শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

AR Rahman Birthday: দিলীপ কুমাৰ পৰা এ আৰ ৰহমান…এটা ঘটনাই সলনি কৰিলে জীৱন

সংগীতৰ ক্ষেত্ৰখনত অমলিন চিনাকি অৰ্জন কৰা এ আৰ ৰহমানে আজি ৫৯ সংখ্যক জন্মদিন উদযাপন কৰিছে। এই উপলক্ষে আমি আপোনালোকক জনাবলৈ ওলাইছো যে তেওঁ কিয় ধৰ্ম সলনি কৰিলে। তেওঁ কেনেকৈ হিন্দুৰ পৰা মুছলমানলৈ ধৰ্মান্তৰিত হ’ল জানো আহক।

AR Rahman Birthday: দিলীপ কুমাৰ পৰা এ আৰ ৰহমান…এটা ঘটনাই সলনি কৰিলে জীৱন
এ আৰ ৰহমান
Trishna Kalita
Trishna Kalita | Updated On: 06 Jan 2026 13:40 PM

এ আৰ ৰহমান…ভাৰতীয় সংগীত জগতত এই নামটো অতিকৈ জনপ্ৰিয়। সংগীত শিল্পী হিচাপে এ আৰ ৰহমানে এক উল্লেখযোগ্য আৰু বিশেষ স্থান দখল কৰিছে। তেওঁৰ কণ্ঠৰে মানুহৰ হৃদয়তো জিলিকিবলৈ সক্ষম হৈছে। কৰ্মৰ সমান্তৰালকৈ ব্যক্তিগত জীৱনৰ বাবেও  শিৰোনাম দখল কৰি আহিছে ৰহমানে। তেওঁৰ ধৰ্মৰ বিষয়ে প্ৰায়ে আলোচনা কৰা হয়। মুছলমান ধৰ্মৰ অন্তৰ্গত ৰহমান এসময়ত হিন্দু আছিল। আজি তেওঁৰ জন্মদিনৰ বিশেষ উপলক্ষে জানো আহক ধৰ্মান্তৰকৰণৰ আঁৰৰ কথা।

১৯৬৭ চনৰ ৬ জানুৱাৰীত তামিলনাডুৰ ৰাজধানী চেন্নাইত জন্মগ্ৰহণ কৰিছিল এ আৰ ৰহমানে। আজি ৫৯ বছৰ সম্পূৰ্ণ কৰা ৰহমানৰ জন্ম হৈছিল এটি হিন্দু পৰিয়ালত। তেওঁৰ মূল নাম আছিল দিলীপ কুমাৰ। কিন্তু পিছলৈ তেওঁৰ জীৱনত এনে এক ঘটনা ঘটিল যিয়ে তেওঁৰ বাবে সকলো সলনি কৰি পেলালে। ইয়াৰ পিছত তেওঁ নিজৰ ধৰ্ম সলনি কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে। অস্কাৰ আৰু গ্ৰেমী বঁটা বিজয়ীগৰাকীৰ ধৰ্মান্তৰকৰণৰ সৈতে তেওঁৰ পিতৃৰ সম্পৰ্ক আছে।

এই ঘটনাৰ পিছত ধৰ্মৰ পৰিৱৰ্তন

এ আৰ ৰহমানে এক সাক্ষাৎকাৰৰ সময়ত প্ৰকাশ কৰে যে তেওঁৰ পিতৃয়ে কেন্সাৰৰ সৈতে যুঁজি আছিল আৰু তেওঁৰ অন্তিম দিনত এজন চুফী সন্তই চিকিৎসা কৰিছিল। বছৰ বছৰ পিছত যেতিয়া ৰহমানে সেই চুফী সাধুজনক লগ পাইছিল, তেতিয়া তেওঁ আৰু তেওঁৰ পৰিয়ালে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তাৰ পিছত দিলীপ কুমাৰ আল্লাহ ৰাখা ৰহমান (AR Rahman) হয়। এ আৰ ৰহমান নামটো হিন্দু জ্যোতিষীয়ে দিয়া বুলিও তেওঁ প্ৰকাশ কৰে।

ৰহমানে সংগীত ক্ষেত্ৰখনত প্ৰৱেশ কৰিব বিচৰা নাছিল

এ আৰ ৰহমানে এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে, তেওঁৰ সংগীতৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ কোনো উদ্দেশ্য নাছিল। তাৰ পৰিৱৰ্তে কম্পিউটাৰ অভিযন্তা হ’ব বিচাৰিছিল। অৱশ্যে ভাগ্যই তেনেকুৱাই হোৱাটো বিচৰা নাছিল। ১৯৯২ চনৰ কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা মণি ৰত্নমৰ ছবি “ৰোজা”ৰ গীতেৰে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল এ আৰ ৰহমানে। গীতৰ লগতে ছবিখনে সমাদৰ লাভ কৰিছিল।