শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
সন্ত্ৰাসবাদীক সাধাৰণ মানুহৰ ৰূপ দিয়াৰ চেষ্টা অথ’লে গ’ল পাকিস্তানৰ! সত্য পোহৰলৈ...

সন্ত্ৰাসবাদীক সাধাৰণ মানুহৰ ৰূপ দিয়াৰ চেষ্টা অথ’লে গ’ল পাকিস্তানৰ! সত্য পোহৰলৈ…

barasha-sarma
Barasha Sarma | Published: 13 May 2025 15:17 PM

কেন্দ্ৰীয় চৰকাৰে নিজৰ Fact Check ব্যৱস্থাৰ জৰিয়তে পাকিস্তানৰ স্বৰূপ উদঙাই দিছে। পিআইবিয়ে এটা ভিডিঅ’ পোষ্ট কৰি কয় যে পাকিস্তানী সেনা বিষয়াৰ মাজত থিয় হৈ থকা হাফিজ কোনো সাধাৰণ নাগৰিক নহয়।

পাকিস্তানৰ কু-কাণ্ড পোহৰলৈ। কিছুদিন পূৰ্বে ভাৰতৰ অপাৰেশ্যন সেন্দূৰত নিহত হৈছিল ১০০ জনতকৈ অধিক সন্ত্ৰাসবাদীক। ভাৰতে প্ৰতিশোধমূলক কাৰ্য চলাই পাকিস্তানত থকা ৯ টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল। ইয়াৰ পাছত ৮ মে’ত পাকিস্তানে জনাজা অনুষ্ঠিত কৰিছিল। এই জনাজাত অংশ গ্ৰহণ কৰিছিল কুখ্যাত সন্ত্ৰাসবাদী আব্দুৰ হাফিল ৰৌফ। পাকিস্তানী সেনাৰ সৈতে একেটা শাৰীতে থিয়ে হোৱা এই সন্ত্ৰাসবাদীটোক পাকিস্তানে সাধাৰণ নাগৰিক বুলি দাবী কৰিছিল। কিন্তু এতিয়া তথ্য প্ৰমাণসহ পাকিস্তানৰ স্বৰূপ উদঙাই তুলিছে ভাৰতে।

কেন্দ্ৰীয় চৰকাৰে নিজৰ Fact Check ব্যৱস্থাৰ জৰিয়তে পাকিস্তানৰ স্বৰূপ উদঙাই দিছে। পিআইবিয়ে এটা ভিডিঅ’ পোষ্ট কৰি কয় যে পাকিস্তানী সেনা বিষয়াৰ মাজত থিয় হৈ থকা হাফিজ কোনো সাধাৰণ নাগৰিক নহয়। বৰঞ্চ এজন দাগী অপৰাধী, সন্ত্ৰাসবাদী।