ৰোপনতেই দায়িত্ব শেষ নহয়, প্ৰতিপালো দৰকাৰ, আপুনি ৰোৱা গছ পুলিটো পাহৰি নাযাব
গছ পুলি এটা ৰোপন কৰাৰ পাছত ইয়াক উপযুক্তভাৱে সাৰ-পানী যোগান ধৰা, গৰু-ছাগলীয়ে যাতে আনিষ্ট কৰিব নোৱাৰে তাৰ বাবে বেৰা দিয়া, সময়ে সময়ে ইয়াৰ বৃদ্ধিৰ প্ৰতি মনোযোগ দিয়া এই দায়িত্বসমূহো সমান্তৰালভাৱে পালন কৰিব লাগে ।

আজি বিশ্ব পৰিৱেশ দিৱস । প্ৰকৃতিৰ সেউজ আৱৰণ বৰ্তাই ৰখাৰ উদ্দেশ্যে প্ৰতি বছৰে ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় । ১৯৭২ চনত ষ্টকহোম সন্মিলনত ৰাষ্ট্ৰসংঘই বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ১৯৭৪ চনৰ পৰা ৫ জুনত বিশ্ব পৰিৱেশ দিৱস পালন হৈ আহিছে । প্ৰতিবছৰে এক নিৰ্দিষ্ট বিষয় বস্তুৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । এই বছৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ (Beat Plastic Pollution)।

অমৃত বৃক্ষ অভিযান
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ব্যক্তিগতভাৱে, চৰকাৰীভাৱে বা বিভিন্ন বেচৰকাৰী সংস্থাই গছ পুলি ৰোপনৰ পদক্ষেপ হাতত লয় । অসমতো যোৱা বছৰ চৰকাৰে অমৃত বৃক্ষ আন্দোলন নামেৰে গছ পুলি ৰোপনৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছিল । আমাৰ প্ৰকৃতিখন যাতে সেউজীয়া কৰি ৰাখিব পাৰি তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছিল চৰকাৰে । সকলোৱে এই দিনটোত গছ পুলি ৰোপন কৰে ঠিকেই, কিন্তু এই গছ পুলিসমূহ ৰোপনতেই জানো দায়িত্ব শেষ হয় । নিজৰ সন্তান এটাক আমি যিদৰে আপডাল কৰোঁ, ঠিক তেনেকৈ গছ পুলিবোৰো আপডাল কৰাৰ প্ৰয়োজন ।

গছপুলি ৰোপন
গছ পুলি এটা ৰোপন কৰাৰ পাছত ইয়াক উপযুক্তভাৱে সাৰ-পানী যোগান ধৰা, গৰু-ছাগলীয়ে যাতে আনিষ্ট কৰিব নোৱাৰে তাৰ বাবে বেৰা দিয়া, সময়ে সময়ে ইয়াৰ বৃদ্ধিৰ প্ৰতি মনোযোগ দিয়া এই দায়িত্বসমূহো সমান্তৰালভাৱে পালন কৰিব লাগে । অন্যথা সেউজ ধৰিত্ৰী গঢ় দিয়াৰ যি প্ৰচেষ্টা সেয়া এক বৃথা প্ৰচেষ্টাত পৰিণত হয় । বিভিন্ন সময়ত সংবাদ মাধ্যমতেই হওক বা সামাজিক মাধ্যমতেই হওক এই বিষয়টোক লৈ চৰ্চা হোৱা দেখা যায় ।

অমৃত বৃক্ষ অভিযান
অসমৰ বৃক্ষ আন্দোলনৰ অন্যতম হোতা বুলিলে আমাৰ মনলৈ আহে যাদৱ পায়েঙৰ কথা । অৰণ্য মানৱ হিচাপে পৰিচিত এইগৰাকী ব্যক্তিয়ে নিজা প্ৰচেষ্টা গঢ় দিয়া মুলাই কাঠনিৰ কথা সমগ্ৰ বিশ্বই আজি জানে, যাক লৈ আমি গৌৰৱ কৰোঁ । যাদৱ পায়েঙেও বিভিন্ন সভা-সমিতিত যেতিয়া ভাষণ প্ৰদান কৰে তেতিয়া এই বিষয়টো উনুকিয়াই দিয়ে যে গছ পুলি ৰুলেই নহ’ব, গছ পুলিটোৰ প্ৰতিপালো কৰিব লাগিব । প্ৰচাৰৰ বাবে ধুমধামেৰে গছ পুলি ৰুই পিছদিনাৰ পৰাই তালৈ পিঠি দিলে শ শ গছ পুলি ধ্বংস কৰাহে হয় । কিয়নো উপযুক্তভাৱে প্ৰতিপাল নকৰিলে হাজাৰ হাজাৰ গছ পুলি ৰুলেও আমি সুফল নাপাওঁ ।

গছ পুলি প্ৰতিপাল কৰক
গছ পুলি ৰোৱাৰ উপযুক্ত সময়, নিয়ম আদি কথাবোৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা উচিত । কেৱল বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতেই যে আমি গছ পুলি ৰুম তেনে নহয় । উপযুক্ত ঋতুত আমি এনেও ঘৰৰ কাষে-পাজৰেই হওক বা পথৰ দাঁতিতেই হওক গছ পুলি ৰোপন কৰিব পাৰোঁ । মাত্ৰ মনত ৰাখিব লাগিব যে, আমি ৰোৱা গছ পুলিটো যাতে সঠিকভাৱে বাঢ়িব পাৰে, সময়ত এজোপা ডাঙৰ গছ হৈ আমাক উপকাৰ সাধিব পাৰে । তাৰ বাবে প্ৰয়োজন উপযুক্ত আপডালৰ । গছ পুলি এটা ৰোৱাৰ পাছত তাৰ আপডাল কৰাটোও আমাৰেই দায়িত্ব ।

গছ পুলি ৰোপন
গছ পুলি ৰোৱাৰ উপযুক্ত সময় হৈছে জুন আৰু জুলাই মাহ । কৃষি জাগৰণত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, এই সময়ত যিহেতু বাৰিষা আৰম্ভ হয় গতিকে গছ পুলিয়ে উপযুক্ত পৰিমাণৰ পানী লাভ কৰে । তাৰোপৰি গছ পুলিৰ বৃদ্ধিৰ বাবে পৰিৱেশ এই সময়ত অনুকুল হয় । গতিকে প্ৰাকৃতিক পৰিৱেশ সুস্থ কৰি ৰখাটো যিহেতু আমাৰেই দায়িত্ব, গছ পুলি ৰুই পিঠি দিয়াৰ পৰিৱৰ্তে ইয়াক লালন-পালন কৰাৰ অভ্যাস গঢ়ি তুলিলেহে এই দায়িত্ব সম্পূৰ্ণ হ’ব ।