শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

SSC CGL Tier 1 পৰীক্ষাৰ ফলাফল ঘোষণাঃ কেতিয়া হ’ব Tier 2 পৰীক্ষা, চাওক…

আজি ঘোষণা কৰা হৈছে SSC CGL 2024 Tier 1 পৰীক্ষাৰ ফলাফল। আয়োগৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত ফলাফল প্ৰকাশ পাইছে। এতিয়া Tier 1 পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে Tier 2 পৰীক্ষাত অৱতীৰ্ণ হ’ব। আজি ঘোষিত ফলাফল কিদৰে চাব আৰু Tier 2 পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব, চাওক।

SSC CGL Tier 1 পৰীক্ষাৰ ফলাফল ঘোষণাঃ কেতিয়া হ’ব Tier 2 পৰীক্ষা, চাওক…
প্ৰতিনিধিত্বমূলক ছবি
Monjit Dutta
Monjit Dutta | Published: 06 Dec 2024 13:31 PM

ষ্টাফ চিলেকশ্যন কমিচন, চমুকৈ SSC- এ আজি ঘোষণা কৰিছে SSC CGL 2024 Tier 1 পৰীক্ষাৰ ফলাফল। আয়োগৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত ফলাফল প্ৰকাশ পাইছে। এতিয়া Tier 1 পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে Tier 2 পৰীক্ষাত অৱতীৰ্ণ হ’ব। ইতিপূৰ্বে Tier 2 পৰীক্ষাৰ সূচী ষ্টাফ চিলেকশ্যন কমিচনে ঘোষণা কৰিছিল। উল্লেখ্য যে আয়োগে ৬ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ দেশৰ বিভিন্ন কেন্দ্ৰত সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষা (CGL) ২০২৪ Tier 1 পৰীক্ষা অনুষ্ঠিত কৰিছিল।

এই CGL পৰীক্ষাৰ জৰিয়তে আয়োগে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়, বিভাগ আৰু সংগঠনৰ লগতে কেইবাটাও সাংবিধানিক সংস্থা, বিধিগত সংস্থা আৰু ন্যায়াধিকৰণত মুঠ ১৭,৭২৭টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদত নিযুক্তি প্ৰদান কৰিব। আজি ঘোষণা হোৱা Tier 1 পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে পঞ্জীয়ন নম্বৰ আৰু জন্ম তাৰিখ আদি প্ৰয়োজনীয় তথ্য পূৰণ কৰি স্ক’ৰকাৰ্ড পৰীক্ষা কৰিব পাৰিব।

তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি আপুনি SSC CGL 2024 Tier-1 পৰীক্ষাৰ ফলাফল চাব পাৰিব-

SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in লৈ যাওক।

হোম পেজত দিয়া ‘Result’ টেবত ক্লিক কৰক।

এতিয়া ইয়াত CGL Tier 1 Result লিংকত ক্লিক কৰক।

পঞ্জীয়ন নম্বৰ, জন্ম তাৰিখ আদি তথ্য পূৰ কৰি চাবমিট কৰক।

ইয়াৰ পিছতে আপুনি ফলাফল চাব পাৰিব।

উল্লেখ্য যে ইতিমধ্যে আয়োগে Tier 1 পৰীক্ষাৰ অস্থায়ী উত্তৰ তালিকা মুকলি কৰিছিল। প্ৰাৰ্থীসকলক এই সন্দৰ্ভত আপত্তি পঞ্জীয়ন কৰিবলৈ ৩ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ সময় দিয়া হৈছিল। Tier 1 পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ হ’লে জেনেৰেল শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে ৩০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। একেদৰে অ’বিচি আৰু ই ডব্লিউ এছ পৰীক্ষাৰ্থীয়ে ২৫ শতাংশ নম্বৰ লাভ কৰিব লাগিব। আনহাতে এছ চি আৰু এছ টি শাখাৰ পৰীক্ষাৰ্থীয়ে ২০ শতাংশ নম্বৰ লাভ কৰিব লাগিব।

আয়োগে পূৰ্বে প্ৰকাশ কৰা সূচী অনুসৰি SSC CGLৰ এই Tier 2 পৰীক্ষা অহা বৰ্ষৰ ১৮, ১৯ আৰু ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব। আজি ঘোষিত Tier 1 পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে এই Tier 2 পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। Tier 2 পৰীক্ষাৰ বাবে নিৰ্ধাৰিত সময়ত এডমিট কাৰ্ড প্ৰদান কৰা হ’ব। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে ষ্টাফ চিলেকশ্যন কমিচনৰ অফিচিয়েল ৱেবছাইট চাব পাৰিব।