গেৰাণ্টীহীন চীনা সামগ্ৰী! পাকিস্তানৰ চকু মেল খোৱালে ভাৰতে!
পাকিস্তানৰ বিপক্ষে আংশিক যুদ্ধত ভাৰতৰ শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা জয়ৰ অন্যতম প্ৰধান কাৰক হিচাপে বিবেচিত হয়। পাকিস্তানে এই সময়ছোৱাত প্ৰায় ৩০০ৰ পৰা ৪০০ ড্ৰ’ন প্ৰেৰণ কৰিছিল যদিও ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই এই সকলো আক্ৰমণ ব্যৰ্থ কৰে। ইয়াৰ বিপৰীতে ভাৰতীয় সেনাই পাকিস্তানৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই প্ৰায় ৯টা সন্ত্ৰাসবাদী ঘাটি উৰুৱাই দিছে।
যোৱা শনিবাৰে সন্ধিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল। দুয়োখন দেশৰ মাজত সামৰিক সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পূৰ্বে আমেৰিকাৰ মধ্যস্থতাত যুদ্ধবিৰতিৰ ক্ষেত্ৰত ঐক্যমত গঠন হয়। লক্ষণীয়ভাৱে এই সামৰিক সংঘৰ্ষই পূৰ্ণকালীন যুদ্ধৰ ৰূপ নল’লেও ভাৰতে এই আংশিক যুদ্ধতে পাকিস্তানক শলঠেকত পেলায়। পাকিস্তানৰ বিপক্ষে আংশিক যুদ্ধত ভাৰতৰ শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা জয়ৰ অন্যতম প্ৰধান কাৰক হিচাপে বিবেচিত হয়। পাকিস্তানে সীমান্তত আক্ৰমণৰ চেষ্টা চলাই এই সময়ছোৱাত প্ৰায় ৩০০ৰ পৰা ৪০০ ড্ৰ’ন প্ৰেৰণ কৰিছিল যদিও ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই এই সকলো আক্ৰমণ ব্যৰ্থ কৰে।
ইয়াৰ বিপৰীতে ভাৰতীয় সেনাই পাকিস্তানৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই চুবুৰীয়া দেশখনৰ প্ৰায় ৯টা সন্ত্ৰাসবাদী ঘাটি উৰুৱাই দিছে। আনকি চীনৰ পৰা ক্ৰয় কৰা পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাও ভাৰতৰ এই প্ৰত্যাক্ৰমণত ৰক্ষা নপৰিল। ইয়াৰ পিছতে এতিয়া যেন পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰা অস্ত্ৰৰ শক্তিৰ উমান পাইছে!