শিক্ষা মন্ত্ৰালয়ে আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা প্ৰৎসাহন স্ক’লাৰশ্বিপঃ কিদৰে পাব সুবিধা চাওক…
মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে শিক্ষা মন্ত্ৰালয়ে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা প্ৰৎসাহন ( স্ক’লাৰশ্বিপ)। চাওক এই বৃত্তিৰ বিষয়ে।
মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে শিক্ষা মন্ত্ৰালয়ে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা প্ৰৎসাহন ( স্ক’লাৰশ্বিপ)। দ্বাদশ শ্ৰেণীত লাভ কৰা নম্বৰৰ ভিত্তিত এই বৃত্তি প্ৰদান কৰা হ’ব। এই বৃত্তি সুবিধা লাভ কৰিবলৈ শিক্ষাৰ্থীসকলে ১০+২ ব্যৱস্থা বা ইয়াৰ সমপৰ্যায়ৰ শিক্ষা ব্যৱস্থাৰ অধীনত নিজ নিজ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত সফল পৰীক্ষাৰ্থীৰ শীৰ্ষ ২০% (৮০ শতাংশৰ ওপৰত) স্থান লাভ কৰিব লাগিব।
ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়া ডিগ্ৰী পাঠ্যক্ৰমত নামভৰ্তি কৰিব লাগিব। দূৰ শিক্ষা, বা ডিপ্লমা পাঠ্যক্ৰমৰ জৰিয়তে আগবঢ়োৱা শিক্ষা ব্যৱস্থাত অধ্যয়নৰত শিক্ষাৰ্থীসকলে এই বৃত্তিৰ সুবিধা লাভ নকৰে। তদুপৰি শিক্ষাৰ্থীগৰাকীয়ে অধ্যয়ন কৰি থকা শৈক্ষিক প্ৰতিষ্ঠানটো উপযুক্ত নিয়ন্ত্ৰণকাৰী সংস্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ’ব লাগিব।
সমান্তৰালকৈ যিসকল শিক্ষাৰ্থীৰ পৰিয়ালৰ মুঠ বাৰ্ষিক আয় ৪.৫ লাখ টকাৰ ভিতৰত, তেওঁলোকেহে এই বৃত্তিৰ সুবিধা লাভ কৰিব। এই প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা প্ৰৎসাহন ( স্ক’লাৰশ্বিপ)ৰ বাবে আবেদন কৰা নতুন আবেদনকাৰীসকলে আবেদন প্ৰক্ৰিয়াৰ অংশ হিচাপে আয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।
এই বৃত্তি আঁচনিৰ অধীনত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰা হাৰ অনুসৰি স্নাতক ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম তিনি বছৰৰ বাবে বছৰি ১২ হাজাৰ টকা লাভ কৰাৰ বিপৰীতে স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক বছৰি ২০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। পাঁচ বছৰৰ সময়সীমাৰ পেছাদাৰী কাৰ্যসূচী বা সংহত পাঠ্যক্ৰমৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে চতুৰ্থ আৰু পঞ্চম বৰ্ষত বছৰি ২০ হাজাৰ টকা লাভ কৰিব।
অৱশ্যে বিটেক বা বি ইৰ দৰে কাৰিকৰী ক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে তিনি বছৰৰ বাবে বছৰি ১২ হাজাৰ টকা আৰু চতুৰ্থ বৰ্ষৰ বাবে ২০ হাজাৰ টকা লাভ কৰে। আঁচনিখনৰ আপডেটৰ ভিত্তিত বৃত্তিৰ হাৰ সলনি হ’ব পাৰে। এই আঁচনিৰ সুবিধা লাভৰ বাবে শিক্ষাৰ্থীসকলৰ নিজৰ নামত ব্যক্তিগত বেংক একাউণ্ট থাকিব লাগিব। বৃত্তিৰ ধন ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীৰ একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়।
ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেল (scholarships.gov.in)ৰ জৰিয়তে শিক্ষাৰ্থীসকলে অনলাইন যোগে আবেদন দাখিল কৰিব লাগিব। এই বৃত্তিৰ বাবে পৰ্টেলত এখন বাছনি তালিকা প্ৰস্তুত কৰা হয়। এইক্ষেত্ৰত দুটা স্তৰত যোগ্য শিক্ষাৰ্থীৰ পৰীক্ষণ কৰা হয়- প্ৰথমতে, ছাত্ৰজনে নামভৰ্তি কৰা শিক্ষানুষ্ঠানৰ দ্বাৰা, আৰু দ্বিতীয়তে, ৰাজ্যৰ উচ্চ শিক্ষা বিভাগ বা আবেদন প্ৰক্ৰিয়াকৰণৰ বাবে দায়বদ্ধ নিৰ্দিষ্ট ন’ডেল সংস্থাৰ দ্বাৰা।