শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Teachers’ day 2025: আজি শিক্ষক দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…

Teachers' day 2025: আজি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস। প্ৰতিবছৰে এই দিনটোত শিক্ষক দিৱস পালন কৰা হয়। এই দিনটোতেই জন্ম হৈছিল ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ।

Teachers’ day 2025: আজি শিক্ষক দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…
শিক্ষক দিৱসImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 05 Sep 2025 06:15 AM

আজি শিক্ষক দিৱস। প্ৰতিবছৰে  ৫ ছেপ্টেম্বৰৰ দিনটোত শিক্ষক দিৱস পালন কৰা হয়। ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি, দাৰ্শনিক তথা শিক্ষক ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণক স্মৰণ আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক কৃতজ্ঞতা জনোৱাৰ অৰ্থে এই দিৱস পালন কৰা হয়। এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়, মহাবিদ্যালয় আদিত শিক্ষক দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। য’ত বিভিন্ন কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে ভাষণ, নৃত্য-গীত আদিৰে ৰাধাকৃষ্ণণক স্মৰণ কৰি শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰে।

শিক্ষক দিৱসৰ ইতিহাস

ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুতনী গ্ৰামৰ এটা ব্ৰাহ্মণ পৰিয়ালত। তেওঁ আছিল একেধাৰে দাৰ্শনিক, লেখক, শিক্ষক, ৰাজনেতা আদি। ভাৰতৰ বৌদ্ধিক আৰু শিক্ষা জগতত তেওঁ আগবঢ়াই যোৱা অৱদান অতুলনীয়। এই মহান ব্যক্তিগৰাকী ২৭ বাৰকৈ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল। তেওঁ লাভ কৰিছিল দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’।

সৰুৰে পৰা বহু কষ্টৰে ডাঙৰ-দীঘল হোৱা ৰাধাকৃষ্ণণে প্ৰায় ৪০ বছৰ শিক্ষকতা কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তেওঁৰ জনপ্ৰিয়তা আছিল অধিক। কোৱা হয়, অতি সহজে তেওঁ সকলোৰে লগত মিলি যাব পাৰিছিল। এবাৰ তেওঁৰ জন্ম দিনৰ দিনা একাংশ ছাত্ৰ-ছাত্ৰীয়ে জন্মদিন উদযাপন কৰিব বিচাৰিছিল। সেয়া আছিল ১৯৬২ চনৰ কথা, তেতিয়া তেওঁ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হৈছিল।

সেই সময়ত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কৈছিল যে- তোমালোকে মোৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই যথেষ্ঠ সুখী হ’ম। তাৰ পাছতে প্ৰতিবছৰে এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।

ৰাধাকৃষ্ণণে শিক্ষা সমাজৰ বাবে যথেষ্ঠ বৰঙণি আগবঢ়াই থৈ গৈছে। তেওঁৰ জ্ঞানৰ পৰিধি শব্দৰে জুখিব নোৱাৰি। যাৰ বাবে দেশতেই নহয়, ৰাধাকৃষ্ণণ বিশ্বতো আছিল বিখ্যাত। ৰাধাকৃষ্ণণৰ বক্তৃতা, লিখনি আদি সন্দৰ্ভত বিশ্বৰ বিভিন্ন প্ৰান্তত চৰ্চা চলিছিল। ইমানেই নহয় ভাৰতীয় দৰ্শন লগতে ধৰ্মৰ ওপৰতো তেওঁৰ আছিল অগাধ জ্ঞান।

তেওঁ ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল। মুঠতে সকলোফালে তেওঁ আছিল আগৰণুৱা। কিন্তু ইয়াৰ পাছতো ৰাজনীতিতকৈ শিক্ষা সমাজত তেওঁৰ বেছি নাম আছে। এইগৰাকী মহান ব্যক্তিৰ মৃত্যু হৈছিল ১৭ এপ্ৰিল ১৯৭৫ চনত।

শিক্ষক দিৱসৰ মহত্ব

আমাৰ সমাজত শিক্ষক দিৱসৰ মহত্ব অধিক। এই দিনটোৱে শিক্ষকসকলক সোঁৱাৰই দিয়ে ছাত্ৰ-ছাত্ৰী তথা সমাজৰ প্ৰতি থকা তেওঁলোকৰ কৰ্তব্য। লগতে ছাত্ৰ-ছাত্ৰীকো মনত পেলাই দিয়ে যে সমাজত শিক্ষকৰ স্থান সদায় উচ্চ হৈয়ে থাকিব। এই দিনটোৱে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত থকা শ্ৰদ্ধা তথা সন্মানৰ সম্পৰ্ককো প্ৰণিপাত জনায়।  প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ গুৰুত্ব জনা উচিত। শিক্ষক অবিহনে কেতিয়াও জীৱনে পূৰ্ণতা নাপায়। কিয়নো শিক্ষকসকলেই আমাক জ্ঞানৰ পোহৰ দিয়ে। যাৰ বাবে হয়তো সৰ্বেপপ্লী ৰাধাকৃষ্ণণে কৈ গৈছিল- শিক্ষক এডাল জ্বলি থকা মমবাতিৰ দৰে, যি নিজে জ্বলি আনক পোহৰ বিলায়।

 

 

অন্য খবৰ পঢ়কঃ Teachers’ Day 2025 speech: এনেদৰে দিয়ক ‘শিক্ষক দিৱস’ৰ ভাষণ, লাভ কৰিব প্ৰশংসা…