এই সুলভ মছলাই সহায় কৰে স্মৃতি শক্তি বৃদ্ধিত! আপুনিও হয়তো জনা নাছিল এনে চমৎকাৰী গুণৰ কথা…
স্মৃতিশক্তি বৃদ্ধিৰ বাবে নানা সামগ্ৰীৰ ব্যৱহাৰ কৰা হয়। ইয়াৰে অধিকাংশ সামগ্ৰীৰে পিছে দাম অধিক হোৱা দেখিবলৈ পোৱা যায়। কিন্তু আমাৰ পাকঘৰত সততে উপলব্ধ এবিধ মছলা আছে, যাৰ দামো সাধাৰণতে কম আৰু উপকাৰিতাও বহুত বেছি। আন বহু উপকাৰিতাৰ লগতে এই সৰু মছলাবিধে আমাৰ স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে বুলি কোৱা হয়।

স্মৃতিশক্তি বৃদ্ধিৰ বাবে আমি নানা সামগ্ৰীৰ ব্যৱহাৰ কৰোঁ। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ গ্ৰহণৰ পৰা আৰম্ভ কৰি নানা খাদ্যসামগ্ৰী দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা হয়। সাধাৰণতে আখৰোট, বাদাম, কাজু আদি খাদ্যবস্তুসমূহে স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে। অৱশ্যে এই খাদ্যবস্তুসমূহৰ দাম তুলনামূলকভাৱে যথেষ্ট বেছি হয়। কিন্তু আমাৰ পাকঘৰত সততে উপলব্ধ এবিধ মছলা আছে, যাৰ দামো সাধাৰণতে কম আৰু উপকাৰিতাও বহুত বেছি। লক্ষণীয়ভাৱে আন বহু উপকাৰিতাৰ লগতে এই সৰু মছলাবিধে আমাৰ স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে।
পৰম উপকাৰী এই মছলাবিধ হৈছে জালুক। পাকঘৰত সততে থকা জালুক যে কেৱল ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা হয়, তেনে নহয়। মগজুৰ বাবেও ই যথেষ্ট উপকাৰী। এই সৰু মছলাবিধে মগজুৰ বাবে টনিক হিচাপে কাম কৰে। নিয়মিতভাৱে সামান্য পৰিমাণৰ জালুক সেৱন কৰিলে যথেষ্ট ফল পোৱা যায় বুলি বিশেষজ্ঞসকলে জানিবলৈ দিছে। জালুকে স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে বুলি প্ৰমাণিত হৈছে।
দৰাচলতে জালুকত পাইপেৰিন নামৰ এবিধ পদাৰ্থ থাকে। এই পদাৰ্থবিধে মগজুৰ কাৰ্যক্ষমতা উন্নত কৰাৰ লগতে স্মৃতিশক্তি বৃদ্ধি কৰাতো সহায় কৰে। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে জালুকে মগজুত নিউৰ’ট্ৰান্সমিটাৰৰ কাৰ্যকলাপ বৃদ্ধি কৰে আৰু জ্ঞান ক্ষমতা উন্নত কৰাত সহায় কৰে। দৈনন্দিন খাদ্যত জালুক যোগ কৰিলে একাধিক উপকাৰ হ’ব পাৰে। ই কেৱল স্মৃতিশক্তি উন্নত কৰাত সহায় কৰাই নহয়, মনোযোগ বৃদ্ধিতো সহায় কৰে।
সাধাৰণতে সাম্প্ৰতিক সময়ত কামৰ হেঁচাই হওক বা ব্যস্ততাপূৰ্ণ জীৱনশৈলীয়েই হওক, বহু লোকে মানসিক চাপ বৃদ্ধিৰ সমস্যাত ভুগি থকা দেখা যায়। প্ৰদূষণ বৃদ্ধি, জাংক ফুডৰ পৰিমাণ বৃদ্ধি, ইলেক্ট্ৰনিক গেজেট ব্যৱহাৰৰ সময় বৃদ্ধি ইত্যাদি নানা কাৰণৰ ফলত মগজুত নেতিবাচক প্ৰভাৱ পৰিছে। এই পৰিস্থিতিত জালুক অত্যন্ত ফলপ্ৰসূ হিচাপে প্ৰমাণিত হয়। জালুকে মগজুৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে।
বি:দ্ৰ – এই প্ৰতিবেদন কেৱল তথ্যৰ বাবেহে প্ৰস্তুত কৰা হৈছে। ব্যৱহাৰ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰা পৰামৰ্শ লোৱা উচিত।