শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

১৯৭৪ চনৰ আজিৰ দিনটোতে ভাৰতে হেডিংলিত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ খেলিছিল। ১৮৩০ চনৰ আজিৰ দিনটোতে ৰাজা ৰাম মোহন ৰায় আৰু আলেকজেণ্ডাৰ ডাফে ভাৰতৰ কলিকতাত স্কটিছ চাৰ্চ কলেজ প্ৰতিষ্ঠা কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…
দিনটোৰ ইতিহাসImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 13 Jul 2025 09:23 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ১৩ জুলাইৰ দিনটো ইতিহাসৰৰ পাতত লিপিবদ্ধ হৈ আছে। ১৮৩০ চনৰ আজিৰ দিনটোতে ৰাজা ৰাম মোহন ৰায় আৰু আলেকজেণ্ডাৰ ডাফে ভাৰতৰ কলিকতাত স্কটিছ চাৰ্চ কলেজ প্ৰতিষ্ঠা কৰে। ১৯৩০ চনৰ আজি দিনটোৰে পৰা উৰুগুৱেত প্ৰথম ফিফা বিশ্বকাপ আৰম্ভ হয়। ১৯৭৪ চনৰ আজিৰ দিনটোতে ভাৰতে হেডিংলিত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ খেলিছিল। ইয়াৰ উপৰিও ১৯৩১ চনৰ আজিৰ দিনটোত কাশ্মীৰত প্ৰথম সাম্প্ৰদায়িক হিংসা সংঘটিত হয়। এই দিনটোক কাশ্মীৰ শ্বহীদ দিৱস বুলি জনা যায়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  1. ১৮৩০ চনৰ আজিৰ দিনটোতে কলিকতা (বৰ্তমান কলকাতা)ত ৰাজা ৰাম মোহন ৰায় আৰু আলেকজেণ্ডাৰ ডাফে স্কটিছ চাৰ্চ কলেজ প্ৰতিষ্ঠা কৰিছিল। এই মহাবিদ্যালয়খনে ঔপনিৱেশিক ভাৰতত আধুনিক শিক্ষা আৰু ধৰ্ম সংস্কাৰৰ প্ৰসাৰৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
  2. ১৯৩০ চনৰ আজিৰ দিনটোৰ পৰা উৰুগুৱেত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় ফিফা বিশ্বকাপ।
  3. ১৯৩১ চনত কাশ্মীৰত আধুনিক যুগত প্ৰথম সাম্প্ৰদায়িক হিংসা সংঘটিত হৈছিল। যাৰ বাবে আজিৰ দিনটোক কাশ্মীৰ শ্বহীদ দিৱস হিচাপে স্মৰণ কৰা হয়। যিটো অঞ্চলটোৰ ইতিহাসৰ এক উল্লেখযোগ্য পৰিঘটনা গণ্য কৰা হয়।
  4. ১৯৭৪ চনত আজিৰ দিনটোতে হেডিংলেত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ খেলিছিল।
  5. ১৯৭৭ চনত নিউয়ৰ্ক চহৰত প্ৰায় ২৪ ঘণ্টা ধৰি এক বৃহৎ ব্লেকআউটৰ সৃষ্টি হয়, যাৰ ফলত ব্যাপক জুই আৰু লুণ্ঠন সংঘটিত হয়।
  6. ১৯৮৫ চনৰ আজিৰ দিনটোতে ইথিওপিয়াৰ দুৰ্ভিক্ষ সাহায্যৰ বাবে ধন সংগ্ৰহৰ বাবে লণ্ডন আৰু ফিলাডেলফিয়াত অনুষ্ঠিত হৈছিল বিশ্বব্যাপী কনচাৰ্ট ছিৰিজ লাইভ এইড(Live Aid)।