দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ৭ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

আজি ৭ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৭ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৮২২ চনত ব্ৰাজিলে পৰ্তুগালৰ পৰা স্বাধীনতা ঘোষণা কৰে।
১৯০৬ চনত বেংক অৱ ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হৈছিল।
১৯২৩ চনত ভিয়েনাত ইন্টাৰপল (International Criminal Police Organization) গঠন কৰা হৈছিল।
১৯৩১ চনত লণ্ডনত আৰম্ভ হয় ৰাউণ্ড টেবল সন্মিলনৰ দ্বিতীয় অধিবেশন।
১৯৬৩ চনত অশোক চক্ৰ বিজয়ী এয়াৰ হোষ্টেছ নীৰজা ভানোটৰ জন্ম।
২০১১ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ ৫ নং গেটৰ সমীপত এটা ছুটকেছ ৰখা বোমা বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭৪ জন আহত হয়।
১৯২১ চনত মিছ আমেৰিকা প্ৰতিযোগিতা আৰম্ভ হয়।
১৮১২ চনত নেপোলিয়নে ৰাছিয়াৰ সেনাক পৰাস্ত কৰে।
১৯৫৩ চনত নিকিতা ক্ৰুছেভ ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টিৰ সম্পাদক নিৰ্বাচিত হয়।