শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Teachers’ Day: ৫ ছেপ্তেম্বৰত শিক্ষক দিৱস, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক

শিক্ষক দিৱস বহু দেশত শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এটা দিৱস। এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলেও ভাষণ প্ৰদান কৰে ৷ শিক্ষকলৈ বিভিন্ন উপহাৰ আগবঢ়ায় ৷ ৫ ছেপ্তেম্বৰৰ দিনটোত প্ৰতি বছৰে পালন কৰি অহা হৈছে শিক্ষক দিৱস (Teachers’ Day)।

Teachers’ Day: ৫ ছেপ্তেম্বৰত শিক্ষক দিৱস, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
barasha-misra
Barasha Misra | Updated On: 03 Sep 2025 22:19 PM

সমগ্ৰ দেশতে ৫ ছেপ্তেম্বৰৰ দিনটোত শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে শিক্ষাৰ্থীসকলে। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ে বিদ্যালয়ে আয়োজন কৰা হয় বিভিন্ন আকৰ্ষণীয় কাৰ্যসূচীৰ।এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন ভিন। প্ৰখ্যাত

শিক্ষাবিদ আৰু পূৰ্বৰ ৰাষ্ট্ৰপতি ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ভাৰতত তেখেতৰ জন্মৰ তাৰিখ ৫ ছেপ্তেম্বৰ শিক্ষক দিৱস পালন কৰা হয়। শিক্ষক দিৱস আৰু ‘বিশ্ব শিক্ষক দিৱস’ একে নহয়; UNESCO-ই আৰম্ভ কৰা পিছৰ দিৱসটো বিশ্বজুৰি ৫ অক্টোবৰত পালন কৰা হয়।

বিংশ শতিকাত বহু দেশত শিক্ষক দিৱস উদ্‌যাপন কৰাৰ ধাৰণা গঢ় লৈ উঠে; সাধাৰণতে স্থানীয় এজন শিক্ষাবিদৰ জীৱন বা শিক্ষা বিষয়ক গুৰুত্বপূৰ্ণ তাৰিখত এই দিন পালন কৰা হয় (যেনে- আৰ্জেণ্টিনা ১৯১৫ চনৰ পৰা ড’মিংগ’ ফ’ষ্টিন’ চাৰ্মিয়েণ্ট’ৰ মৃত্যুৰ দিন ১১ ছেপ্টেম্বৰত আৰু ভাৰতত ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন ৫ ছেপ্তেম্বৰত ১৯৬২ চনৰ পৰা শিক্ষক দিৱস পালন কৰা হয়। বাকী আন্তঃৰাষ্ট্ৰীয় দিৱসবোৰৰ বিপৰীতে দেশভেদে শিক্ষক দিৱসৰ দিনটো বেলেগ হোৱাৰ প্ৰধান কাৰণ এইটোৱেই।

ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লেখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল (১৯৫২-১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। উদাৰ নৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি তেওঁ আস্থাশীল আছিল। দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে এগৰাকী দাৰ্শনিক আৰু শিক্ষক হিচাপেও সন্মান কৰিছিল।

ৰাজনীতিৰ ক্ষেত্ৰত নেহৰুৰ সতীৰ্থ ৰাধাকৃষ্ণণে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদমৰ্য্যাদা আৰু সম্পূৰ্ণ ক্ষমতাৰে, ভাৰতৰ ৰাষ্ট্ৰদূত হিছাপে ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েত ৰাছিয়াত থকা সময়ছোৱাত কাশ্মীৰ সমস্যাক লৈ পাক-ভাৰত মতানৈক্যৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওচৰত সপক্ষে ছোভিয়েত সমৰ্থন আদায় কৰিছিল। ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে।

১৯৫২ চনত ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ প্ৰথম উপ–ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হয় আৰু ১০ বছৰ পিছত ১৯৬২ চনত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ১৯৬২ চনত ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ পিছত, তেওঁৰ ছাত্ৰসকলে তেওঁৰ জন্মদিনটো উদযাপনৰ অনুমতি বিচাৰি অনুৰোধ জনায়। তেওঁ এই দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ কৈছিল। তেওঁ কৈছিল, ‘‘মোৰ জন্মদিনটো পৃথককৈ পালন কৰাৰ পৰিৱৰ্তে যদি শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেতিয়া বেছি আনন্দ পাম’’। সেয়ে বিশ্বজুৰি ৫ অক্টোবৰত পালন কৰা হ’লেও ভাৰতত ১৯৬২ চনৰ পৰা ৫ ছেপ্টেম্বৰৰ দিনটোত পালন কৰা হয় শিক্ষক দিৱস।