ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম আৰু নিৰ্ভীকতাৰে যুঁজ দিয়া প্ৰখ্যাত সমাজ কৰ্মী তথা পদ্মশ্ৰী বঁটা বিজয়ী বিৰুবালা ৰাভাৰ ২০২৪ চনৰ ১৩ মে'ত মৃত্যু হয় । তেওঁৰ মৃত্যুৰ দিনটো "কু-সংস্কাৰ বিৰোধী দিৱস" হিচাপে ঘোষণা কৰে অসম চৰকাৰে । ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ইতিহাস ।

Image Credit source: Wikimedia Commons
১৩ মে’ৰ দিনটো বিভিন্ন ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ । ৰাজ্যত ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম আৰু নিৰ্ভীকতাৰে যুঁজ দিয়া প্ৰখ্যাত সমাজ কৰ্মী তথা পদ্মশ্ৰী বঁটা বিজয়ী বিৰুবালা ৰাভাৰ ২০২৪ চনৰ ১৩ মে’ত মৃত্যু হয় । তেওঁৰ মৃত্যুৰ দিনটো “কু-সংস্কাৰ বিৰোধী দিৱস” হিচাপে ঘোষণা কৰে অসম চৰকাৰে ।
১৯৫২ চনৰ ১৩ মে’ত স্বাধীন ভাৰতৰ প্ৰথম সংসদ অধিৱেশন আহ্বান কৰা হয়। ১৯৫২ চনৰ ৩ এপ্ৰিলত প্ৰথমবাৰৰ বাবে উচ্চ সদন অৰ্থাৎ ৰাজ্যসভা গঠন হয় আৰু একেদৰে ১৯৫২ চনৰ ১৭ এপ্ৰিলত প্ৰথম লোকসভা গঠন হয় ।
চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান ঘটনা পৰিঘটনা
- ১৮৩০ চনৰ আজিৰ দিনটোতে ইকুৱেডৰ ৰিপাব্লিক প্ৰতিষ্ঠা।
- ১৯০৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ জন্ম হয়।
- ১৯৫২ চনৰ আজিৰ দিনটোতে স্বাধীন ভাৰতত সংসদৰ প্ৰথম অধিৱেশন আহ্বান।
- ১৯৬২ চনৰ আজিৰ দিনটোতে সৰ্বপল্লী ৰাধাকৃষ্ণণ দেশৰ দ্বিতীয় ৰাষ্ট্ৰপতি হয়।
- প্ৰখ্যাত সমাজ কৰ্মী তথা পদ্মশ্ৰী বঁটা বিজয়ী বিৰুবালা ৰাভা ২০২৪ চনৰ ১৩ মে’ত মৃত্যু হয় । তেওঁৰ মৃত্যুৰ দিনটো “কু-সংস্কাৰ বিৰোধী দিৱস” হিচাপে ঘোষণা কৰে অসম চৰকাৰে ।
- ১৯৯৮ চনৰ আজিৰ দিনটোতে সমগ্ৰ বিশ্বৰ সমালোচনা আৰু হেঁচাক আওকাণ কৰি ভাৰতে আৰু দুটা পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।