শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Job: স্নাতকৰ বাবে চাকৰিঃ খালী ১৩,২১৭ টা পদ, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Job: চাকৰি বিচাৰি থকা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। পুনৰ ওলাইছে চাকৰি। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে নিৰ্ধাৰিত সময়ৰ পূৰ্বে আবেদন কৰিব পাৰে।

Job: স্নাতকৰ বাবে চাকৰিঃ খালী ১৩,২১৭ টা পদ, ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 05 Sep 2025 14:47 PM

ভাল চাকৰি এটা কাকনো নালাগে! গতিকে আপুনিও যদি স্নাতক আৰু চাকৰি বিচাৰি আছে তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো পুনৰ ওলাইছে চাকৰি। শেহতীয়াকৈ আই বি পি এছ আৰ আৰ বি (IBPS RRB) (আঞ্চলিক গ্ৰাম্য বেংক) য়ে বিভিন্ন পদৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে আবেদন কৰিব পাৰে।

ইতিমধ্যে এই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ২১ ছেপ্টেম্বৰ, ২০২৫ লৈ চলি থাকিব। এনে অৱস্থাত নিৰ্ধাৰিত সময়ৰ ভিতৰত আপুনি IBPS ibps.in ৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন জনাব পাৰে। এই খালী পদৰ বাবে আবেদন অধিসূচনা ৩১ আগষ্টত প্ৰকাশ পাইছিল।

খালী পদ

এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত সমগ্ৰ দেশত ১৩,২১৭ টা খালী পদ পূৰণ কৰা হ’ব। ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ বিভিন্ন আঞ্চলিক গ্ৰাম্য বেংক (আৰ আৰ বি)সমূহত পৰীক্ষামূলক বিষয়া (Probationary officer), অফিচাৰ স্কেল ২ আৰু ৩, আৰু  Office assistant বা  কাৰ্যালয় সহায়ক  (কেৰাণী) পদৰ বাবে নিযুক্তি দিয়া হ’ব।

যোগ্যতা

অফিচ এচিষ্টেণ্ট আৰু অফিচাৰ স্কেল ২ পদৰ বাবে আবেদনকাৰীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। অফিচাৰ স্কেল-II স্পেচিয়েলিষ্ট অফিচাৰ (মেনেজাৰ) পদৰ বাবে প্ৰাৰ্থীজনৰ আইনৰ ডিগ্ৰী থাকিব লাগিব। প্ৰতিটো পদৰ বাবে যোগ্যতা বেলেগ বেলেগ হ’ব। অধিক জানিবলৈ IBPS ৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

ইয়াৰোপৰি সকলো পদৰ বাবে বয়সৰ সীমা বেলেগ বেলেগ। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি, দিব্যাংগ প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ’বিচিৰ প্ৰাৰ্থীয়ে বয়সৰ ক্ষেত্ৰত ৩ বছৰ ৰেহাই পাব।

মাচুল

  • সাধাৰণ, অ’বিচি আৰু ইডব্লিউএছ -৮৫০ টকা
  • অনুসূচিত জাতি, অনুসূচিত জাতি আৰু দিব্যাংগ- ১৭৫ টকা।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি IBPS ibps.in ৰ অফিচিয়েল ৱেবছাইট চাওক।
  • হোম পেজত দিয়া CRP-RRB-XIV apply লিংকত ক্লিক কৰক।
  • পঞ্জীয়ন কৰি আবেদন পত্ৰ পূৰণ কৰক।
  • প্ৰয়োজনীয় নথি পত্ৰ দাখিল কৰক।
  • মাচুল জমা দিয়ক।
  • চাবমিট কৰক।
  • অনলাইনৰ দ্বাৰা মাচুল জমা কৰিব পাৰিব।

IBPS RRB Recruitment 2025 Notification pdf– এইটো লিংকত ক্লিক কৰি অধিসূচনা চাব পাৰে।

নিৰ্বাচন প্ৰক্ৰিয়া

৩টা পৰ্যায়ত প্ৰাৰ্থীক নিৰ্বাচন কৰা হ’ব। প্ৰথম পৰ্যায়ত প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ’ব, এই পৰীক্ষাত সফল হোৱাসকলে দ্বিতীয় পৰ্যায়ত বাছনি প্ৰক্ৰিয়া অৰ্থাৎ মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। তৃতীয় পৰ্যায়ত সাক্ষাৎকাৰত হ’ব।

 

 

অন্য খবৰ পঢ়কঃ Job: স্নাতকৰ বাবে ওলাইছে চাকৰি, নালাগে অভিজ্ঞতা! জানক ক’ত, কেনেকৈ আবেদন কৰিব…