Bhupen Hazarika Birth Centenary: ড° ভূপেন হাজৰিকাৰ গীতত প্ৰেমৰ ৰং, গীততেই লুকাই আছে অসমীয়া জাতিৰ সত্তা
সমাগত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মূল শতবাৰ্ষিকীৰ কাৰ্যসূচী, য’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ সাংগীতিক জগতৰ মাজত নিজৰ প্ৰতিভা বিয়পাইছিল আৰু সোণোৱালী অধ্যায়ৰ আৰম্ভণি কৰিছিল।

ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তেওঁ অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেওঁৰ গীতত সমসাময়িক সমাজ, মানবতাবাদ, প্ৰেম, ৰাজনীতি, দুৰ্নীতি আদি সকলো বিষয় স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। সুধাকণ্ঠৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে।
এটা যুগৰ শ্ৰষ্টা ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এটা সম্ভ্ৰান্ত কৈৱৰ্ত্ত পৰিয়ালত। তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। ড॰ হাজৰিকাই সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল।
ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলে। বিশেষ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে নিজৰ প্ৰতিভাৰ বলতে ১৫০০-তকৈও অধিক গান ৰচনা কৰি শ্ৰোতাৰ বিপুল সঁহাৰি লাভ কৰিছিল। তেওঁৰ সংগীতে বয়স, সময়, স্থান আৰু জাতি-ধৰ্মৰো বাধা চেৰাই এক সৰ্বজনীন জনপ্ৰিয়তা লাভ কৰিছিল। সেয়ে অনেকে তেওঁক “গণশিল্পী”ৰ মৰ্য্যদাও দিছিল।
গীতত প্ৰেমৰ ৰং
সুধাকণ্ঠৰ গানত অসমপ্ৰেম বা জাতীয়প্ৰেম, মানৱতাবাদ, প্ৰেমৰ বিচিত্ৰ বৰ্ণালীৰ চিত্ৰায়ন,জনগোষ্ঠীয় জীৱনৰ প্ৰতিচ্ছবি, শিশুবিষয়ক আৰু পৰিস্ফুট হৈছিল। এনেকৈয়ে ভূপেন হাজৰিকাদেৱে সাংগীতিক জগতৰ মাজত ক্ৰমে নিজৰ প্ৰতিভা বিয়পাইছিল আৰু এটা যুগৰ শ্ৰষ্টাগৰাকীৰ জীৱনৰ সোণোৱালী অধ্যায় আৰম্ভ কৰিছিল।
- বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে… এই গীতেৰে ভূপেন হাজৰিকাই মানৱ সমাজত নৈতিকতাৰ স্খলন, মানৱতাৰ পতন দেখি বুঢ়া-লুইতক সম্বোধন কৰিছে। গীতটিৰ সুৰ পল ৰ’বচনৰ অল্ড মেন এণ্ড ৰিভাৰ শীৰ্ষক গীতটিৰ সুৰৰ পৰা আহৰিত কৰা হৈছে।
- অ’ আমি তেজাল গাঁৱলীয়া, গাঁৱৰে ৰাখিম মান… তাৰ মাজতেই তেওঁৰ ব্যক্তি প্ৰেম আৰু দেশপ্ৰেমৰ প্ৰথমটো বীজ অংকুৰিত হৈছে। অসমৰ গাঁৱৰ সৌন্দৰ্যত মুগ্ধ ড॰ হাজৰিকাই গাঁৱৰ মান ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈ গীতৰ জৰিয়তে প্ৰকাশ কৰিছে
- শংকৰদেৱক লৈয়েই তেওঁ কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুয়ে ধৰিলে নামৰে তান বুলি জীৱনৰ প্ৰথম গীতটি ৰচনা কৰিছিল।
- বুকু হম হম কৰে মোৰ আই… ভূপেন হাজৰিকাই কেৱল অসমখনকে ভালপোৱা নহয়, তেওঁ দেশৰ সকলো গুণী-জ্ঞানী প্ৰতিজন ব্যক্তিক ভাল পাইছিল। শংকৰদেৱৰ মানৱী ধৰ্ম, বীৰ লচিতৰ সাহস, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মুক্তিৰ মহাপ্ৰৱাহ তেওঁৰ গীতত অনুৰণিত হৈ আছে। তেওঁ জন্মভূমিৰ দুখ দেখি দুখি মনেৰে গাইছিল।
- এইখন মৃতকৰ স্থান, প্ৰচণ্ড শীত… দেশক ৰক্ষা কৰা জোৱানৰ মৃত্যুত ড॰ হাজৰিকাৰ অন্তৰে কান্দি উঠিছিল। ‘৬২ চনৰ ভাৰত-চীন মাজত হোৱা যুদ্ধত হোৱা জোৱানৰ মৃত্যুৱে তেওঁৰ অন্তৰত গভীৰ দুখৰ সৃষ্টি কৰিছিল। ব’মডিলালৈ গৈ তেওঁ মৃত সৈনিকক দেখি লিখিছে।
- শ্বিলঙৰে মনালিছা লিংডো শীৰ্ষক গীতত মনালিছা লিংডোৰ মধুৰ সোঁৱৰণিয়ে তেওঁৰ জীৱন ৰঙাই তুলিছিল। গৌৰীপুৰীয়া গাভৰু, ৰাধাপুৰ বাগিচাৰ ৰাধিকা, ৰতনপুৰ বাগিচাৰ লচমী, ৰূপচী নৈৰ পাৰৰ চাওঁতালী গাভৰুৰ ছবি গীতত মনোমোহাকৈ আঁকিছে।
ভূপেন হাজৰিকাৰ গীতৰ ভাববস্তু ভিন্ন, বাৰে ৰহনীয়া। শিশুমনৰ, প্ৰকৃতিচেতনাৰ, মৃত্যুৰ, মানৱতাবাদৰ, বিদ্ৰোহৰ, সমন্বয়ৰ আদি বিবিধ ভাবৰ গীত তেখেতে গাইছিল। তেওঁৰ নাৰীমনৰ প্ৰকাশক যিখিনি গীত – সেই গীতসমূহকো বিবিধ ভাগত ভাগ কৰিব পাৰি, যেনে নাৰী-প্ৰেমিকাৰূপে, দেশমাতৃৰূপে, প্ৰকৃতিৰূপে – নদীৰূপে, বৰদৈচিলাৰূপে, জনজাতীয় ভনীৰূপে আদি নানা ৰূপত নাৰীক কল্পনা, বিবিধ ৰূপৰ নাৰীৰ ছবি গীতত প্ৰষ্ফূটিত হৈছে। ড॰ ভূপেন হাজৰিকাৰ গীতত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নাৰীৰ চিত্ৰণ আছে।