শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৩৩ বছৰৰ অপেক্ষাৰ অন্তত শ্ৰেষ্ঠত্ব প্ৰাপ্তি, বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মনৰ কথাৰে…

সুদীৰ্ঘ ৩৩ বছৰৰ অপেক্ষা, ৩৩ বছৰৰ পাচত বাদশ্বাহে জিনিলে খিতাপ। জৱান ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ শ্বাহৰুখ খানক। সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কিং খানৰ।

৩৩ বছৰৰ অপেক্ষাৰ অন্তত শ্ৰেষ্ঠত্ব প্ৰাপ্তি, বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মনৰ কথাৰে…
শ্বাহৰুখ খানলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাImage Credit source: TV9 Bangla
raj-saikia
Raj Saikia | Published: 02 Aug 2025 12:44 PM

১ আগষ্ট, ঘড়ীৰ কাঁটাই তেতিয়া সংকেত দিছিল সন্ধিয়া ৬ বজাৰ। ঘোষণা হ’ল ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ বিজয়ীৰ নাম। লগে লগেই নেট নাগৰিকৰ মাজত লাগে তোলপাৰ। কোনোৱে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পোষ্ট, কোনোৱে ফটো, কোনোৱে ষ্টেটাছত লগালে মানুহজনৰ ছবি। সুদীৰ্ঘ ৩৩ বছৰৰ অপেক্ষা, ৩৩ বছৰৰ পাচত বাদশ্বাহে জিনিলে খিতাপ। জৱান ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ শ্বাহৰুখ খানক।

এই ঘোষণাৰ পাচতেই সামাজিক মাধ্যমত দেধাৰ পোষ্ট কিং খানৰ অনুৰাগীৰ। নেট দুনিয়াত অনুৰাগীৰ উল্লাস, অভিবাদন নজনোৱাকৈ কেনেকৈ থাকে শ্বাহৰুখে? এই ঘোষণাৰ কিছু সময়ৰ পাছতেই নেট দুনিয়ালৈ আহিল বাদশ্বাহ। এই সন্মানৰ বাবে সকলোকে জনালে কৃতজ্ঞতা।

এয়া অভিনয় জীৱনৰ অন্যতম সাফল্য বাদশ্বাহৰ বাবে। সেয়ে অসুস্থ অৱস্থাৰেই সকলোৰে সমুখলৈ আহিল তেওঁ। হাতত আৰু কঁকালত বেল্ট। কিছুদিন পূৰ্বে আঘাতৰ বাবে চিকিৎসাধীন হৈছিল শ্বাহৰুখ। বৰ্তমান আৰাম কৰাৰ পৰামৰ্শ দিছে চিকিৎসকে। কিন্তু এই খবৰ পোৱাৰ পাছত অনুৰাগীৰ সমুখলৈ নহাকৈ থাকিব নোৱাৰিলে কিং খান।

এই প্ৰাপ্তিৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে শ্বাহৰুখ খানে। তেওঁ কয়-

“নমস্কাৰ, সম্ভাষণ…ৰাষ্ট্ৰীয় পুৰস্কাৰ এনে এক প্ৰাপ্তি, যাক লৈ আজীৱন গৰ্ব কৰি যাম। জুৰিৰ সদস্যসকলক ধন্যবাদ, তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ অধ্যক্ষক ধন্যবাদ, যিসকলে মোক এই পুৰস্কাৰৰ বাবে যোগ্য বিবেচনা কৰিলে, সকলোকে ধন্যবাদ। ছবি পৰিচালক, চিত্ৰনাট্য লেখক সকলোকে ধন্যবাদ জনাব বিচাৰোঁ, তেওঁলোকে ২০২৩ বৰ্ষটো বিশেষ কৰি তুলিছে। সিদ্ধাৰ্থ আনন্দ, ৰাজকুমাৰ হিৰাণী, বিশেষকৈ এটলি আৰু তেওঁৰ দলক ধন্যবাদ, মোক জৱানত সুযোগ দিয়াৰ বাবে। মোৰ টীমৰ সদস্যসকলকো ধন্যবাদ জনাইছোঁ। যিসকলে সকলো সময়তে মোৰ খেয়াল ৰাখি আহিছে, মই দেখাত যেনেকুৱা তাতকৈ ধুনীয়া কৰি সজাই তোলে। মোৰ পত্নী আৰু সন্তানে শেহতীয়া ৪ বছৰত মোক অনেক মৰম দিছে, মই যে ঘৰখনৰ এটি শিশু। সকলো সময়তে তেওঁলোকে মোৰ পৰা এটাই আশা কৰিছিল…বেষ্ট। চিনেমাৰ প্ৰতি মোৰ যি আবেগ সেই সম্পৰ্কে তেওঁলোক অৱগত। চিনেমাই মোক দূৰলৈ লৈ গৈছিল তেওঁলোকৰ পৰা। তথাপিও হাঁহিমুখে সমৰ্থন কৰিছিল মোৰ এই যাত্ৰাক। ৰাষ্ট্ৰীয় পুৰস্কাৰ কেৱল এক প্ৰাপ্তি নহয়, এই পুৰস্কাৰে সোঁৱৰাই দিয়ে মই যি কৰিছোঁ, সেয়া গুৰুত্বপূৰ্ণ। এই পুৰস্কাৰে মোক কৈ থাকে, আগুৱাই যোৱা, কঠোৰ পৰিশ্ৰম কৰা, চিনেমা কৰা। মই কথা দিব পাৰোঁ, এই প্ৰাপ্তি মুঠেও শেষ নহয়। ই হ’ল ইন্ধন সদৃশ, প্ৰতি নিয়ত শিকাৰ বাবে, সৰ্বোত্তম প্ৰদৰ্শন কৰাৰ বাবে। এই পুৰস্কাৰে মোক সোঁৱৰাই দিয়ে অভিনয় কেৱল এটা কাম নহয়, এটা গধুৰ দায়িত্বও। পৰ্দাত সত্যটো দাঙি ধৰাৰ দায়িত্ব। প্ৰতিজনৰে ভালপোৱাৰ প্ৰতি মই কৃতজ্ঞ। এই সন্মান দিয়াৰ বাবে ভাৰত চৰকাৰক অশেষ ধন্যবাদ। এই পুৰস্কাৰ আপোনালোকৰ বাবে, প্ৰতিটো পুৰস্কাৰেই আপোনালোকৰ। মই দুহাত মেলি আপোনালোকক ভালপোৱা প্ৰকাশ কৰিব বিচাৰোঁ, কিন্তু এই মুহূৰ্তত মই অপাৰগ। কিন্তু চিন্তা নকৰিব, পপকৰ্ণ লৈ সাজু হওক, শীঘ্ৰেই মই পৰ্দালৈ আহি আছোঁ। তেতিয়ালৈকে, এহাতেৰেই….মৰম যাঁচিলোঁ।”