৫০০ টকীয়া নোটৰ প্ৰচলন সন্দৰ্ভত পোহৰলৈ আহিছে ডাঙৰ তথ্য, বন্ধ হ’ব নেকি প্ৰচলন?
ভাৰতীয় ৰিজাৰ্ভ বেংকে এ টি এমত ১০০ আৰু ২০০ টকীয়া নোটৰ সংখ্যা বৃদ্ধি কৰিবলৈ বেংকক নিৰ্দেশ দিছিল । ইয়াৰ বাবে বেংকক সময়সীমাও দিছে আৰ বি আইয়ে । আৰ বি আইৰ এই নিৰ্দেশৰ পিছত হঠাৎ আলোচনালৈ আহে ৫০০ টকীয়া নোটৰ প্ৰসংগ ।

যোৱা এসপ্তাহ ধৰি এটা বিষয়ে আটাইতকৈ বেছি বাতৰিৰ শিৰোনাম দখল কৰিছে, সেই বিষয়টো হৈছে ৫০০ টকীয়া নোট । আচলতে সংবাদ মাধ্যমত এটা খবৰ চলি আছে যে অনাগত দিনত ৫০০ টকীয়া নোট বন্ধ হ’ব পাৰে । এই খবৰৰ আঁৰত দিয়া কাৰণটো হ’ল ভাৰতীয় ৰিজাৰ্ভ বেংকে এ টি এমত ১০০ আৰু ২০০ টকীয়া নোটৰ সংখ্যা বৃদ্ধি কৰিবলৈ বেংকক নিৰ্দেশ দিছিল । ইয়াৰ বাবে বেংকক সময়সীমাও দিছে আৰ বি আইয়ে । আৰ বি আইৰ এই নিৰ্দেশৰ পিছত হঠাৎ আলোচনালৈ আহে ৫০০ টকীয়া নোটৰ প্ৰসংগ ।
শেহতীয়াকৈ চৰকাৰৰ ফেক্ট চেক ইউনিট পিআইবিয়ে ৫০০ টকীয়া নোট নিষিদ্ধ কৰাৰ খবৰক লৈ টুইট কৰিছে । পিআইবিৰ এই তথ্য পৰীক্ষাত কোৱা হৈছে যে কেপিটেল টিভি নামৰ ইউটিউব চেনেল এটাই ৫০০ টকীয়া নোট নিষিদ্ধ কৰাৰ খবৰ দেখুৱাইছে । এই খবৰত কোনো সত্যতা নাই । চৰকাৰী ইউনিট পিআইবিয়ে ফেক্ট চেকত ভুৱা আখ্যা দিছে এই খবৰক । পিআইবিয়ে কয় যে আৰ বি আইয়ে এনে কোনো ঘোষণা কৰা নাই । পিআইবিৰ ফেক্ট চেক অনুসৰি ৫০০ টকীয়া নোট নিষিদ্ধ কৰা নহয় আৰু ই প্ৰচলন হৈ থাকিব ।
এই সমগ্ৰ বিষয়টোৰ চৰ্চা আৰম্ভ হৈছিল যেতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ সকলো বেংকক এটিএমত ১০০ আৰু ২০০ টকীয়া নোটৰ প্ৰচলন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ পিছত দেশৰ বিভিন্ন বিশেষজ্ঞই এই নিৰ্দেশনা নিজ নিজ ধৰণে ল’বলৈ আৰম্ভ কৰিলে । এজন বিশেষজ্ঞৰ মতে, বেংকৰ এটিএমত প্ৰথমে ১০০ আৰু ২০০ টকীয়া নোটৰ সংখ্যা বৃদ্ধি কৰা হ’ব আৰু ৫০০ টকীয়া নোট ক্ৰমান্বয়ে বজাৰৰ পৰা উলিয়াই বেংকত জমা কৰা হ’ব । এই প্ৰক্ৰিয়াটো এদিনতে সম্পূৰ্ণ নহ’ব । কিন্তু আৰ বি আইয়ে ক্ৰমান্বয়ে ইয়াক প্ৰচলনৰ পৰা আঁতৰাই আনিব ।
ইয়াৰ পিছত এই বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰিলে যেতিয়া অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কেন্দ্ৰীয় চৰকাৰে ৫০০ টকীয়া আৰু তাৰ ওপৰৰ নোট নিষিদ্ধ কৰিব লাগে বুলি কৈছিল । তাৰ পিছত ৫০০ নোট শিৰোনামলৈ আহিছিল । চন্দ্ৰবাবু নাইডুৰ মতে, ডাঙৰ নোট হৈছে দুৰ্নীতিৰ আটাইতকৈ ডাঙৰ শিপা আৰু যদি ইয়াক নিৰ্মূল কৰিব লাগে তেন্তে ডাঙৰ নোটৰ প্ৰচলন বন্ধ কৰি লাগে ।