শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমিৰ খানলৈ নেটফ্লিক্সৰ বৃহৎ অফাৰঃ দুৰ্ঘোৰ বিৰোধৰ পিছতো আগবঢ়ালে ১২৫ কোটি টকা

ব্যতিক্ৰমী কাহিনী তথা পটভূমিৰে নতুনত্ব প্ৰদান কৰা আমিৰ খানৰ ছবিৰ প্ৰতি চিনেপ্ৰেমীৰ থাকে বিশেষ টান। অৱশ্যে তেওঁৰ শেহতীয়া দুয়োখন ছবিয়েই বক্স অফিচত দেখিছে চূড়ান্ত বিফলতাৰ মুখ। এতিয়া আন এখন ছবিৰে পুনৰ উভতিছে আমিৰ। তাৰ মাজতে মিষ্টাৰ পাৰ্ফেক্টনিষ্ট আমিৰলৈ আহিছে এক লোভনীয় অফাৰ।

আমিৰ খানলৈ নেটফ্লিক্সৰ বৃহৎ অফাৰঃ দুৰ্ঘোৰ বিৰোধৰ পিছতো আগবঢ়ালে ১২৫ কোটি টকা
আমিৰ খানলৈ বৃহৎ অফাৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 03 Jun 2025 20:51 PM

মিষ্টাৰ পাৰ্ফেক্টনিষ্ট আমিৰ খানৰ চিনেমা মানেই অনুৰাগীৰ মাজত বিশেষ আদৰ। ব্যতিক্ৰমী কাহিনী তথা পটভূমিৰে নতুনত্ব প্ৰদান কৰা আমিৰ খানৰ ছবিৰ প্ৰতি চিনেপ্ৰেমীৰ থাকে বিশেষ টান। অৱশ্যে তেওঁৰ শেহতীয়া দুয়োখন ছবিয়েই বক্স অফিচত দেখিছে চূড়ান্ত বিফলতাৰ মুখ। তথাপি পিছে নিজৰ বিশেষত্ব হেৰুওৱা নাই আমিৰে। চিন্তাকৰ্ষক ছবি নিৰ্মাণৰ সমান্তৰালকৈ আমিৰে অ’টিটি প্লেটফৰ্ম সন্দৰ্ভতো নিজৰ এক পৃথক স্থিতি গ্ৰহণ কৰি আহিছে। তাৰ মাজতে মিষ্টাৰ পাৰ্ফেক্টনিষ্ট আমিৰলৈ আহিছে এক লোভনীয় অফাৰ।

এক নতুন ছবিৰে পুনৰ ছবিজগতত ভুমুকি মাৰিবলৈ সাজু হৈছে আমিৰ খান। মুক্তিৰ অপেক্ষাত আছে আমিৰৰ নতুন ছবি ‘সীতাৰে জমীন পৰ’। এই ছবিখনৰ বাবেই আমিৰৰ হাতলৈ আহিছে বৃহৎ অৰ্থৰ অফাৰ। কিছুদিনৰ পৰা আমিৰক প্ৰায়ে অ’টিটি প্লেটফৰ্মৰ বিৰোধিতা কৰা দেখা গৈছে। চলচ্চিত্ৰ ব্যৱসায়ৰ অ’টিটি ব্যৱস্থাটো বুজি নাপায় বুলিও আমিৰ খানে উল্লেখ কৰা দেখা গৈছে।

তাৰ মাজতে আমিৰে কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে তেওঁ নিজৰ ছবি কেৱল ছবিগৃহতহে মুক্তি দিব। আমিৰৰ এই বক্তব্যৰ পিছত এতিয়া অ’টিটি জগতৰ শীৰ্ষস্থানীয় প্লেটফৰ্ম নেটফ্লিক্সে ‘সীতাৰে জমীন পৰ’ৰ বাবে আাগবঢ়াইছে লোভনীয় প্ৰস্তাৱ। নেটফ্লিক্সে আমিৰ খানক ‘সীতাৰে জমীন পৰ’ৰ বাবে ১২৫ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছে। বলীউড হাংগামাৰ এক প্ৰতিবেদনত এই বিষয়ে প্ৰকাশ পাইছে।

ইয়াৰ পূৰ্বে নেটফ্লিক্সে সীতাৰে জমীন পৰৰ বাবে ৫০-৬০ কোটি টকা দিবলৈ সাজু আছিল। কিন্তু আমিৰে ধাৰাবাহিকভাৱে অ’টিটি বিৰোধী বক্তব্য প্ৰদান কৰি অহাৰ বাবে নেটফ্লিক্সে এই চুক্তিৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। এতিয়া আমিৰ খানে এই চুক্তি মানি লয় নে নকৰে সেয়া সময়েহে ক’ব। লক্ষণীয়ভাৱে আমিৰ খানে নিজৰ ছবিখন নেটফ্লিক্স আৰু এমাজন প্ৰাইমৰ দৰে ডাঙৰ অ’টিটি প্লেটফৰ্মৰ পৰিৱৰ্তে ইউটিউবত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে বুলি শেহতীয়াকৈ প্ৰকাশ পাইছিল।

আমিৰে ‘পে পাৰ ভিউ’ৰ জৰিয়তে ইউটিউবত ছবিখন মুক্তি দিব বুলি কোৱা হৈছিল। থিয়েটাৰত মুক্তি পোৱাৰ পিছতে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছিল। অৱশ্যে শেহতীয়াকৈ এক প’ডকাষ্টত আমিৰে তেনে সম্ভাৱনা নাকচ কৰে আৰু নিজৰ ছবিখন কেৱল ছবিগৃহতহে মুক্তি দিব বুলি স্পষ্ট কৰি দিয়ে। এই সন্দৰ্ভত তেওঁ কয়, “মই সংবাদ মাধ্যমত বহু কথা পঢ়িবলৈ পাইছো।”

“ছবিখন মুক্তিৰ বাবে বিভিন্ন প্ৰস্তাৱ পাইছো, কিন্তু মই সকলোকে একাষৰীয়া কৰি ৰাখিছো। মই মাত্ৰ এটা কথাতে গুৰুত্ব দিছো, থিয়েটাৰ।”- এইদৰে উল্লেখ কৰে আমিৰ খানে। গতিকে এনে স্থিতি গ্ৰহণ কৰাৰ পিছতো আমিৰে নেটফ্লিক্সৰ অফাৰ গ্ৰহণ কৰিব নে নকৰে সেয়া লক্ষণীয় হ’ব। অ’টিটিৰ প্ৰস্তাৱ নাকচ কৰিলেও আমিৰে নিজৰ এই ছবিখন ২০ জুনত ছবিগৃহত মুকলি কৰিবলৈ সাজু হৈছে।