শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত আছিল অসীম মুনিৰ!কেনেকৈ ৰচিছিল ষড়যন্ত্ৰ?

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত আছিল অসীম মুনিৰ!কেনেকৈ ৰচিছিল ষড়যন্ত্ৰ?

trishna-kalita
Trishna Kalita | Updated On: 12 May 2025 20:54 PM

পহলগাম কাণ্ডৰ ঠিক আগতে ৰাজহুৱাভাৱে ধৰ্মৰ নামত মানুহক বিভাজিত কৰাৰ কথা কৈছিল মুনিৰে। অতীতত ঘটা বিভিন্ন ঘটনাৰ দিশেৰে চাবলৈ গ’লে মুনিৰে সদায় ধৰ্মীয় মৌলবাদত বিশ্বাস কৰি আহিছে। পাকিস্তানত মানুহে তেওঁক জেহাদী জেনেৰেল বুলি কয়।

কাশ্মীৰত হামাছৰ দৰে গণহত্যাৰ পৰিকল্পনা আছিল পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰৰ মগজুৰ সৃষ্টি। পহলগাম কাণ্ডৰ ঠিক আগতে ৰাজহুৱাভাৱে ধৰ্মৰ নামত মানুহক বিভাজিত কৰাৰ কথা কৈছিল মুনিৰে। অতীতত ঘটা বিভিন্ন ঘটনাৰ দিশেৰে চাবলৈ গ’লে মুনিৰে সদায় ধৰ্মীয় মৌলবাদত বিশ্বাস কৰি আহিছে। পাকিস্তানত মানুহে তেওঁক জেহাদী জেনেৰেল বুলি কয়। ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ আঁৰত অভিলাষী মুনীৰৰ বিভিন্ন ধাৰণা আছিল।

তেওঁ সেনাধ্যক্ষৰ দায়িত্ব লৈ দেখিলে যে সেনাবাহিনীৰ নামত যিখন পাকিস্তানত বাঘ আৰু গৰুৱে একেটা ঘাটতে পানী খাইছিল,  এতিয়া সেই দেশৰ লোকে সেনাবাহিনীক অপমান কৰি আছে। বিশেষকৈ ইমৰাণ খানৰ কাৰাদণ্ড দেশৰ বহু লোকে মানি ল’ব পৰা নাছিল। আৰু বেলুচিস্তান আৰু খাইবাৰ-পাখতুনখোৱাত পাকিস্তান সেনাই নিজৰ ইউনিফৰ্ম খুলিবলৈ বাধ্য হৈছিল। যাৰ বাবে মুনিৰে পাকিস্তান সেনাৰ ক্ষমতা দেখুৱাবলৈ ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। তাৰ পাছত ভাৰতে প্ৰতিশোধ ল’ব, য’ত সীমিত পৰিসৰত যুদ্ধ হ’ব।