দুৰ্ঘটনাৰ সন্মুখীন অক্ষয়-টুইংকল; অটোৰ খুন্দাত বাগৰি পৰিল ‘খিলাড়ী’ৰ মাৰ্চিডিজ, আহত দুজন
এই দুৰ্ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত অক্ষয় কুমাৰৰ কোটি টকীয়া মাৰ্চিডিজখনৰ লগতে অটোৰিক্সাখন পথৰ কাষত পৰি থকা দেখা গৈছে।
সোমবাৰে নিশা তেতিয়া ৯ বাজিছে। জুহুস্থিত নিজ বাসগৃহলৈ ৰাওনা হৈছিল বলীউডৰ অভিনেতা অক্ষয় কুমাৰ আৰু তেওঁৰ পত্নী টুইংকল খান্না। হঠাতে তেওঁলোক সন্মুখীন হয় এক অভাৱনীয় বিপদৰ। অভিনেতাগৰাকীৰ বিলাসী মাৰ্চিডিজ গাড়ীত খুন্দা মাৰে এখন অটো ৰিক্সাই। মুখামুখি সংঘৰ্ষৰ ফলত ক্ষতিগ্ৰস্ত হয় অভিনেতাজনৰ বাহন। গুৰুতৰভাৱে আহত হয় দুজন লোক। অৱশ্যে কোনো হানি নোহোৱাকৈ ৰক্ষা পৰে অক্ষয়-টুইংকল। এই ঘটনাই ব্যস্ত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।
সংবাদ সংস্থা’ইণ্ডিয়া টুডে’ৰ প্ৰতিবেদন অনুসৰি, অক্ষয়-টুইংকল আন এখন গাড়ীত থকাৰ বাবেই তেওঁলোক ৰক্ষা পৰে। অটোৰিক্সাখনে খুন্দা মাৰে তেওঁলোকৰ কনভয়ত। ইয়াৰ ফলত কনভয়ৰ বাহনখন পথৰ কাষত বাগৰি পৰে। সেই সময়ত পিছফালে থকা ইনোভা বাহনখনত আছিল অভিনেতা অক্ষয় কুমাৰ আৰু তেওঁৰ পত্নী টুইংকল খান্না।
এই দুৰ্ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত অক্ষয় কুমাৰৰ কোটি টকীয়া মাৰ্চিডিজখনৰ লগতে অটোৰিক্সাখন পথৰ কাষত পৰি থকা দেখা গৈছে। দুৰ্ঘটনাৰ পিছতে স্থানীয় আৰক্ষী তাৎক্ষণিকভাৱে সেই স্থানত উপস্থিত হয়। গুৰুতৰ অৱস্থাত অটো চালক আৰু গাড়ীত থকা এজন যাত্ৰীক উদ্ধাৰ কৰে আৰক্ষীয়ে।
আহত দুয়োজন ব্যক্তিকে তাৎক্ষণিকভাৱে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি দুয়োজন লোক চিকিৎসাধীন অৱস্থাত আছে। ইফালে টাইমছত প্ৰকাশিত প্ৰতিবেদনত প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ উদ্ধৃতি মতে, অভিনেতাগৰাকীৰ কনভয়টো নিজ দিশেৰে যাত্ৰা কৰি আছিল।
সেই সময়তে বিপৰীত দিশৰ পৰা আহি আছিল তীব্ৰবেগী অটোৰিক্সাখন। প্ৰায় নিয়ন্ত্ৰণ হেৰুৱাই অটোৰিক্সাখনে অক্ষয়-টুইংকলৰ কনভয়ৰ সন্মুখৰ গাড়ীত খুন্দা মাৰে। দুৰ্ঘটনাৰ ফলত বাগৰি পৰে দুয়োখন বাহন। লগে লগে স্থানীয় লোকসকল ঘটনাস্থলীৰ কাষ চাপি আহে। সম্প্ৰতি আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।