শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হঠাৎ অৰিজিৎ সিঙৰ ডাঙৰ সিদ্ধান্ত, কোনো ছবিত নকৰে কন্ঠদান!

অৰিজিৎ সিঙৰ কঠোৰ সিদ্ধান্ত! অনুৰাগীক আচৰিত কৰি আজি শিল্পীগৰাকীয়ে কৰিলে ডাঙৰ ঘোষণা। নেপথ্য শিল্পী হিচাপে আৰু গান নাগায় জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিঙে। সামাজিক মাধ্যমৰ জৰিয়তে জনালে এই কথা...

হঠাৎ অৰিজিৎ সিঙৰ ডাঙৰ সিদ্ধান্ত, কোনো ছবিত নকৰে কন্ঠদান!
Barasha Misra
Barasha Misra | Updated On: 27 Jan 2026 22:26 PM

বৰ্তমান প্ৰজন্মৰ হৃদস্পন্দন তথা ভাৰতৰ আটাইতকৈ জনপ্ৰিয় গায়ক অৰিজিত সিঙে সংগীতৰ পৰা সঁচাকৈ অৱসৰ ল’লে নেকি? তাৰকা শিল্পীগৰাকীয়ে বছৰৰ আৰম্ভণিতে নিজৰ অনুৰাগীৰ মাজলৈ এনে এক ভয়ানক খবৰ কঢ়িয়াই আনিছিল। শেহতীয়াকৈ তেওঁ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা দীঘলীয়া পোষ্টৰ জৰিয়তে ‘প্লেবেক’ বা চলচ্চিত্ৰত কণ্ঠদানৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ এতিয়াই গীত ৰচনা কৰা বন্ধ কৰা নাই।

অৰিজিতে লিখিছে, “সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। যোৱা কেইবছৰমানৰ পৰা আপোনালোকে মোক এজন শ্ৰোতা হিচাপে দিয়া মৰমৰ বাবে মই কৃতজ্ঞ। আজি মই ঘোষণা কৰি সুখী যে এতিয়াৰ পৰা মই প্লেবেক কণ্ঠশিল্পী হিচাপে কোনো নতুন কাম গ্ৰহণ নকৰো। ইয়াতেই শেষ কৰিছোঁ। এই যাত্ৰা সঁচাকৈয়ে অপূৰ্ব আছিল।”

 

View this post on Instagram

 

A post shared by Arijit Singh (@arijitsingh)

আজি হঠাৎ এই ডাঙৰ সিদ্ধান্ত লয় কণ্ঠশিল্পীগৰাকীয়ে। Playback Singer হিচাপে অৱসৰ ঘোষণা অৰিজিৎ সিঙৰ। অৰ্থাৎ এতিয়াৰ পৰা আৰু কোনো ছবিত কন্ঠদান নকৰে। কোনো চলচ্চিত্ৰত আৰু শুনা নাযাব অৰিজিত্‍ সিঙৰ সুমধুৰ কণ্ঠ। অৱশ্যে নিজাকৈ গীত আৰু অনুষ্ঠান কৰি যাব।

ভগৱানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি অৰিজিতে আৰু কয়, “ভগৱানে মোৰ প্ৰতি অতি দয়া কৰিছে। মই ভাল সংগীতৰ অনুৰাগী। ভৱিষ্যতে এজন সৰু শিল্পী হিচাপে মই আৰু নতুন কাম শিকিবলৈ চেষ্টা কৰিম আৰু ব্যক্তিগতভাৱে কিবা এটা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ সহায়ৰ বাবে পুনৰ ধন্যবাদ। অৱশ্যে পূৰ্বৰ কিছুমান কাম এতিয়াও বাকী আছে, মই সেইবোৰ শেষ কৰিম। গতিকে হয়তো মোৰ আৰু কিছুমান গীত এই বছৰ মুক্তি পাব পাৰে। মই স্পষ্টকৈ ক’ব বিচাৰো যে মই গীত নিৰ্মাণ কৰা বন্ধ কৰা নাই।”

কণ্ঠৰে মন্ত্ৰমুগ্ধ কৰা শিল্পীজনৰ এই সিদ্ধান্তই নেটিজেনক স্তম্ভিত কৰি তুলিছে। একাংশ অনুৰাগীয়ে এই সিদ্ধান্তক ‘বৃহৎ শ্বক’ বুলি অভিহিত কৰিছে।