শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কেতিয়াৰ পৰা কৰিব পাৰিব অসম দক্ষতা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন ?

আৰম্ভ হ'ব উত্তৰ-পূবৰ প্ৰথমখন চৰকাৰী দক্ষতা বিশ্ববিদ্য়ালয়ৰ প্ৰথমবৰ্ষৰ পাঠক্ৰম । ইতিমধ্য়ে ২০২৫-২৬ বৰ্ষৰ প্ৰথমবাৰৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীক আবেদন কৰিবলৈ আহ্বান জনাইছে চৰকাৰী দক্ষতা বিশ্ববিদ্যালয়ে ।

কেতিয়াৰ পৰা কৰিব পাৰিব অসম দক্ষতা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন ?
অসম দক্ষতা বিশ্ববিদ্যালয়
Manas Borah
Manas Borah | Updated On: 11 Apr 2025 15:26 PM

অতি সোনকালে আৰম্ভ হ’ব উত্তৰ-পূবৰ প্ৰথমখন চৰকাৰী দক্ষতা বিশ্ববিদ্য়ালয়ৰ প্ৰথমবৰ্ষৰ পাঠক্ৰম । ইতিমধ্য়ে ২০২৫-২৬ বৰ্ষৰ প্ৰথমবাৰৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীক আবেদন কৰিবলৈ আহ্বান জনাইছে চৰকাৰী দক্ষতা বিশ্ববিদ্যালয়ে । দৈনিক অসমৰ বাতৰি অনুসৰি, প্ৰথমটো শিক্ষাবৰ্ষৰ বাবে অহা ৩০ এপ্ৰিলৰ পৰা আবেদন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ।

প্ৰকাশিত বাতৰি অনুসৰি, অহা ১৫ জুনত নামভৰ্তি আবেদন প্ৰক্ৰিয়া শেষ হোৱাৰ কিছুদিনৰ পাছতে আৰম্ভ হ’ব পাঠদান । অসম দক্ষতা বিশ্ববিদ্যালৰ প্ৰশাসনিক বিষয়া ৰক্তিমাভ কাকতিয়ে দৈনিক অসমক জানিবলৈ দিছে যে, বিশ্ববিদ্যালয়খনৰ প্ৰথমটো শিক্ষাবৰ্ষত মুঠ ১৩ টা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে । এই শিক্ষাবৰ্ষত এবছৰীয়া চাৰ্টিফিকেট, তিনিবছৰীয়া ডিপ্লমা, চাৰিবছৰীয়া বি টেকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে পাঠ্যক্ৰম থাকব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে ।

নামভৰ্তিৰ প’ৰ্টেল ৩০ এপ্ৰিলৰ পৰা মুকলি কৰা হ’ব । উল্লেখ্য যে, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰথমটো শিক্ষাবৰ্ষৰ প্ৰথম ছমাহ পাঠদান হ’ব গুৱাহাটীৰ চৌহদত । পৰৱৰ্তী সময়ত পাঠদান মঙলদৈৰ স্থায়ী ভৱনত হ’ব বুলি জানিবলৈ দিছে ৰক্তিমাভ কাকতিয়ে ।

কি কি পাঠক্ৰম থাকিব ?

ৰক্তিমাভ কাকতিয়ে জানিবলৈ দিছে যে, বিশ্ববিদ্যালয়ৰ পাঠক্ৰমত কৃত্রিম বুদ্ধিমত্তা (এ আই), ডাটা ছায়েন্স, ফুড টেক্স’লজী, মাষ্টাৰ অব ট্রেভেল এন্ড টুবিজম মেনেজমেন্ট, এম বি এ, বি টেক (স্নাতক ইঞ্জিনীয়াৰিং), কম্পিউটাৰ ছায়েন্স এন্ড ইঞ্জিনীয়াৰিং (এ আই এণ্ড মেচিন লার্নিং), কম্পিউটাৰ ছায়েন্স (চাইবাৰ ছিকিউৰিটী) আদি অন্তৰ্ভক্ত কৰা হৈছে ।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি

উল্লেখ্য যে, দৰং জিলাৰ মঙলদৈত থকা অসম দক্ষতা বিশ্ববিদ্যালয়ে ইতিমধ্যে আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি লাভ কৰিছে । ২০২০ চনত প্ৰতিষ্ঠা হোৱা বিশ্ববিদ্যালয়খনে ২০২৪ চনৰ ৮ অক্টোবৰত আনুষ্ঠানিক স্বীকৃতি লাভ কৰে । উল্লেখ্য যে, বিশ্ববিদ্যালয়খনে স্বীকৃতি লাভ কৰাৰ পাছতে ৰাজ্যৰ উচ্চ শিক্ষা ক্ষেত্ৰখনক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক : Assam Skill University : UGC ৰ স্বীকৃতি লাভ কৰিলে অসম দক্ষতা বিশ্ববিদ্যালয়ে…