শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানক পুনৰ প্ৰদান কৰা হ’ব নেকি সিন্ধু জল চুক্তিৰ সুবিধা! বৈদেশিক মন্ত্ৰালয়ে ক’লে এইদৰে…

অপাৰেচন সেন্দূৰৰ জৰিয়তে পাকিস্তানক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ পিছত এতিয়া বৈদেশিক মন্ত্ৰালয়েও চুবুৰীয়া দেশখনক তীব্ৰ ভাষাৰে সকীয়নি প্ৰদান কৰিছে। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে স্থগিত ৰখা সিন্ধু জল চুক্তি এতিয়া স্থগিত হৈ থাকিব বুলি নিশ্চিত কৰি দিছে বৈদেশিক মন্ত্ৰালয়ে।

পাকিস্তানক পুনৰ প্ৰদান কৰা হ’ব নেকি সিন্ধু জল চুক্তিৰ সুবিধা! বৈদেশিক মন্ত্ৰালয়ে ক’লে এইদৰে…
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 13 May 2025 20:22 PM

সামৰিক সংঘাতৰ অন্ত পেলাই শনিবাৰে সন্ধিয়া যুদ্ধবিৰতি ঘোষণা কৰে দুই চুবুৰীয়া দেশ ভাৰত আৰু পাকিস্তানে। যুদ্ধবিৰতিৰ পিছৰে পৰা ভাৰতে পাকিস্তানৰ প্ৰতি শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি আহিছে। অপাৰেচন সেন্দূৰৰ জৰিয়তে পাকিস্তানক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ পিছত এতিয়া বৈদেশিক মন্ত্ৰালয়েও চুবুৰীয়া দেশখনক তীব্ৰ ভাষাৰে সকীয়নি প্ৰদান কৰিছে। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে স্থগিত ৰখা সিন্ধু জল চুক্তি এতিয়া স্থগিত হৈ থাকিব বুলি নিশ্চিত কৰি দিছে বৈদেশিক মন্ত্ৰালয়ে।

অৰ্থাৎ সামৰিক দিশত পাকিস্তানক পৰাস্ত কৰাৰ পিছত ভাৰতে এতিয়া কুটনৈতিকভাৱেও দেশখনৰ ওপৰত হেঁচাৰ সৃষ্টি কৰিব। চুবুৰীয়া দেশখনে এতিয়া ভাৰতৰ পৰা পানী লাভৰ পৰাও বঞ্চিত হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে সদিচ্ছা আৰু বন্ধুত্বৰ মনোভাৱেৰে সিন্ধু জল চুক্তি সম্পাদন কৰা হৈছিল। কিন্তু পাকিস্তানে নিজৰ স্থিতি সলনি নকৰালৈকে এই চুক্তিৰ সুবিধা লাভ নকৰিব।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি সিন্ধু জল চুক্তি সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰি দিয়ে। তেওঁ সদৰী কৰা মতে কেবিনেট কমিটি অন চিকিউৰিটি (CCS)ৰ সিদ্ধান্ত অনুসৰি যেতিয়ালৈকে পাকিস্তানে সীমান্ত সিপাৰৰ সন্ত্রাসবাদৰ প্ৰতি সমৰ্থন বিশ্বাসযোগ্যভাৱে আৰু চিৰদিনৰ বাবে ত্যাগ নকৰে, তেতিয়ালৈকে ভাৰতে এই চুক্তি স্থগিত ৰাখিব।

জয়ছোৱালে লগতে কয় যে পাকিস্তানী পক্ষই দিয়া বক্তব্য দেখিবলৈ পোৱা গৈছে। ঔদ্যোগিক পৰ্যায়ত সন্ত্ৰাসবাদক প্ৰচাৰ কৰা দেশ এখনে ইয়াৰ পৰিণতিৰ পৰা সাৰি যাব পাৰে বুলি ভবাটো মূৰ্খামি বুলিও মন্তব্য কৰে মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে। এই কথা পাকিস্তানে যিমান সোনকালে বুজিব সিমানেই ভাল হ’ব বুলিও তেওঁ লগতে উল্লেখ কৰে। ইফালে নিজৰ বিজয় হোৱা বুলি দাবী কৰাটো পাকিস্তানৰ পুৰণি অভ্যাস বুলি জয়ছোৱালে কটাক্ষ কৰে।

১৯৭১, ১৯৭৫ আৰু ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত পাকিস্তানে এইদৰে বিজয়ৰ দাবী কৰিছিল বুলি উল্লেখ কৰি জয়ছোৱালে লগতে এয়া পাকিস্তানৰ পুৰণি মনোভাৱ বুলি মনতব্য কৰে আৰু আত্মসমৰ্পণ কৰিলেও পাকিস্তানে জয়ৰ ঢোল বজাই থাকে বুলি তীব্ৰ কটাক্ষ কৰে। তেওঁ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ সৈতে বাণিজ্য সন্দৰ্ভতো মন্তব্য আগবঢ়ায়।

যোৱা ৭ মে’ত অপাৰেচন সেন্দূৰ আৰম্ভ হোৱাৰ পৰা ১০ মে’ত গুলীচালনা আৰু সামৰিক ব্যৱস্থা বন্ধ কৰাৰ সময়লৈকে ভাৰত আৰু আমেৰিকাৰ নেতাসকলৰ মাজত কেৱল সামৰিক পৰিস্থিতিৰ ওপৰত আলোচনা চলিছিল আৰু এই আলোচনাত বাণিজ্যৰ বিষয়টো উত্থাপন হোৱা নাছিল বুলি সদৰী কৰিছে মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে।

তেওঁ লগতে কয়, “কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ সৈতে জড়িত যিকোনো বিষয় ভাৰত আৰু পাকিস্তানে দ্বিপাক্ষিকভাৱে সমাধান কৰাটো আমাৰ দীৰ্ঘদিনীয়া ৰাষ্ট্ৰীয় স্থিতি। এই ঘোষিত নীতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। ভাৰতে কাশ্মীৰক লৈ কাৰো মধ্যস্থতা গ্ৰহণ নকৰে বুলিও স্পষ্ট কৰি দিছে। পাকিস্তানে PoK খালী কৰিব লাগিব বুলিও ভাৰতে স্পষ্ট কৰি দিছে।”