শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
manas-borah
Manas Borah | Published: 02 Oct 2025 09:49 AM

আজি ২ অক্টোবৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

মহাত্মা গান্ধীৰ জন্ম। ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্ম মহনদাস কৰমচান্দ গান্ধীৰ।

লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম। ১৯০৪ চনৰ ২ অক্টোবৰত “জয় জৱান, জয় কিষাণ” শ্লোগানৰ বাবে বিখ্যাত ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হয়।

২০০৭ চনত ৰাষ্ট্ৰসংঘই মহাত্মা গান্ধীৰ জন্মদিনটো আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে ঘোষণা কৰে, অহিংসা আৰু শান্তিৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে।

স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভ। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোতে দেশজোৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল, যিয়ে স্বচ্ছতা আৰু নাগৰিক দায়বদ্ধতাক প্ৰসাৰিত কৰে।

১৪৯২ চনত ব্ৰিটেইনৰ ৰজা সপ্তম হেনৰীয়ে ফ্ৰান্স আক্ৰমণ কৰে।

১৯৫১ চনত শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰে।

১৯৮২ চনত তেহৰাণত হোৱা বোমা বিস্ফোৰণত ৬০ জন নিহত আৰু ৭০০ জন আহত হয়।

১৯৮৮ চনত কোৰিয়াৰ ছিউলত ২৪ সংখ্যক অলিম্পিক গেমছৰ সামৰণি পৰে।