দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ৮ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।
আজি ৮ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৮ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৯৪৫ চনৰ আজিৰ দিনটোতে হংকঙত নাও দুৰ্ঘটনাত ১৫৫০ জন লোকৰ মৃত্যু হয়।
১৯৫৬ চনত ৰাষ্ট্ৰসংঘই তেতিয়াৰ ছোভিয়েট ইউনিয়নক ইউৰোপীয় দেশ হাংগেৰীৰ পৰা আঁতৰি আহিবলৈ আবেদন জনায়।
১৯৬৭ চনত আমেৰিকাই নেভাদাত পাৰমাণৱিক পৰীক্ষা চলায়।
১৯৮৮ চনৰ আজিৰ দিনটোতে চীনত এক ভয়াৱহ ভূমিকম্পৰ ফলত ৯০০ জন লোকৰ মৃত্যু হয়।
১৯৯২ চনত জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত বৰ্ণবাদৰ বিৰুদ্ধে বিক্ষোভত তিনি লাখ লোকে অংশগ্ৰহণ কৰে।
১৯৯৮ চনত বাংলাদেশত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী শ্বেখ মুজিবুৰ ৰহমানক হত্যা কৰাৰ অপৰাধত ১৫ জন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।
১৯৯৯ চনত ৰাহুল দ্ৰাবিড় আৰু শচীন তেণ্ডুলকাৰে এদিনীয়া ক্ৰিকেট খেলত ৩৩১ ৰান ভাগ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
২০০১ চনত আফগানিস্তানত পুনৰ প্ৰচণ্ড বোমা বিস্ফোৰণ আৰম্ভ হয়।
২০০২ চনত মেনিলাত আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সন্মিলনৰ দুদিনীয়া বৈঠক আৰম্ভ হয়।