ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
১৮২০ চনৰ আজিৰ দিনটোতে ফ্লৰেন্স নাইটিংগেলৰ জন্ম হৈছিল। তেওঁৰ স্মৃতিত আজিৰ দিনটো নাৰ্ছ দিৱস পালন কৰা হয় । ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ইতিহাস ।

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । ১৮২০ চনৰ আজিৰ দিনটোতে ফ্লৰেন্স নাইটিংগেলৰ জন্ম হৈছিল। তেওঁৰ স্মৃতিত আজিৰ দিনটো নাৰ্ছ দিৱস পালন কৰা হয়। ২০০৮ চনৰ আজিৰ দিনটোতে চীনত হোৱা ভয়াৱহ ভূমিকম্পৰ ফলত ৮৭ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ইতিহাস ।
আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা
- ১৪৫৯ চনৰ আজিৰ দিনটোতে ৰাও জোধাই যোধপুৰ প্ৰতিষ্ঠা কৰে।
- ১৬৬৬ চনৰ আজিৰ দিনটোতে পুৰন্দৰ সন্ধিৰ অধীনত ছাত্ৰপতি শিৱাজী মহাৰাজে ঔৰংজেবক লগ কৰিবলৈ আগ্ৰা যায়।
- ১৭৮৪ চনৰ আজিৰ দিনটোতে পেৰিছ সন্ধি কাৰ্যকৰী হয়।
- ১৮২০ চনৰ আজিৰ দিনটোতে নাৰ্ছ ফ্লৰেন্স নাইটিংগেলৰ জন্ম হয়। তেওঁৰ স্মৃতিত আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন কৰা হয়।
- ১৯১৫ চনৰ আজিৰ দিনটোতে বিপ্লৱী ৰাশবেহাৰী বসুৱে জাপানী জাহাজ ছানুকী মাৰুত উঠি ভাৰত এৰি গুচি যায়।
- ১৯৬৫ চনৰ আজিৰ দিনটোতে ইজৰাইল আৰু পশ্চিম জাৰ্মানীয়ে কূটনৈতিক সম্পৰ্ক আৰম্ভ কৰিবলৈ চিঠিৰ আদান-প্ৰদান কৰে।
- ২০০২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ পাঁচদিনীয়া ভ্ৰমণসূচীত ফিডেল কাষ্ট্ৰোৰ সৈতে আলোচনা কৰিবলৈ কিউবাত উপস্থিত হয়। কাষ্ট্ৰোৰ ১৯৫৯ চনৰ বিপ্লৱৰ পিছত কিউবা ভ্ৰমণ কৰা প্ৰথমজন আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় কাৰ্টাৰ।