দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ১৮ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।
আজি ১৮ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৮ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
আজি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্ম দিন। ১৯৭১ চনৰ ১৮ নৱেম্বৰত জন্ম হৈছিল জুনিন গাৰ্গৰ।
১৭৩৮ চনত ফ্ৰান্স আৰু অষ্ট্ৰিয়াৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।
১৯০৯ চনত আমেৰিকাই নিকাৰাগুয়া আক্ৰমণ কৰে।
১৯১৮ চনত উত্তৰ-পূব ইউৰোপৰ এখন দেশ লাটভিয়াই ৰাছিয়াৰ পৰা স্বাধীনতা ঘোষণা কৰে।
১৯৫১ চনত ইজিপ্তৰ ইছমাইলিয়া অঞ্চল ব্ৰিটিছ বাহিনীয়ে দখল কৰে।
১৯৫৬ চনত মৰক্কোৱে স্বাধীনতা লাভ কৰে।
১৯৫৯ চনত আই এন এছ বিৰাটক ব্ৰিটিছ ৰয়েল নেভিত কমিচন দিয়া হয়।
২০০৫ চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী মহিন্দ ৰাজাপাক্ষক শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
২০১৩ চনত আমেৰিকাৰ মহাকাশ সংস্থা নাছাই মেভেন মহাকাশযান মংগল গ্ৰহলৈ প্ৰেৰণ কৰে।
২০১৭ চনত ভাৰতৰ মনুষী চিল্লাৰে ‘মিছ ৱৰ্ল্ড ২০১৭’ খিতাপ লাভ কৰে।