মুকলি হ’ল এই নিযুক্তি পৰীক্ষাৰ এডমিট কাৰ্ডঃ আবেদন কৰিছিল যদি এতিয়াই কৰক ডাউনলোড
ৰে’লৱে নিযুক্তি ব’ৰ্ডে আৰ পি এফ কনিষ্টবল পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছিল। এই নিযুক্তি পৰীক্ষাৰ বাবে এতিয়া ৰে’লৱে নিযুক্তি ব’ৰ্ডে এডমিট কাৰ্ড মুকলি কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট rrbcdg.gov.in ত গৈ পঞ্জীয়ন নম্বৰ আৰু জন্ম তাৰিখৰ তথ্য পূৰ কৰি পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।
 
                                চৰকাৰী চাকৰিত নিযুক্তি লাভৰ বাবে প্ৰচেষ্টা চলাই থকা যুৱক-যুৱতীসকলৰ বাবে ৰে’লৱেই আনিছিল নিযুক্তিৰ সুন্দৰ সুযোগ। ৰে’লৱে নিযুক্তি ব’ৰ্ডে আৰ পি এফ কনিষ্টবল পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছিল। এই নিযুক্তি পৰীক্ষাৰ বাবে এতিয়া ৰে’লৱে নিযুক্তি ব’ৰ্ডে এডমিট কাৰ্ড মুকলি কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট rrbcdg.gov.in ত গৈ পঞ্জীয়ন নম্বৰ আৰু জন্ম তাৰিখৰ তথ্য পূৰ কৰি পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।
উল্লেখ্য যে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে যোৱা ২ মাৰ্চৰ পৰাই পৰীক্ষা অনুষ্ঠিত হৈছে আৰু ১৮ মাৰ্চলৈকে পৰীক্ষা অনুষ্ঠিত হ’ব। এতিয়া কাইলৈৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ড ৱেবচাইটত মুকলি কৰা হৈছে। অহা ১২ মাৰ্চৰ পৰা ১৮ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ কল লেটাৰ পিছত অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাব। পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ এডমিট কাৰ্ডৰ ছপা কপি আৰু ফটোসম্বলিত এখন চৰকাৰী পৰিচয় পত্ৰ লৈ যাব লাগিব।
প্ৰাৰ্থীয়ে পৰিচয় প্ৰমাণ হিচাপে পাছপ’ৰ্ট, ভোটাৰ আইডি কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স পৰীক্ষাকেন্দ্ৰলৈ লৈ যাব পাৰিব। এই নিযুক্তি পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব-
প্ৰথমে ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট rrbcdg.gov.in চাওক।
হোম পেজত দিয়া RPF- 02/2024 (Constable) CEN RPF- 02/2024 e-Call Letter লিংকত ক্লিক কৰক।
এতিয়া প্ৰাৰ্থীসকলে লগইন আইডি আৰু কেপচা ক’ড পূৰ কৰি চাবমিট কৰক।
ইয়াৰ পিছত স্ক্ৰীণত এডমিট কাৰ্ড ওলাব।
এতিয়া এডমিট কাৰ্ড পৰীক্ষা কৰি ডাউনলোড কৰক।
আৰ পি এফ কনিষ্টবলৰ এই পৰীক্ষাত মুঠ ১২০টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে ১ নম্বৰ দিয়া হ’ব। আনহাতে প্ৰতিটো ভুল উত্তৰৰ বাবে এক তৃতীয়াংশ নম্বৰ কৰ্তন কৰা হ’ব। পৰীক্ষাৰ সময়সীমা হ’ব ৯০ মিনিট। CTB মোডত অনুষ্ঠিত হ’ব এই পৰীক্ষা। পৰীক্ষাত সফল হোৱা পৰীক্ষাৰ্থীসকলে পৰৱৰ্তী পৰ্যায়ৰ প্ৰক্ৰিয়াৰ বাবে যোগ্যতা অৰ্জন কৰিব।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      