শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Yogi Biopic: মই মাত্ৰ এজন যোগী… ইউ পিৰ মুখ্যমন্ত্ৰীৰ যোগী আদিত্যনাথৰ ওপৰত বায়’পিক নিৰ্মাণ, কোনে কৰিব মুখ্য চৰিত্ৰত অভিনয়?

বিজেপি দলৰ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক লৈ এখন ছবি নিৰ্মাণ হ’ব। কিছুদিনৰ পৰা এই ছবিখনক লৈ যথেষ্ট চৰ্চা চলি আছে। এতিয়া ইয়াৰ সবিশেষ প্ৰকাশ পাইছে। এই ছবিখনত কোনে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰিত্ৰত অভিনয় কৰিব জানক।

Yogi Biopic: মই মাত্ৰ এজন যোগী… ইউ পিৰ মুখ্যমন্ত্ৰীৰ যোগী আদিত্যনাথৰ ওপৰত বায়’পিক নিৰ্মাণ, কোনে কৰিব মুখ্য চৰিত্ৰত অভিনয়?
যোগী আদিত্যনাথৰ ওপৰত বায়’পিক নিৰ্মাণৰ চৰ্চা
Barasha Misra
Barasha Misra | Published: 27 Mar 2025 12:02 PM

সাম্প্ৰতিক সময়ত বলীউডত বায়’পিক চিনেমা বৃহৎ সংখ্যকে নিৰ্মাণ কৰা হৈছে। শেহতীয়া বিগত সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনক লৈ ছবি নিৰ্মাণ কৰা হৈছে। ইন্দিৰা গান্ধীৰ চৰিত্ৰটো শেহতীয়াকৈ বহু ছবি আৰু ৱেব ছিৰিজত অন্তৰ্ভুক্ত হৈছে। এতিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এপৰত নিৰ্মণ হ’ব ছবি। কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী যোগীৰ বায়’পিকক লৈ যথেষ্ট চৰ্চা চলিছে। এতিয়া এই ছবিখনৰ সবিশেষও আহিবলৈ আৰম্ভ কৰিছে। ছবিখনৰ শিৰোনাম ‘অজেয়-আনট’ল্ড ষ্ট’ৰী অৱ যোগী’ হিচাপে ৰখা হৈছে। শেহতীয়াকৈ মুক্তি পাইছে ছবিখনৰ টিজাৰ।

যোগী আদিত্যনাথৰ বায়’পিকৰ ফাৰ্ষ্ট লুক ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মুকলি কৰা হৈছে। ইয়াত যোগী আদিত্যনাথৰ শৈশৱৰ পৰা ত্যাগ আৰু তাৰ পিছত এখন বৃহৎ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ যাত্ৰা কেনেদৰে দেখুওৱা হ’ব সেয়া দেখা যায়। টিজাৰত যোগী আদিত্যনাথৰ চৰিত্ৰত দেখা গৈছে অভিনেতা অনন্ত যোশীক। এই ভিডিঅ’টোৱে অনুৰাগীৰ মনত আনন্দ বৃদ্ধি কৰিছে। যোগী আদিত্যনাথৰ বায়’পিকক লৈ বহুদিন চৰ্চা চলি আছিল। কিন্তু এতিয়া এই টিজাৰে অনুৰাগীৰ মন ভাল লগাইছে। এই সন্দৰ্ভত মানুহৰ প্ৰতিক্ৰিয়াও আহিবলৈ আৰম্ভ কৰিছে।

 

View this post on Instagram

 

A post shared by Samrat Cinematics (@samratcineindia)

বহু ভাষাত মুক্তি পাব ছবিখন

ছবিখনৰ প্ৰডাকচন কোম্পানী সম্ৰাট চিনেমেটিক্সে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই ছবিখনৰ ফাৰ্ষ্ট লুক ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে কেপচনত লিখা আছিল – তেওঁ সকলো ত্যাগ কৰিছিল, কিন্তু জনসাধাৰণক নিজৰ বুলি মানি লৈছিল। টিজাৰক লৈ আহি আছে মানুহৰ প্ৰতিক্ৰিয়া। এজন ব্যক্তিয়ে লিখিছে – ট্ৰেইলাৰটো বৰ ভাল লাগিছে। আশাকৰোঁ ছবিখনে ভাল হ’ব। আন এজন ব্যক্তিয়ে লিখিছে- মই এই চিনেমাখন কেৱল ছাৰৰ বাবে চাম। মুখ্য অভিনেতা অনন্ত যোশীৰ কথা কোৱা আন এজন ব্যক্তিয়ে কয়- মই বহুত সুখী আৰু আনন্দিত। অনন্তলৈ মোৰ প্ৰাৰ্থনা। এই ছবিখনৰ প্ৰযোজক ঋতু মেংগীয়ে। কেইবাটাও ভিন্ন ভাষাত মুক্তি পাব ছবিখন।