোটি টকা লাভ কৰিছিল। কিন্তু পাছলৈ এই ধন ৰাশি হ্ৰাস কৰা হয়। এই ছিজনত গৌৰৱ খান্নাই লাভ কৰিছে ৫০ লাখ টকাৰ নগদ ধন। যোৱা কেইবছৰ মানৰ পৰা এই পৰিমাণৰ ধনৰাশিয়ে বিজেতাক দি অহা হৈছে।

 

গৌৰৱে ফাৰহানা ভাটক পৰাস্ত কৰি এই ৰিয়েলিটি শ্ব’টোত জয়লাভ কৰে। ফাৰহানা আছিল ৰানাৰ্ছ আপ। দ্বিতীয় ৰাণাৰ্ছ আপ হয় প্ৰণিত মোৰে। উল্লেখ্য যে, বিগ বছৰ বিজয়ীক ভোটিঙৰ আধাৰত নিৰ্বাচন কৰা হয়। জনতাই অনলাইনৰ জৰিয়তে প্ৰিয় প্ৰতিযোগী নিৰ্বাচন কৰে। সবাতোকৈ কম ভোট লাভ কৰাসকল বাহিৰ হয় আৰু পাছত এনেকৈ নিৰ্ধাৰণ হয় বিজেতা। এইবাৰ বিগ বছ ১৯ৰ টপ৫ ত আছিল গৌৰৱ খান্না, ফাৰহানা ভাট, তানিয়া মিট্টল, অমাল মালিক আৰু প্ৰণিত মোৰ।

 

অন্য খবৰ পঢ়কঃ প্ৰিয় পুৰুষক হেৰুৱাই কেনে আছে হেমা? থাকি গ’ল কেতিয়াও পূৰ নোহোৱা আশা…