শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জীৱনসংগী বিচাৰি পালে কণ্ঠশিল্পী দীপলিনাই, হৈ গ’ল ক’ৰ্ট মেৰেজ! ভাইৰেল ভিডিঅ’…

দীপলিনা মানেই যেন সামাজিক মাধ্যমত এজাক ধুমুহা। প্ৰায়ে অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীৰ ফটো বা ভিডিঅ' ভাইৰেল হৈ থাকে। কিন্তু এতিয়া হাজাৰ হাজাৰ যুৱকৰ হৃদয় ভাঙি বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু নেকি অভিনেত্ৰীগৰাকী? 

জীৱনসংগী বিচাৰি পালে কণ্ঠশিল্পী দীপলিনাই, হৈ গ’ল ক’ৰ্ট মেৰেজ! ভাইৰেল ভিডিঅ’…
কণ্ঠশিল্পী দীপলিনা ডেকাৰ ভাইৰেল ভিডিঅ'Image Credit source: Deeplina Deka Fb
barasha-misra
Barasha Misra | Updated On: 22 Aug 2025 13:40 PM

অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকা। হাঁহিমুখীয়া দীপলিনা বহু যুৱকৰ হৈ পৰিছে ক্ৰাচ। কিন্তু শেহতীয়া কণ্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমত কৰা এটা পোষ্টে সকলোকে আচৰিত কৰিছে। অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকাৰ এই পোষ্টটোক লৈ চলিছে ব্যাপক চৰ্চা। কিন্তু কি আছে সেই পোষ্টটোত? অনুৰাগীসকলেও অৱতাৰণা কৰিছে কেতবোৰ প্ৰশ্ন…

বৃহস্পতিবাৰে দীপলিনাই সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰিছে। বৃহস্পতিবাৰে দীপলিনাই সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰিছে। সেই ভিডিঅটোত অধিবক্তাৰ সন্মুখত বিবাহৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰাৰ দৰে দেখুওৱা হৈছে। য’ত দুয়ো দুয়োকে মিঠাই খুৱাইছে আৰু বন্ধু-বান্ধৱীৰ সৈতে ফটো উঠিছে। ইয়াৰ পিছতেই অনুৰাগীৰ মনত উদয় হয় বিভিন্ন প্ৰশ্নৰ…সঁচাকৈ যুগ্ম জীৱনৰ পাতনি মেলিলে নেকি দীপলিনাই?

এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছত দীপলিনাৰ ইনষ্টাগ্ৰামত ২ মিলিয়ন দৰ্শকে চোৱাৰ বিপৰীতে ফেচবুকত ১ মিলিয়নতকৈ অধিক লোকে মৰম দিছে। একাংশই এই ভিডিঅ’টো দেখি কোনো গীতৰ প্ৰচাৰৰ মাধ্যম বুলি কৈছে। কিয়নো ইয়াৰ পূৰ্বেও কণ্ঠশিল্পীগৰাকীয়ে ‘ভালপোৱা এটি নাম’ শীৰ্ষক গীতটি প্ৰচাৰৰ সময়তো সেই গীতটোত অভিনয় কৰা অভিনেতা কৌশিক নাথৰ সৈতে হাতত ধৰি এখন ফটো শ্বেয়াৰ কৰিছিল। যিখন ফটো দেখি বহু যুৱকৰ হৃদয় ভাঙিছিল।

Deeplina

এইবাৰো যেন একেই পন্থা অৱলম্বন কৰিছে বুলি একাংশই ক’ব বিচাৰে। কিয়নো দীপলিনাই শ্বেয়াৰ কৰা ভিডিঅ’টোত থকা যুৱকজন হৈছে অভিনেতা পাৰ্থ হাজৰিকা। ‘ভাইমনদা’ ছবিখনত জুবিন গাৰ্গৰ অভিনয় কৰি হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। পাৰ্থ হৈছে বিবাহিত, সেয়ে বহু অনুৰাগীয়ে নিঃসন্দেহে ক’ব বিচাৰে যে এয়া কোনো নতুন গীতৰ শ্বুটিঙৰ দৃশ্যাংশ।