গুজৰাটত বিপদত পৰিল বিগ বি, উদ্ধাৰৰ বাবে আৰক্ষীয়ে কৰিবলগা হ’ল সংগ্ৰাম! কি ঘটিল অমিতাভৰ সৈতে?
পৰিস্থিতিয়ে এনে পৰ্যায় পায় যে অভিনেতাগৰাকীক ভিৰৰ মাজৰ পৰা উলিয়াই আনিবলৈ তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু স্থানীয় আৰক্ষীয়ে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে নেটিজেনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।
ইতিমধ্যেই বয়সৰ জোখাৰে ৮০ৰ দেওনা পাৰ কৰিছে বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনৰ। অৱশ্যে তাৰ পিছতে জনপ্ৰিয়তা হ্ৰাস পোৱা নাই বিগ বিৰ। শেহতীয়াকৈ স্পষ্টৰূপত পোৱা গৈছে তেওঁৰ জনপ্ৰিয়তাৰ প্ৰমাণ। শুকুৰবাৰে এক বিশেষ পেছাদাৰী কামত বিগ বি মুম্বাইৰ পৰা গুজৰাটৰ চুৰাটত উপস্থিত হৈছিল। সদায়ে স্ক্ৰীণত দেখিবলৈ পোৱা প্ৰিয় অভিনেতাগৰাকীক এপলক চাবলৈ ভিৰ কৰে অলেখ অনুৰাগীয়ে। পিছে অনুৰাগীৰ মাজত সৃষ্টি হোৱা উন্মাদনাই কিছু সময়ৰ ভিতৰতে এক বিপজ্জনক ৰূপ লয়।
ভিৰৰ হেঁচাত এক প্ৰকাৰ ‘মবিং’ৰ চিকাৰ হ’বলগীয়া হয় বিগ বি। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এক ভিডিঅ’ত দেখা গৈছে এই দৃশ্য। অমিতাভ বচ্চনে এক ভৱনত প্ৰৱেশ কৰাৰ লগে লগে কেইবা শ অনুৰাগীয়ে তেওঁক চাৰিওফালৰ পৰা আৱৰি ধৰে।
পৰিস্থিতিয়ে এনে পৰ্যায় পায় যে অভিনেতাগৰাকীক ভিৰৰ মাজৰ পৰা উলিয়াই আনিবলৈ তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু স্থানীয় আৰক্ষীয়ে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। অনুৰাগীৰ এনে হেঁচা-ঠেলাত অভিনেতাগৰাকীক যথেষ্ট অস্বস্তিত পৰা দেখা যায়। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে নেটিজেনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।
এগৰাকী অনুৰাগীয়ে লিখিছে, “তেওঁৰ বয়স এতিয়া ৮৩ বছৰ, অন্ততঃ এইখিনি সন্মান জনাই তেওঁক অকলে থাকিবলৈ দিয়ক।”আন এগৰাকী ব্যক্তিয়ে ক্ষোভ প্ৰকাশ কৰি কয়, “তেওঁ অভিনেতা হ’লেও এজন মানুহেই! এনেদৰে জপিয়াই পৰাটো লজ্জাজনক।” একাংশ লোকে প্ৰবীণ অভিনেতাগৰাকীক দূৰৰ পৰা ফটো তুলিবলৈ বা তেওঁক পৰ্যাপ্ত ঠাই দিবলৈও আহ্বান জনাইছে।
দৰাচলতে, ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগ (ISPL)-ৰ তৃতীয় সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত যোগ দিবলৈ চুৰাটত উপস্থিত হৈছিল অমিতাভ বচ্চন। তেওঁ এই লীগৰ ফ্ৰেন্সাইজি ‘মাঝি মুম্বাই’ৰ সহ-স্বত্বাধিকাৰী। শুকুৰবাৰৰ পৰা লালভাই কণ্ট্ৰেক্টৰ ষ্টেডিয়ামত এই টেনিছ বল টি-১০ ক্ৰিকেট প্ৰতিযোগিতাৰ আৰম্ভণি হৈছে।
উদ্বোধনী মেচখনত মুখামুখি হৈছিল ডিফেণ্ডিং চেম্পিয়ন মাঝি মুম্বাই আৰু শ্ৰীনগৰ কে বীৰ। নিজ দলক উৎসাহিত কৰিবলৈ অমিতাভ বচ্চন চুৰাটত উপস্থিত হৈছিল। পিছে অনুৰাগীৰ অনিয়ন্ত্ৰিত আচৰণে তেওঁক অস্বস্তিত পেলায়। এই ঘটনা এতিয়া সকলোৰে মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।