ঘৰ কিনাৰ বাবে উলিয়াব পাৰিব PF ৰ ৯০ শতাংশ ধন, নতুন নিয়ম জানক…
EPFO য়ে বিশেষ সুবিধা প্ৰদান কৰিছে। কি সেই সুবিধা? এতিয়া আপুনি পি এফ একাউণ্টত জমা হোৱা ধনৰ ৯০ শতাংশ নতুন ঘৰ ক্ৰয়, নিৰ্মাণ বা ই এম আই দিয়াৰ বাবে উলিয়াব পাৰিব।

EPF ৰ গ্ৰাহকৰ বাবে ভাল খবৰ। অপেক্ষা কৰিব নালাগে অৱসৰৰ বাবে। চাকৰিৰ কালতে আপোনাৰ সপোন পূৰণ হ’ব পাৰে। কৰ্মচাৰীক বৃহৎ সকাহ দিবলৈ EPF ৰ পৰা ধন উলিওৱাৰ নিয়মত বৃহৎ পৰিৱৰ্তন কৰা হৈছে। এতিয়া PFত জমা হোৱা টকাৰে পূৰণ কৰিব পাৰিব আপোনাৰ সপোন।
প্ৰথমবাৰৰ বাবে ঘৰ ক্ৰয় কৰা সকলৰ বাবে EPFO য়ে বিশেষ সুবিধা প্ৰদান কৰিছে। কি সেই সুবিধা? এতিয়া আপুনি পি এফ একাউণ্টত জমা হোৱা ধনৰ ৯০ শতাংশ নতুন ঘৰ ক্ৰয়, নিৰ্মাণ বা ই এম আই দিয়াৰ বাবে উলিয়াব পাৰিব। ইপিএফ আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত কৰা 68-BD অনুচ্ছেদৰ অধীনত কোৱা হৈছে যে, পিএফৰ গ্ৰাহকে প্ৰথমবাৰৰ বাবে ঘৰ ক্ৰয় কৰিলে এই সুবিধা লাভ কৰিব। ধন উলিওৱাৰ যোগ্যতাৰ সময়সীমাও একাউণ্ট খোলাৰ ৫ বছৰৰ পৰা ৩ বছৰলৈ হ্ৰাস কৰা হৈছে। অৰ্থাৎ পি এফ একাউণ্ট খোলাৰ ৩ বছৰ পিছতে একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব।
পূৰ্বে পি এফ একাউণ্ট খোলাৰ নূন্যতম ৫ বছৰ পিছতহে ধন উলিয়াব পৰা গৈছিল। তেতিয়াও মাত্ৰ ৩৬ মাহৰ জমা ধন আৰু সুত উলিয়াব পাৰিছিল গ্ৰাহকে। পি এফৰ টকাৰে ঘৰ কিনাৰ ক্ষেত্ৰত কেইবাটাও নিয়ম আৰু বাধা আছিল। এতিয়াৰ পৰা সেই সকলোবোৰ বাধা আৰু নাথাকিব। কিন্তু গ্ৰাহকে ঘৰ নিৰ্মাণৰ বাবে এবাৰহে পি এফ একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব।
ইপিএফ একাউণ্টৰ নিয়মত আৰু কিছু সাল-সলনি কৰা হৈছে। উদাহৰণস্বৰূপে, এতিয়াৰ পৰা জৰুৰীকালীন বা হঠাৎ প্ৰয়োজন হ’লে পিএফৰ পৰা ১ লাখ টকা পৰ্যন্ত উলিয়াব পাৰিব।
ইয়াৰ উপৰিও অটমেটিক ক্লেইম চেটেলমেণ্টৰ লিমিটো ১ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। পি এফৰ ধন উলিওৱাৰ বাবে আৱেদন প্ৰক্ৰিয়া আৰু পৰীক্ষণৰ নিয়মো সহজ কৰি তোলা হৈছে। বৰ্তমান ৩ৰ পৰা ৪ দিনৰ ভিতৰত পিএফৰ ৯৫ শতাংশ ক্লেইম চেট্টোল হয়। পঢ়া-শুনা, বিবাহ, বা চিকিৎসাৰ বাবে যদি হঠাৎ টকাৰ প্ৰয়োজন হয়, তেন্তে আপুনি সহজে পি এফ একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব।