শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঐশ্বৰ্য ৰায়ৰ প্ৰথম দৰমহা কিমান আছিল জানেনে? শুনি হ’ব আচৰিত…

৯০ দশকতে বলীউডত ভৰি থোৱা ঐশ্বৰ্য ৰায়ৰ জনপ্ৰিয়তা এতিয়াও কম হোৱা নাই। জনপ্ৰিয়তাৰ লগতে বিশাল সম্পত্তিৰগৰাকী তেওঁ। পিছে আজিৰ এই পৰ্যায় পোৱা ইমান সহজ নাছিল।

ঐশ্বৰ্য ৰায়ৰ প্ৰথম দৰমহা কিমান আছিল জানেনে? শুনি হ’ব আচৰিত…
ঐশ্বৰ্য ৰায়Image Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Published: 01 Sep 2025 13:24 PM

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন। অভিনয়ৰ পৰা সৌন্দৰ্যলৈ, সকলো দিশে যেন দৰ্শকৰ মন মুহিব পাৰে অভিনেত্ৰীগৰাকীয়ে। নিজৰ কেৰিয়াৰৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনলৈ, প্ৰায় বিভিন্ন দিশত চৰ্চাত থাকে অভিনেত্ৰীগৰাকী। ৯০ দশকত বলীউডত প্ৰৱেশ কৰা ঐশ্বৰ্যৰ জনপ্ৰিয়তা এতিয়াও যেন কম হোৱা নাই। আজিও তেওঁৰ আছে লাখ লাখ অনুৰাগী। ইমানেই নহয়, তেওঁ এতিয়া কোটি কোটি টকা সম্পত্তিৰগৰাকী। কিন্তু এই পৰ্যায় পোৱা ইমান সহজ নাছিল।

আপুনি জানেনে, কেৰিয়াৰৰ আৰম্ভণিত ঐশ্বৰ্য ৰায়ে মাত্ৰ ১৫০০ টকাৰ বাবে কাম কৰিব লগা হৈছিল। আচৰিত লাগিলেও সত্য এই কথা। ১৯৯৪ চনত ঐশ্বৰ্যই মিছ ৱৰ্ল্ড খিতাপ দখল কৰিছিল। কিন্তু এই সফলতা অতি সহজ নাছিল। কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ অন্তত আছিল এই প্ৰাপ্তি।

যি সময়ত অভিনেত্ৰীগৰাকীয়ে সংগ্ৰাম কৰি আছিল সেই সময়ত তেওঁ লাভ কৰিছিল মডেলিঙৰ এক চুক্তি। তেওঁ কাপোৰৰ দোকান এখনৰ বাবে মডেলিং কৰিছিল। সেই সময়ত তেওঁৰ লগত আছিল তেজস্বিনী কোহলাপুৰ, সোণালী বেন্দ্ৰেৰ দৰে অভিনেত্ৰীও। অৱশ্যে সেই সময়ত তেওঁলোকৰ বলীউডত বিশেষ কোনো নাম নাছিল। সেই কামৰ বাবে ঐশ্বৰ্য ৰায়ে লাভ কৰিছিল মাত্ৰ ১৫০০ টকা। সেই সময়ত কৰা মডেলিঙৰ ফটোবোৰ এতিয়াও ইন্টাৰনেটত উপলব্ধ। অৱশ্যে তেতিয়াৰ ঐশ্বৰ্য আৰু এতিয়াৰ ঐশ্বৰ্যৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য।

এনেকৈ বহু বছৰ পাৰ হৈ গ’ল। নিজৰ দক্ষতাৰে বলীউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ঐশ্বৰ্য ৰায়। বিগত এবছৰ ধৰি ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰি চলি আহিছে। একাংশই দাবী কৰিছিল যে ঐশ্বৰ্য আৰু অভিষেকে পৃথকে পৃথকে বাস কৰে। আনকি অভিষেকৰ অন্য এগৰাকী অভিনেত্ৰীৰ সৈতে নাম সাঙোৰ খাইছিল। কিন্তু এই ক্ষেত্ৰত দুয়ো কেতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাছিল।

অভিনেত্ৰী ঐশ্বৰ্য স্মাৰ্ট বুলি সকলোৱে জানে। গতিকে অন্যবাৰৰ দৰে এইবাৰো যেন সকলো উৰাবাতৰিৰ উত্তৰ অভিনেত্ৰীগৰাকীয়ে নিজৰ ধৰণে দিছিল। কান মহোৎসৱত অভিনেত্ৰীগৰাকীয়ে সেন্দূৰ পিন্ধি একাংশই কৰা প্ৰশ্নৰ উত্তৰ দিছিল। ইয়াৰ বিপৰীতে একাংশই কৈছিল যে অপাৰেশ্যন সেন্দূৰৰ সৈতে জড়িত কৰি অভিনেত্ৰীগৰাকীয়ে শিৰত সেন্দূৰ পিন্ধিছিল।

ইয়াৰোপৰি কিছুদিন পূৰ্বে এয়াৰপোৰ্টত অভিষেক আৰু কন্যা আৰাধ্য়ৰ লগত দেখা গৈছিল অভিনেত্ৰীগৰাকীয়ে। যিয়ে তেওঁলোকৰ সম্পৰ্কৰ স্থিতি যেন প্ৰকাশ কৰিছে।  এনেকৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে চলি থকা ট্ৰ’লৰ উত্তৰ দিছিল। নিজৰ কষ্ট, সাহসী স্থিতিৰ বাবে আজি ঐশ্বৰ্যই লাভ কৰিছে ইমান জনপ্ৰিয়তা।

 

অন্য খবৰ পঢ়কঃ মই সহ্য কৰিব পৰা নাছিলো, বমি আহি গৈছিল…কি হৈছিল ৰবীনা টেণ্ডনৰ লগত?