TV9 ASSAM
Credits: Getty Images
ভাত কেৰেলাত বহু স্বাস্থ্য উপকাৰী গুণ আছে । অসমীয়া সমাজত প্ৰচলিত ধাৰণা অনুসৰি ভাত কেৰেলাত কি কি স্বাস্থ্যৰ উপকাৰী গুণ আছে জানোঁ আহক ।
ভাত কেৰেলাই শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে বুলি কোৱা হয় । বিশেষজ্ঞৰ মতে, ভাত কেৰেলাত প্ৰ’টিন আৰু আইৰণ থাকে ।
ভাত কেৰেলাই হজম শক্তি উন্নত কৰে বুলি কোৱা হয় । অসমীয়া সমাজত পেটৰ সমস্যা হ'লে ভাত কেৰেলা বইল কৰি খোৱা দেখা যায় ।
ভাত কেৰেলাই শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ কম কৰাত সহায় কৰে, যি হৃদৰোগৰ সম্ভাৱনা কম কৰে।
কেন্সাৰ সম্ভাৱনা হ্ৰাস কৰাৰ ক্ষেত্ৰত ভাত কেৰেলা উপকাৰী । ভাত কেৰেলা খালে কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় বুলি কোৱা হয় ।
উচ্চ ৰক্তচাপ ভুগি থকা লোকৰ বাবে ভাত কেৰেলা উপকাৰী ৷ ভাত কেৰেলাই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ।
শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভাত কেৰেলা অতি উপকাৰী । ই শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে বুলি কোৱা হয় ।
পঢ়িবলৈ ক্লিক কৰক