শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সংলাপতে নহয়, বক্স অফিচতো ‘ৱাইল্ড ফায়াৰ’ গতি পুষ্পা ২ৰঃ দুদিনতে উপাৰ্জন কৰিলে ইমান ধন..

ছবিগৃ্হত মুক্তিৰ পিছতে বক্স অফিচত খলকনি তুলিছে পুষ্পা ২এ। বক্স অফিচত খেলিছে উপাৰ্জনৰ অভিলেখ ভঙা-পতাৰ খেল। পুষ্পা ২এ যে সফলতা লাভ কৰিব, সেয়া হয়তো সকলোৱেই পূৰ্বানুমান কৰিছিল। আৰু প্ৰত্যাশিতভাৱেই মুক্তিৰ লগে লগে ছবিখনে চিনেমাগৃহত আলোড়নৰ সৃষ্টি কৰিছে।

সংলাপতে নহয়, বক্স অফিচতো ‘ৱাইল্ড ফায়াৰ’ গতি পুষ্পা ২ৰঃ দুদিনতে উপাৰ্জন কৰিলে ইমান ধন..
বক্স অফিচত খলকনি পুষ্পা ২ৰ
monjit-dutta
Monjit Dutta | Published: 07 Dec 2024 13:22 PM

‘ফায়াৰ নহী, ৱাইল্ড ফায়াৰ‘- সম্প্ৰতি ছবিগৃ্হত চলি থকা বহু প্ৰত্যাশিত ছবি পুষ্পা ২ৰ এক সংলাপ এয়া। ছবিখন মুক্তি পোৱাৰ পূৰ্বেই ট্ৰেইলাৰ থকা এই সংলাপে সকলোকে আকৰ্ষিত কৰিছিল। ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ অনুৰাগীৰ মুখে মুখে প্ৰচলিত হৈছিল এই সংলাপ। আৰু যোৱা ৫ ডিচেম্বৰত ছবিগৃ্হত পুষ্পা ২ৰ মুক্তিৰ পিছত এই সংলাপে পূৰ্বতকৈয়ো স্বাভাৱিকতেই অধিক জনপ্ৰিয়তা লাভ কৰিছে। পিছে এয়া চিনেমাখনৰ এটি সামান্য সংলাপ বুলি আপুনি ভুল নকৰিব।

বাস্তৱিকতেই পুষ্পা ২ হৈ পৰিছে ৱাইল্ড ফায়াৰ। এই ৱাইল্ড ফায়াৰ গতিৰেই আগবাঢ়ি এতিয়া বক্স অফিচত খলকনি তুলিছে পুষ্পা ২এ। বক্স অফিচত খেলিছে উপাৰ্জনৰ অভিলেখ ভঙা-পতাৰ খেল। পুষ্পা ২এ যে সফলতা লাভ কৰিব, সেয়া হয়তো সকলোৱেই পূৰ্বানুমান কৰিছিল। সেয়ে ছবিখনৰ বাবে বহুদিন পূৰ্বৰে পৰা দেখিবলৈ পোৱা গৈছিল উন্মাদনা তথা উৎকণ্ঠা। আৰু প্ৰত্যাশিতভাৱেই মুক্তিৰ লগে লগে ছবিখনে চিনেমাগৃহত আলোড়নৰ সৃষ্টি কৰিছে।

ভাৰতীয় ছবি জগতৰ ইতিহাসত নতুন অভিলেখৰ সৈতে নাম সংযোজিত হৈছে পুষ্পা ২ৰ। আল্লু অৰ্জুম আৰু ৰশ্মিকা মান্ধানা অভিনীত এই ছবিখন মুক্তি লাভ কৰাৰ মাত্ৰ ২ দিন পাৰ হৈ গৈছে আৰু মাত্ৰ এই দুটা দিনতে ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়ি তুলিছে। কেৱল ভাৰততে নহয়, বিদেশতো পুষ্পা ২এ লাভ কৰিছে অপাৰ জনপ্ৰিয়তা। ইয়াৰ ফলাফল দেখা গৈছে পুষ্পা ২ৰ উপাৰ্জনত।

প্ৰকাশিত তথ্য অনুসৰি এই দুটা দিনতে পুষ্পা ২এ ৪০০ কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছে। যদি বক্স অফিচত ছবিখনৰ এই গতি অব্যাহত থাকে, তেন্তে বাহুবলী, RRRৰ দৰে চিনামাৰ অভিলেখ যে ভংগ কৰিব সেয়া নিশ্চিত। উল্লেখ্য যে পুষ্পা ২এ মুক্তিৰ প্ৰথম দিনাই বিশ্বজুৰি ২৭৫.২০ কোটি টকা সংগ্ৰহ কৰি ইতিহাস ৰচনা কৰিছিল। বক্স অফিচত ছবিখনৰ এই দুৰ্বাৰ গতি দ্বিতীয় দিনাও অব্যাহত থাকে।

দুদিনত এই ছবিখনৰ বিশ্বব্যাপী সংগ্ৰহই ৪০০ কোটি টকা অতিক্ৰম কৰিছে। ভাৰতত এই দুদিনত পুষ্পা ২এ ২৬৫.৫০ কোটি টকা উপাৰ্জন কৰিছে বুলি জানিব পৰা গৈছে। ছবিখনে ভাৰতত প্ৰথম দিনাই ১৬৪.২০ কোটি টকা সংগ্ৰহ কৰিছিল। আনহাতে দ্বিতীয় দিনা দেশত ছবিখনে ৯০ কোটি টকা উপাৰ্জন কৰিছে। প্ৰথম দিনৰ তুলনাত ভাৰতত দ্বিতীয় দিনৰ সংগ্ৰহ হ্ৰাস পাইছে যদিও এই ধাৰা পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

পুষ্পা ২ দেশৰ ভিতৰতে একাধিক ভাষাত মুক্তি পাইছে আৰু প্ৰত্যেকটো ভাষাতে ছবিখনে আশানুৰূপ উপাৰ্জন কৰিছে। দ্বিতীয় দিনা বক্স অফিচ সফলতাৰ ক্ষেত্ৰত তেলেগু ভাষাত ছবিখনে সামগ্ৰিকভাৱে ৫৩% দখল কৰিছিল। আনহাতে হিন্দীত ৫১.৬৫%, তামিলত ৩৮.৫২%, কানাড়াত ৩৫.৯৭%, মালয়ালমত ২৭.৩০% দখল দেখা গৈছে। আনহাতে, হিন্দীত (ICE) দ্বিতীয় দিনত চিনেমাগৃহত ৪৯.৫০% আৰু 3Dত ১০০% সফলতাৰ হাৰ দেখা গৈছে।

Latest News