শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২০২৫ চনত ভাৰতীয় লোকে কোনবোৰ ৱেবছাইটত বেছিকৈ ভিজিট কৰিছে জানেনে?

কেতিয়াবা বজাৰ কৰিবলৈ, কেতিয়াবা ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ আৰু কেতিয়াবা তথ্য লাভ কৰিবলৈ বিভিন্ন ৱেবচাইটত ভিজিট কৰোঁ। কিন্তু ভাৰতত কোনবোৰ ৱেবছাইটত বেছি সংখ্যক নেট ব্যৱহাৰকাৰী ভিজিট কৰে জানেনে?

২০২৫ চনত ভাৰতীয় লোকে কোনবোৰ ৱেবছাইটত বেছিকৈ ভিজিট কৰিছে জানেনে?
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 13 Jul 2025 17:13 PM

বৰ্তমানৰ ডিজিটেলৰ সময়ত আমি প্ৰতিদিনে বহুতো ৱেবচাইটত ভিজিট কৰোঁ। কেতিয়াবা বজাৰ কৰিবলৈ, কেতিয়াবা ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ আৰু কেতিয়াবা তথ্য লাভ কৰিবলৈ বিভিন্ন ৱেবচাইটত ভিজিট কৰোঁ। কিন্তু ভাৰতত কোনবোৰ ৱেবছাইটত বেছি সংখ্যক নেট ব্যৱহাৰকাৰী ভিজিট কৰে জানেনে?

ভাৰতৰ শীৰ্ষ ১০ টা ভিজিটেড ৱেবছাইট

Google.com: গুগল কেৱল এটা চাৰ্চ ইঞ্জিন নহয়, প্ৰতিজন ভাৰতীয়ৰ ডিজিটেলৰ আৰম্ভণি। মানুহে ইয়াক প্ৰশ্নৰ উত্তৰ, তথ্য, বাতৰি, মানচিত্ৰ আনকি বজাৰ কৰাৰ বাবেও ব্যৱহাৰ কৰে।

YouTube.com: ভিডিঅ’ চোৱাৰ বাবে ভাৰতৰ আটাইতকৈ প্ৰিয় ৱেবছাইটটো হ’ল ইউটিউব। ইয়াত মানুহে মনোৰঞ্জন, শিক্ষা, সংগীত, ৰন্ধন, ফিটনেছ আদি ক্ষেত্ৰৰ ভিডিঅ’ উপভোগ কৰে আৰু তথ্য লাভ কৰে।

Instagram.com: ই যুৱক-যুৱতীসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম। ইনষ্টাগ্ৰামত ফটো, ভিডিঅ’, ৰিল আৰু ষ্টৰীৰ জৰিয়তে মানুহ ইজনে সিজনৰ লগত সংযুক্ত হৈ থাকে।

ChatGPT.com: এই AI ভিত্তিক ৱেবছাইটটো ভাৰতত দ্ৰুতগতিত জনপ্ৰিয় হৈ উঠিছে। ছাত্ৰ-ছাত্ৰী, পেছাদাৰী আৰু কনটেণ্ট ক্ৰিয়েটৰসকলে ইয়াক তথ্য লাভ কৰিবলৈ আৰু কাম সহজ কৰি তুলিবলৈ ব্যৱহাৰ কৰিছে।

Facebook.com: বিশেষকৈ ভাৰতীয় ব্যৱহাৰকাৰীৰ বাবে ফেচবুক এতিয়াও ছ’চিয়েল মিডিয়াৰ মূল মঞ্চ। ইয়াত মানুহ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সংযুক্ত হৈ থাকে।

WhatsApp.com: WhatsApp এটা এপ, কিন্তু ইয়াৰ ৱেবছাইটটোও লাখ লাখ লোকে ভিজিট কৰে, বিশেষকৈ ব্যৱসায়িক একাউণ্ট আৰু হোৱাটছএপ ৱেব ব্যৱহাৰ কৰিবলৈ।

Amazon.in: অনলাইন বজাৰ কৰাৰ ক্ষেত্ৰত ই আটাইতকৈ ডাঙৰ নাম। ইয়াৰ পৰাই মানুহে মোবাইল, কাপোৰ, ইলেক্ট্ৰনিকছ, গেলামালৰ দৰে হাজাৰ হাজাৰ সামগ্ৰী বজাৰ কৰে।

Cricbuzz.com: ভাৰতীয় ক্ৰিকেট প্ৰেমী ক্ৰিকবাজৰ সৈতে সংযুক্ত। মেচৰ স্ক’ৰ, আপডেট, বাতৰি আৰু মন্তব্যৰ বাবে ইয়াক আটাইতকৈ বিশ্বাসযোগ্য ৱেবছাইট হিচাপে গণ্য কৰা হয়।

X.com: পূৰ্বে টুইটাৰ নামেৰে জনাজাত এই প্লেটফৰ্ম বাতৰি, ৰাজনীতি আৰু লাইভ ইভেণ্টৰ তথ্যৰ বাবে জনপ্ৰিয়।

Wikipedia.org: ইতিহাস, বিজ্ঞান, জীৱনী বা যিকোনো ঘটনাৰ সবিশেষ যদি প্ৰয়োজন হয়, তেন্তে ৱিকিপিডিয়া হৈছে আটাইতকৈ সহজ উপায়।

ভাৰতত ইণ্টাৰনেটৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। মানুহে এতিয়া মোবাইল আৰু লেপটপৰ জৰিয়তে বহু ৱেবছাইট ব্যৱহাৰ কৰে। গুগল আৰু ইউটিউব শীৰ্ষত আছে, আনহাতে সামাজিক সংযোগৰ বাবে ইনষ্টাগ্ৰাম আৰু ফেচবুক গুৰুত্বপূৰ্ণ। ChatGPTৰ দৰে AIৰ জনপ্ৰিয়তাই দেখুৱাইছে যে, মানুহে এতিয়া স্মাৰ্ট কামৰ দিশত আগবাঢ়িছে।