শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Teachers Day 2025: সৰ্বপল্লী ৰাধাকৃষ্ণণ কোন বিষয়ৰ শিক্ষক আছিল জানেনে? শিক্ষক দিৱসৰ দিনটোত জানক এই বিষয়ে…

ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে শিক্ষকসকল সমাজৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি। সমাজ গঢ়াত আৰু ছাত্ৰ-ছাত্ৰীক সঠিক দিশ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব আৰু সুযোগ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰিছিল।

Teachers Day 2025: সৰ্বপল্লী ৰাধাকৃষ্ণণ কোন বিষয়ৰ শিক্ষক আছিল জানেনে? শিক্ষক দিৱসৰ দিনটোত জানক এই বিষয়ে…
সৰ্বেপল্লী ৰাধাকৃষ্ণণ
monjit-dutta
Monjit Dutta | Updated On: 05 Sep 2025 15:31 PM

আজি সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে পবিত্ৰ শিক্ষক দিৱস প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ, অৰ্থাৎ আজিৰ দিনটোত দেশত ‘শিক্ষক দিৱস’ উদযাপন কৰি অহা হৈছে। এই দিনটো ভাৰতৰ মহান দাৰ্শনিক, শিক্ষাবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোক দেশত শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয় শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অনন্য অৱদানৰ বাবে তেওঁৰ প্ৰতি আগবঢ়োৱা হৈছে এই সন্মান পিছে তেওঁ কোনখন শিক্ষানুষ্ঠানৰ পৰা শিক্ষাগ্ৰহণ কৰিছিল আৰু কি বিষয়ত শিক্ষকতা কৰিছিল, জানেনে? জানো আহক এই বিষয়ে

° সৰ্বেপল্লী ৰাধাকৃষ্ণণেৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুটানিত। তেওঁৰ পিতৃৰ নাম আছিল সৰ্বেপল্লী বীৰস্বামী আৰু মাতৃৰ নাম সীতাম্মা। পৰিয়ালৰ তিনিটা সন্তানৰ ভিতৰত তেওঁ আছিল দ্বিতীয়। তেওঁ তিৰুটানীৰ কে.ভি. হাইস্কুল আৰু হাৰ্মানছবাৰ্গ ইভানজেলিকেল লুথাৰিয়ান মিছন স্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল।

ইয়াৰ পিছত মাদ্ৰাজ খ্ৰীষ্টান কলেজৰ পৰা বি এ আৰু এম এ ডিগ্ৰী লাভ কৰে সৰ্বেপল্লী ৰাধাকৃষ্ণণে দৰ্শন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা সৰ্বেপল্লী ৰাধাকৃষ্ণণে ১৯০৯ চনত মাদ্ৰাজ প্ৰেচিডেন্সি কলেজত দৰ্শন বিষয়ত শিক্ষকতা আৰম্ভ কৰে। ইয়াৰ পিছত মহীশূৰ বিশ্ববিদ্যালয় আৰু কলিকতা বিশ্ববিদ্যালয়তো তেওঁ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৫২ চনৰ আগষ্ট মাহত তেওঁ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ১৯৬২ চনৰ মে’ মাহলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰে সৰ্বেপল্লী ৰাধাকৃষ্ণণে একে বছৰতে তেওঁ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় আৰু ১৯৬৭ চনৰ মে’ মাহলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰে।

ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা বছৰতে ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীয়ে তেওঁক বিশেষভাৱে জন্মদিন উদযাপন কৰিবলৈ আহ্বান জনাইছিল এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই সৰ্বেপল্লী ৰাধাকৃষ্ণণে তেওঁৰ জন্মদিনটো ব্যক্তিগতভাৱে উদযাপনৰ পৰিৱৰ্তে সমগ্ৰ দেশৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে উৎসৰ্গিত ‘শিক্ষক দিৱস’ হিচাপে পালন কৰিবলৈ পৰামৰ্শ দিছিল।

ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে শিক্ষকসকল সমাজৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি। সমাজ গঢ়াত আৰু ছাত্ৰ-ছাত্ৰীক সঠিক দিশ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব আৰু সুযোগ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰিছিল। তেতিয়াৰ পৰাই শিক্ষক-শিক্ষয়িত্ৰী আৰু সমাজলৈ তেওঁলোকৰ অৱদানক সন্মান জনাই ৫ ছেপ্টেম্বৰ দিনটোত শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়।