শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“এই জয়ে প্ৰধানমন্ত্ৰী মোদীৰ জনকেন্দ্ৰিক নীতিৰ সমৰ্থনক প্ৰতিফলিত কৰিছে”, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত NDA ৰ ফলাফলকলৈ কি ক’লে অমিত শ্বাহে ?

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মঙলবাৰে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এক ‘ঐতিহাসিক বিজয়’ দিয়াৰ বাবে অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে তেওঁ কয় যে, "এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকেন্দ্ৰিক নীতিৰ সমৰ্থন।"

“এই জয়ে প্ৰধানমন্ত্ৰী মোদীৰ জনকেন্দ্ৰিক নীতিৰ সমৰ্থনক প্ৰতিফলিত কৰিছে”, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত NDA ৰ ফলাফলকলৈ কি ক’লে অমিত শ্বাহে ?
অমিত শ্বাহৰ সৈতে হিমন্ত বিশ্ব শৰ্মাImage Credit source: PTI
manas-borah
Manas Borah | Published: 13 May 2025 18:31 PM

অসমৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শনকলৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মঙলবাৰে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এক ‘ঐতিহাসিক বিজয়’ দিয়াৰ বাবে অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে তেওঁ কয় যে, “এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকেন্দ্ৰিক নীতিৰ সমৰ্থন।”

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেলত দিয়া এটা পোষ্টত কয় যে, পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ শতাংশ ভোটৰ লাভ কৰি জিলা পৰিষদত ৩৯৭খন আসনৰ ভিতৰত ৩০০খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে এনডিএ প্ৰাৰ্থীয়ে । ইয়াৰ বিপৰীতে শাসকীয় মিত্ৰজোঁটে ৬৬ শতাংশ ভোট লাভ কৰি আঞ্চলিক পঞ্চায়তৰ ২,১৯২খন আসনৰ ভিতৰত ১,৪৩৬খন আসন লাভ কৰিছে ।

অসমৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ এই প্ৰদৰ্শনৰ পাছতে এক্স হেণ্ডেলত গৃহমন্ত্ৰী অমিত শ্বাহে লিখিছে, “২০২৫ চনৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এক ঐতিহাসিক জয় প্ৰদান কৰাৰ বাবে অসমবাসীলৈ কৃতজ্ঞতা। এই জয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকেন্দ্ৰিক নীতিৰ সমৰ্থন, যিয়ে অসমত শান্তি আৰু সমৃদ্ধিৰ নতুন যুগ কঢ়িয়াই আনিছে।”

ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নৰ বাৰ্তা দুৱাৰে দুৱাৰে কঢ়িয়াই নিয়াৰ প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে ৰাজ্যিক বিজেপিক কৰ্মী সকলক অভিনন্দন জনাই গৃহমন্ত্ৰীগৰাকীয়ে । “আমি একেলগে সকলোৰে বাবে এখন উন্নত অসম গঢ়িম।” এইদৰে কয় অমিত শ্বাহে ।