শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ধন উপাৰ্জনৰ বাবে নিজ ঘৰতে প্ৰতিদিনে অসহ্য অত্যাচাৰ! জনপ্ৰিয় অভিনেত্ৰীৰ ভাষ্যই ঘটাইছে বিস্ফোৰণ

এগৰাকী অভিনেত্ৰীৰ নিজ জীৱনৰ অতীত সোঁৱৰণ। নিজ মাতৃয়ে কৰা অত্যাচাৰ কিদৰে প্ৰতিদিনে সহ্য কৰিবলগীয়া হৈছিল, সেই কথা ভাবিলে এতিয়াও স্তম্ভিত হৈ পৰে অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ সেই ভয়ানক দিনবোৰ সোঁৱৰণ কৰে।

ধন উপাৰ্জনৰ বাবে নিজ ঘৰতে প্ৰতিদিনে অসহ্য অত্যাচাৰ! জনপ্ৰিয় অভিনেত্ৰীৰ ভাষ্যই ঘটাইছে বিস্ফোৰণ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 30 Nov 2025 12:42 PM

“এতিয়াও মনত পৰিলে নিশা টোপনি নোহোৱা হয়। শৰীৰ কঁপি উঠে; ঘামি উঠে দেহ। মূৰ আচন্দ্ৰাই ধৰে। কঁপি উঠে হাত-ভৰি, মোৰ ডিঙি শুকাই যায়। চিঞৰি কান্দিবলৈ মন যায়। উশাহ ল’বলৈ মই মোৰ ঘৰৰ বেলকনিলৈ দৌৰি যাওঁ। লাহে লাহে নিজকে শক্তিশালী কৰি লওঁ। আৰু নিজকে নিজে কওঁ, এতিয়া সকলো পাহৰি যোৱা। অন্ধকাৰ দিনবোৰ এতিয়া নোহোৱা হৈছে।”- আপুনি হয়তো ভাবিছে এয়া কোনো কোনো গল্প-উপন্যাস বা চিনেমাৰ কোনো চৰিত্ৰৰ মুখৰ আবেগিক সংলাপ!

পিছে নহয়, আপুনি ভবাৰ দৰে এয়া কোনো কাল্পনিক চৰিত্ৰৰ মুখৰ সংলাপ নহয়। এয়া এগৰাকী অভিনেত্ৰীৰ নিজ জীৱনৰ অতীত সোঁৱৰণ। মুম্বাই টেলি ইণ্ডাষ্ট্ৰীৰ জনপ্ৰিয় অভিনেত্ৰী জয়া ভট্টাচাৰ্যৰ বাবে শৈশৱ তথা কৈশোৰৰ স্মৃতি এতিয়াও অক্ষত অৱস্থাত আছে। নিজ মাতৃয়ে কৰা অত্যাচাৰ কিদৰে প্ৰতিদিনে সহ্য কৰিবলগীয়া হৈছিল, সেই কথা ভাবিলে এতিয়াও স্তম্ভিত হৈ পৰে অভিনেত্ৰীগৰাকী।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত জয়া ভট্টাচাৰ্যই সেই ভয়ানক দিনবোৰ সোঁৱৰণ কৰে। ধন উপাৰ্জনৰ বাবে নিজ মাতৃয়ে কৰা অত্যাচাৰ সুঁৱৰি আজিও চকুলো টুকে জয়াই। জয়া ভট্টাচাৰ্য। বংগৰ কন্যা জয়া সৰুৰে পৰা ডাঙৰ-দীঘল হৈছে মায়ানগৰী মুম্বাইত। টেলিভিছনৰ পৰ্দাৰ পৰাই অভিনয় জীৱন আৰম্ভ কৰিছিল তেওঁ।

একতা কাপুৰৰ ধাৰাবাহিক ‘কিউকি ছাছ ভি কবি বহু থি’ত পায়ালৰ চৰিত্ৰত অভিনয় কৰি অভিনেত্ৰীগৰাকীয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ পিছত ধাৰাবাহিক ‘কছম ছে’, ‘ঝাঞ্চি কী ৰাণী’য়ে তেওঁক অধিক সংখ্যক দৰ্শকৰ মাজলৈ লৈ যায়। অৱশ্যে কেৱল ধাৰাবাহিকতে নহয়, সঞ্জয় লীলা ভাঞ্চালীৰ দেৱদাস ছবিত শ্বাহৰুখ খানৰ মাতৃৰ চৰিত্ৰত আৰু লজ্জা ছবিত দৰ্শনীয় অভিনয়েৰে দৰ্শকক মুগ্ধ কৰে জয়াই।

অৱশ্যে সৰু পৰ্দাত জয়া হৈ পৰিছিল অধিক জনপ্ৰিয়। কিন্তু জয়াৰ শৈশৱ আছিল অত্যন্ত কঠিনতাৰে ভৰা। প্ৰতিদিনে তেওঁ পৰিয়াল বিশেষকৈ মাতৃৰ অত্যাচাৰ সহিবলগীয়া হৈছিল। জয়াই কেতিয়াও অভিনয় জগতত প্ৰৱেশ কৰিব বিচৰা নাছিল। কিন্তু তেওঁৰ মাতৃয়ে জোৰকৈ জয়াক মনোৰঞ্জনৰ জগতখনলৈ ঠেলি দিয়ে।

এই সাক্ষাৎকাৰত জয়াই কয়, “মোৰ মাই নিজৰ সপোন পূৰণ কৰিব নোৱাৰিলে। সেয়ে মোৰ ওপৰত জোৰ-জবৰদস্তি কৰিলে। আগতে চকুৰ সন্মুখত মা-দেউতাৰ কাজিয়া হোৱা দেখিছিলো। নিজৰ চখ আৰু আনন্দ পূৰণৰ বাবে তেওঁ মোক অতি কম বয়সৰ পৰাই মনোৰঞ্জনৰ জগতখনৰ ফালে ঠেলি দিছিল। প্ৰথমতে মই কান্দিছিলো, জোৰ দিছিলো। ষ্টুডিঅ’ৰ পৰিৱেশটোলৈ যোৱাৰ মন হোৱা নাছিল। মই প্ৰতিদিনে মাথো কান্দিছিলো।”

জয়াই লগতে কয়, “দেউতা আছিল একমাত্ৰ আশ্ৰয়। দেউতাই মোক বহুত বুজাইছিল। মাৰ এনে আচৰণৰ বিৰুদ্ধে দেউতায়ো প্ৰতিবাদ কৰিব নোৱাৰিলে। কিয়নো দেউতাই কিবা ক’লে অশান্তি বাঢ়িহে যাব।” এই সকলোবোৰ বাধা অতিক্ৰম কৰি জয়াই অভিনয় জীৱনত সফলতা লাভ কৰে। বলীউডতো গঢ়ি তোলে এক পৰিচয়। তথাপি শৈশৱৰ কথা মনত পৰিলে এতিয়াও ভয়ত কঁপি উঠে অভিনেত্ৰীগৰাকী।