শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অব্যাহত পুষ্পা ২ৰ সাফল্যৰ গতিঃ মাত্ৰ ৮ দিনত পুষ্পা ২এ অৰ্জিলে এইসমূহ কৃতিত্ব…

পুষ্পা ২এ বক্স অফিচত সাফল্যৰ গতি অব্যাহত ৰাখিছে। সমগ্ৰ দেশজুৰি ছবিখনে লাভ কৰিছে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। কেৱল দেশতে নহয়, বিশ্বজুৰি দেখা গৈছে পুষ্পা ২ৰ জনপ্ৰিয়তা। সুকুমাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। মুক্তিৰ এই ৮ দিনত পুষ্পা ২এ বহু অভিলেখ ভংগ কৰি গঢ়িছে নতুন নতুন অভিলেখ।

অব্যাহত পুষ্পা ২ৰ সাফল্যৰ গতিঃ মাত্ৰ ৮ দিনত পুষ্পা ২এ অৰ্জিলে এইসমূহ কৃতিত্ব…
পুষ্পা ২ৰ অভিলেখ
Monjit Dutta
Monjit Dutta | Updated On: 14 Dec 2024 09:16 AM

আইনী ৰোষত পৰি আজি গ্ৰেপ্তাৰৰ সন্মুখীন হৈছে দক্ষিণৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুন। হায়দৰাবাদত সংঘটিত হোৱা এক ঘটনাৰ বাবে অভিনেতাগৰাকীক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে আৰু ইয়াৰ পিছতে নিম্ন আদালতে অভিনেতাজনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। প্ৰিয় অভিনেতাগৰাকী একপ্ৰকাৰে এনে এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবেই স্বাভাৱিকতেই ক্ষোভিত হৈছে তেওঁৰ অনুৰাগীসকল। সামাজিক মাধ্যমত সেয়ে দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰতিক্ৰিয়া।

অভিনেতাগৰাকী এনে সমস্যাত পৰিলেও পিছে তেওঁৰ ছবি পুষ্পা ২এ বক্স অফিচত সাফল্যৰ গতি অব্যাহত ৰাখিছে। সমগ্ৰ দেশজুৰি ছবিখনে লাভ কৰিছে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। কেৱল দেশতে নহয়, বিশ্বজুৰি দেখা গৈছে পুষ্পা ২ৰ জনপ্ৰিয়তা। সুকুমাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। অৰ্থাৎ আজি পুষ্পা ২ ছবিগৃহলৈ অহাৰ অষ্টমটো দিন হ’ল।

এই ৮ দিনত পুষ্পা ২এ বহু অভিলেখ ভংগ কৰি গঢ়িছে নতুন নতুন অভিলেখ। পুষ্পা ২ৰ এনে কিছু অভিলেখ চাওঁ আহক-

মুক্তিৰ দিনটোত সৰ্বাধিক উপাৰ্জনঃ ‘পুষ্পা ২’ ছবিখনে ছবিগৃ্হত মুক্তি পোৱাৰ পিছতে অভিলেখৰ পৃষ্ঠাত নাম সংযোজিত কৰিবলৈ আৰম্ভ কৰে। মুক্তিৰ দিনটোত ছবিখনে বিশ্বজুৰি ২৯৪ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ লগে লগে প্ৰথম দিনাই সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি হিচাপে পৰিগণিত হয় পুষ্পা ২।

দ্ৰুততম ৫০০ কোটি উপাৰ্জনঃ মাত্ৰ দুদিনতে এই ছবিখনে বিশ্বজুৰি ৪৪৯ কোটি টকা সংগ্ৰহ কৰে আৰু তৃতীয় দিনা এই ছবিখনে ৫০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰে। ইয়াৰ লগে লগে ‘পুষ্পা ২’ এই ক্লাবত প্ৰৱেশ কৰা দ্ৰুততম ছবি হিচাপে পৰিগণিত হয়।

বলীউডৰ বহু ছবিক অতিক্ৰমঃ উপাৰ্জনৰ ক্ষেত্ৰত পুষ্পা ২এ ‘ষ্ট্ৰী ২’, ‘এনিমেল’ৰ দৰে বলীউডৰ বহু ছবিক অতিক্ৰম কৰিছে। ষ্ট্ৰী ২এ বিশ্বজুৰি ৮৫৭ কোটি টকা উপাৰ্জন কৰিছিল আৰু এনিমেলে ৯১৫ কোটি টকা উপাৰ্জন কৰিছিল। কিন্তু মাত্ৰ ৬ দিনতে ১০০০ কোটিতকৈ অধিক উপাৰ্জন কৰি এই ছবিকেইখনক পিছ পেলায় পুষ্পা ২এ।

দ্ৰুততম ১০০০ কোটি টকাঃ মাত্ৰ ৬ দিনতে ‘পুষ্পা ২’ৰ উপাৰ্জনে ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে। এতিয়ালৈকে কোনো ভাৰতীয় ছবিয়ে উপাৰ্জনৰ ক্ষেত্ৰত ইমান দ্ৰুতভাৱে এই সংখ্যা স্পৰ্শ কৰিব পৰা নাছিল। ইয়াৰ লগে লগে পুষ্পা ২এ হাজাৰ কোটিৰ ক্লাবত যোগদান কৰা আটাইতকৈ দ্ৰুততম ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়।

চলিত বৰ্ষৰ সফলতম ছবিঃ এই ছবিখনে ৮ দিনত ১১০০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিলে। ইয়াৰ লগে লগে চলিত বৰ্ষত এতিয়ালৈকে সফলতম ছবি হিচাপে পৰিগণিত হৈছে। দক্ষিণৰ পৰা বলীউডলৈকে এই বৰ্ষত মুক্তি লাভ কৰা কোনো এখন ছবিয়েই ১১০০ কোটি টকা উপাৰ্জন কৰিব পৰা নাছিল। পুষ্পা ২এ এই সংখ্যা অতিক্ৰম কৰি ২০২৪ চনৰ আটাইতকৈ সফল ছবি হিচাপে পৰিগণিত হয়। ২০২৪ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জন কৰা ছবিখন হৈছে Kalki ‘2898 AD’, ছবিখনে ১০৫২.৫ কোটি টকা উপাৰ্জন কৰিছিল।