দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ১ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।
আজি ১ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৭৫৫ চনৰ আজিৰ দিনটোতে পৰ্তুগালৰ ৰাজধানী লিছবনত ভূমিকম্পৰ ফলত ৫০ হাজাৰৰো অধিক লোকৰ মৃত্যু হয়।
১৮০০ চনত জন এডামছ হোৱাইট হাউছত বাস কৰা প্ৰথমজন আমেৰিকাৰ ৰাষ্ট্ৰপতি হয়।
১৯১৩ চনত কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত স্বাধীনতা সংগ্ৰামী তৰকনাথ দাসে ঘদৰ আন্দোলন আৰম্ভ কৰে।
১৯২২ চনত অট্টোমান সাম্ৰাজ্য ভংগ হয়। ইয়াৰ চুলতান মাহমুদ ষষ্ঠক পদচ্যুত কৰা হয়।
১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ বাহিনী নেদাৰলেণ্ডৰ ৱালচেৰেনত উপস্থিত হয়।
১৯৫০ চনত চিত্তৰঞ্জন ৰে’লৱে কাৰখানাত ভাৰতৰ প্ৰথমটো ভাপ ইঞ্জিন নিৰ্মাণ কৰা হয়।
১৯৫২ চনত জয় নাৰায়ণে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰে।
১৯৫৪ চনত ফ্ৰান্সৰ ভূখণ্ড পণ্ডিচেৰী, কাৰাইকাল, মাহে, আৰু য়ানাওন ভাৰত চৰকাৰৰ হাতত অৰ্পণ কৰা হয়।
১৯৫৬ চনত কৰ্ণাটক ৰাজ্য প্ৰতিষ্ঠা হয়।