শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নন্দিনী Out দেৱাশ্ৰী In, নন্দিনী কাশ্যপৰ স্থানত ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ অভিনেত্ৰী দেৱাশ্ৰী দাস

গুৱাহাটীৰ হিট এণ্ড ৰাণ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছতে অভিনেত্ৰী নন্দিনী কাশ্যপৰ সৈতে চুক্তি বাতিল কৰে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই। অভিনেত্ৰীগৰাকীয়ে গাড়ীৰে খুন্দিয়াই এজন যুৱকৰ প্ৰাণ লোৱা ঘটনাৰ পিছতে চৌদিশে চলিছিল চৰ্চা। প্ৰশ্ন উত্থাপন হৈছিল নন্দিনীৰ ঠাইত কোনে কৰিব অভিনয়...

নন্দিনী Out দেৱাশ্ৰী In, নন্দিনী কাশ্যপৰ স্থানত ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ অভিনেত্ৰী দেৱাশ্ৰী দাস
নন্দিনী কাশ্যপৰ স্থানত ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ দেৱাশ্ৰীImage Credit source: Social Media
barasha-misra
Barasha Misra | Published: 01 Aug 2025 09:39 AM

ৰাজধানী থিয়েটাৰৰ মঞ্চত নন্দিনী কাশ্যপৰ পৰিৱৰ্তে দেখিব আন এগৰাকী অভিনেত্ৰীক। এতিয়া থিয়েটাৰ কতৃপক্ষই নন্দিনীৰ স্থানত নতুনকৈ চুক্তিবদ্ধ কৰিছে অভিনেত্ৰী দেৱাশ্ৰী দাসক। ৰাজধানী থিয়েটাৰৰ সৈতে এবছৰৰ চুক্তি আছিল নন্দিনীৰ। কিন্তু সেয়া সম্পূৰ্ণ নহ’ল।

গুৱাহাটীৰ হিট এণ্ড ৰাণ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছতে অভিনেত্ৰী নন্দিনী কাশ্যপৰ সৈতে চুক্তি বাতিল কৰে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই। অভিনেত্ৰীগৰাকীয়ে গাড়ীৰে খুন্দিয়াই এজন যুৱকৰ প্ৰাণ লোৱা ঘটনাৰ পিছতে চৌদিশে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এই ঘটনাৰ পিছতে সকলোৱে চৰ্চা কৰিছিল, এতিয়া ৰাজধানী থিয়েটাৰৰ মঞ্চত কোন অভিনেত্ৰীক দেখা যাব? সেয়ে থিয়েটাৰ কৰ্তৃপক্ষই শীঘ্ৰে দেৱাশ্ৰী দাসৰ সৈতে চুক্তিবদ্ধ হয়।

ইয়াৰ পূৰ্বে দেৱাশ্ৰীয়ে বহুকেইখন অসমীয়া ধাৰাবিহিকৰ লগতে বৃন্দাবন থিয়েটাৰ, হেঙুল থিয়েটাৰটো অভিনয় কৰিছে। এইবাৰ ৰাজধানী থিয়েটাৰত সুদৰ্শন অভিনেতা ৰাগ ঐনিতমৰ নায়িকা হ’ব দেৱাশ্ৰী দাস। নিজৰ সৌন্দৰ্য আৰু অভিনয়ৰ বাবে সকলোৰে মাজত কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছে দেৱাশ্ৰী।

উল্লেখ্য যে, ২১ বছৰীয়া নলবাৰীৰ ৰামপুৰ, মুগদিৰ যুৱকজনক খুন্দিয়াই পলায়ন কৰিছিল নন্দিনী। অৱশেষত জীৱন- মৃত্যুৰে যুঁজি ৩০ জুলাইত নিয়তিৰ ওচৰত হাৰ মানে ছামিউল হক। নন্দিনী কাশ্যপে নিজৰ তীব্ৰ বেগী বলেৰ’ বাহনেৰে খুন্দিয়াই গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত কৰিছিল ২১ বছৰীয়া পলিটেকনিকৰ ছাত্ৰজনক। এই ঘটনাৰ পিছতে সামাজিক মাধ্যমত শোকপ্ৰকাশ কৰিছে সাংস্কৃতিক জগতৰ বহুকেইজন ব্যক্তিৰ লগতে সাধাৰণ ৰাইজে।