শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

EPFO ত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। শেহতীয়াকৈ কেন্দ্ৰীয় লোকসেৱা আয়োগে নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন আহ্বান কৰিছে।

EPFO ত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 25 Jul 2025 13:20 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে  ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। এই ক্ষেত্ৰত UPSC য়ে এক অধিসূচনা জাৰি কৰিছে, যাৰ অধীনত কেইবাটাও পদ পূৰণ কৰা হ’ব। গতিকে যোগ্য আৰু ইচ্ছুকসকলে শীঘ্ৰেই এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব।  কেন্দ্ৰীয় লোকসেৱা আয়োগে এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ২৩০ টা বলবৎকাৰী বিষয়া/ একাউণ্ট বিষয়া আৰু সহকাৰী প্ৰভিডেণ্ট ফাণ্ড আয়ুক্ত পদ (Enforcement Officer/ Accounts Officer and Assistant Provident Fund Commissioner )ত নিযুক্তিৰ বাবে নিয়োগ জাননী প্ৰকাশ কৰিছে।

এই নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া ২৯ জুলাইৰ পৰা আৰম্ভ হ’ব আৰু ই ১৮ আগষ্টলৈ চলিব। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে।

পদৰ নামঃ বলবৎকাৰী বিষয়া/ একাউণ্ট বিষয়া (. Enforcement Officer/ Accounts Officer )

  • পদৰ সংখ্যাঃ ১৫৬টা।
  • দৰমহাঃ লেভেল-০৮ মেট্ৰিস্ক 7th CPC ৰ অধীনত।

বয়স

  • জেনেৰেলঃ ৩০
  • অবিচিঃ ৩৩
  • এছচি/এছটিঃ ৩৫
  • দিব্যাংগঃ ৪০

পদৰ নামঃ সহকাৰী ভৱিষ্য নিধি আয়ুক্ত (Assistant Provident Fund Commissioner)

  • পদৰ সংখ্যাঃ ৭৪
  • দৰমহাঃ লেভেল ১০,মেট্ৰিস্ক 7th CPC ৰ অধীনত।

বয়স

  • জেনেৰেলঃ ৩৫
  • অবিচিঃ ৩৮
  • এছচি/এছটিঃ ৪০
  • দিব্যাংগঃ ৪৫

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি UPSC Recruitment Portal ত যাওক।
  • তাৰ পাছত Important Web-Links ত ক্লিক কৰক।
  • পাছত “Online Application Form” ত ক্লিক কৰক আৰু ৰেজিষ্টেশ্যন কৰক।
  • Online Application Form” ত লিংক আৰু লগ ইন কৰক।
  • নিজৰ ব্যক্তিগত তথ্য দাখিল কৰক।
  • মাচুল আদায় কৰক।
  • চাবমিট কৰক।

অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক 

 

অন্য খবৰ পঢ়কঃ দশম উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ! ওলাইছে চৰকাৰী চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…