শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিদেশৰ ভূমিত কি চলিছিল গোবিন্দা-ৰাণীৰ মাজত! সংসাৰেও গতি লৈছিল ভাঙোনৰ দিশে…

বলীউডৰ বহু মুখৰোচক খবৰৰ মাজৰ এক খবৰ হৈয়েই চৰ্চালৈ আহিছিল ৰাণী মুখাৰ্জী আৰু গোবিন্দাৰ মাজৰ সম্পৰ্ক। ৯০ৰ দশকৰ কথা। সেই সময়ত গোবিন্দাৰ কেৰিয়াৰৰ গতি প্ৰায় শীৰ্ষস্থানত। আনহাতে এই ৰঙীন জগতত তেতিয়া মাত্ৰ খোজহে দিছে ৰাণীয়ে। তেওঁলোকৰ এই সম্পৰ্কৰ আঁৰৰ সকলো গুজৱ আৰম্ভ হৈছিল বিদেশৰ কিছু সময়ক কেন্দ্ৰ কৰি।

বিদেশৰ ভূমিত কি চলিছিল গোবিন্দা-ৰাণীৰ মাজত! সংসাৰেও গতি লৈছিল ভাঙোনৰ দিশে…
গোবিন্দা আৰু ৰাণী মুখাৰ্জী
monjit-dutta
Monjit Dutta | Published: 02 Jun 2025 23:23 PM

বলীউডৰ একালৰ অতি পৰিচিত মুখ গোবিন্দা। এক কথাত দীৰ্ঘসময় ধৰি তেওঁৰ নামৰ সৈতে সংপৃক্ত হৈ পৰিছিল চুপাৰষ্টাৰৰ উপমা। নিজৰ কেৰিয়াৰৰ আৰম্ভণিৰে পৰা দৰ্শকক এখনৰ পিছত এখনকৈ হিট ছবি উপহাৰ দিছিল গোবিন্দাই। বক্স অফিচত এই খ্যাতিৰ সমান্তৰালকৈ বহু কেইগৰাকী অভিনেত্ৰীৰ সৈতেও লাহে লাহে তেওঁৰ নাম সাঙোৰ খাবলৈ ধৰে। সেই সময়ত গোবিন্দা মানেই অৰ্থ বলীউড বক্স অফিচত হিট ছবি। সেই একেদৰেই বলীউড মানেই যেন এক ৰঙীন আলোচনাৰ মঞ্চ। প্ৰায়েই পোহৰলৈ আহে এই ৰঙীন মঞ্চৰ মুখৰোচক খবৰ।

বলীউডৰ এই মুখৰোচক খবৰৰ মাজৰ এক খবৰ হৈয়েই চৰ্চালৈ আহিছিল ৰাণী মুখাৰ্জী আৰু গোবিন্দাৰ মাজৰ সম্পৰ্ক। ৯০ৰ দশকৰ কথা। সেই সময়ত গোবিন্দাৰ কেৰিয়াৰৰ গতি প্ৰায় শীৰ্ষস্থানত। আনহাতে এই ৰঙীন জগতত তেতিয়া মাত্ৰ খোজহে দিছে ৰাণীয়ে। লাহে লাহে বলীউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছিল নায়িকাগৰাকীয়ে। সেই সময়তে ৰাণীয়ে গোবিন্দাৰ সৈতে অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল।

তেওঁলোকৰ যুটিক আদৰি লৈছিল দৰ্শকেও। দুয়ো যুটি বন্ধা ইখনৰ পিছত সিখন ছবি হিট হ’বলৈ ধৰিলে। তেনে সময়তে দুয়োৰে যুটি পুনৰ সংযোগ হৈছিল ‘হাদ কৰ দি আপনে’ ছবিত। এই ছবিখনৰ শ্বুটিংৰ বাবে বহুদিন বিদেশত থাকিবলগীয়া হৈছিল গোবিন্দা আৰু ৰাণী। বিদেশত শ্বুটিং কৰি থাকোঁতেই দুয়ো দুয়োৰে যথেষ্ট কাষ চাপি আহিল। প্ৰত্যক্ষদৰ্শীৰ মতে, যেতিয়াই সময় পায়, দুয়ো নিজৰ নিজৰ ধৰণে সময় কটাবলৈ আৰম্ভ কৰে।

সেই সময়ত উপহাৰ হিচাপে ৰাণীৰ হাতলৈ আহিছিল দামী গাড়ী, ফ্লেট আৰু বহুতো। ঠিক সেই মুহূৰ্ততে এজন সাংবাদিক ৰাণীৰ সাক্ষাৎকাৰ ল’বলৈ এখন হোটেললৈ গ’ল। তাতে দেখিবলৈ পোৱা গ’ল এক বহুচৰ্চিত দৃশ্য। বলীউডত এই দৃশ্যটিক লৈ এনেদৰেই চলি আহিছে সৰস আলোচনা। এই বিষয়টোক লৈ অৱশ্যে ৰাণী মুখাৰ্জী আৰম্ভণিৰে পৰা বৰ বেছি চিন্তিত নাছিল। তেওঁ বিশেষ গুৰুত্বও দিয়া নাছিল বিষয়টোত।

সঁচাকৈয়ে ‘হাদ কৰ দি আপনে’ ছবিখনৰ সময়ত দুয়োৰে মাজত যথেষ্ট ঘনিষ্ঠতা বাঢ়িছিল। সেই সময়ত গোবিন্দাৰ বিয়া হৈছিল। ফলত তেওঁৰ সংসাৰত এই বিষয়টোক লৈ অশান্তিয়ে গা কৰি উঠিছিল। গোবিন্দাই নিজেই এবাৰ এইধৰণৰ খবৰৰ প্ৰচাৰ তথা চৰ্চা বন্ধ হোৱা উচিত বুলি মন্তব্য কৰিছিল। জানিব পৰা মতে, গোবিন্দাৰ পত্নী সুনীতাই আনকি এই বিষয়টোৰ বাবে বিবাহ বিচ্ছেদৰ ভাবুকি দিবলৈও আৰম্ভ কৰিছিল।

অৱশ্যে কেইদিনমানৰ ভিতৰতে সকলো নিয়ন্ত্ৰণলৈ আহিছিল। শাম কাটিছিল এই অশান্তময় পৰিস্থিতি। গোবিন্দা আৰু ৰাণী মুখাৰ্জীৰ মাজত লাহে লাহে দূৰত্ব বাঢ়িবলৈ ধৰে। এইদৰেই দুয়োৰে মাজৰ সম্পৰ্কৰ খবৰ আজি বলীউডৰ ৰঙীন মঞ্চৰ আঁৰৰ এক গুজৱ হৈয়ে থাকি গ’ল।