শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

১৯৯৮ চনৰ ১১ মে’ত ভাৰত চৰকাৰে পোখৰাণত পাৰমাণৱিক পৰীক্ষণ সফল কৰাৰ কথা ঘোষণা কৰে। ১১ মে’ক ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপেও পালন কৰা হয়। ইয়াৰ লগতে ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 11 May 2025 10:01 AM

১১ মে’ৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । ১৯৯৮ চনৰ ১১ মে’ত ভাৰত চৰকাৰে পোখৰাণত পাৰমাণৱিক পৰীক্ষণ সফল কৰাৰ কথা ঘোষণা কৰে। ১১ মে’ক ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপেও পালন কৰা হয়। ১৯৯৫ চনত ভাৰতে পাৰমাণৱিক বোমা পৰীক্ষাৰ প্ৰচেষ্টা ব্যৰ্থ হৈছিল। আমেৰিকাৰ উপগ্ৰহ আৰু চোৰাংচোৱা সংস্থাই ভাৰতৰ সকলো প্ৰচেষ্টা সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছিল। প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে বৰ্তমান বিশ্বৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়িছে।

ইতিহাসৰ পাতত লিপিবদ্ধ ঘটনা পৰিঘটনাবোৰ চাওঁ আহক

  1. ১৭৫২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ফিলাডেলফিয়াত অগ্নিকাণ্ডৰ ক্ষতিৰ বীমা পলিচি প্ৰৱৰ্তন কৰা হয়।
  2. ১৭৮৪ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ আৰু মহীশূৰৰ শাসক টিপু চুলতানৰ মাজত সন্ধি হয়।
  3. ১৯৬২ চনৰ আজিৰ দিনটোতে সৰ্বেপল্লী ৰাধাকৃষ্ণন ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
  4. ১৯৬৫ চনৰ আজিৰ দিনটোতে বাংলাদেশত ঘূৰ্ণীবতাহৰ ফলত ১৭ হাজাৰ লোকৰ মৃত্যু হয়।
  5. ১৯৮৮ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।
  6. ১৯৯৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নিউয়ৰ্ক চহৰত ১৭০ খনতকৈও অধিক দেশে পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰণ চুক্তিত স্বাক্ষৰ কৰে।
  7. ১৯৯৮ চনৰ আজিৰ দিনটোতে ভাৰতে ৰাজস্থানৰ পোখৰাণত পাৰমাণৱিক পৰীক্ষাৰ কথা ঘোষণা কৰে।