শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Railway RPF Bharti: ৰে’লৱে সুৰক্ষা বাহিনীৰ নিযুক্তিৰ নিয়ম সলনি, নতুন প্ৰক্ৰিয়াৰ সম্পৰ্কে জানক…

Railway RPF Bharti: ৰে’ল মন্ত্ৰালয়ে আৰ পি এফৰ নিযুক্তি নিয়মত বৃহৎ পৰিৱৰ্তন কৰি নিযুক্তি প্ৰক্ৰিয়া অধিক স্বচ্ছ কৰি তুলিছে। এই পৰিৱৰ্তনৰ লক্ষ্য হৈছে আৰ পি এফৰ নিযুক্তি কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ)ৰ দৰে একে মানদণ্ডলৈ অনা। নতুন নিয়মৰ বিষয়ে জানি লওক।

Railway RPF Bharti: ৰে’লৱে সুৰক্ষা বাহিনীৰ নিযুক্তিৰ নিয়ম সলনি, নতুন প্ৰক্ৰিয়াৰ সম্পৰ্কে জানক…
ৰে’লৱে সুৰক্ষা বাহিনীৰ নিযুক্তি
trishna-kalita
Trishna Kalita | Published: 28 Oct 2025 17:33 PM

ৰে’লৱে সুৰক্ষা বাহিনী (RPF)ত উপ পৰিদৰ্শক (SI) আৰু কনিষ্টবল (Executive) পদত নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন কৰা হৈছে। শেহতীয়াকৈ  নতুন নিয়ম জাৰি কৰিছে ৰে’ল মন্ত্ৰালয়ে। য’ত বয়সৰ সীমা, শাৰীৰিক মানদণ্ড, পৰীক্ষা প্ৰক্ৰিয়া সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য সন্নিবিষ্ট কৰা হৈছে। এই পৰিৱৰ্তনৰ লক্ষ্য হৈছে আৰ পি এফৰ নিযুক্তি কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF)ৰ দৰে একে মানদণ্ডলৈ অনা। ভাৰতীয় গেজেটত প্ৰকাশিত এই নতুন নিয়মসমূহ এতিয়া কাৰ্যকৰী হৈছে।

বয়সৰ সীমা আৰু অৰ্হতাৰ পৰিৱৰ্তন

সংশোধিত নিয়ম অনুসৰি কনিষ্টবল পদৰ প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৩ বছৰৰ ভিতৰত হ’ব লাগিব। পূৰ্বে এই সীমা আছিল ১৮ৰ পৰা ২৫ বছৰ। উপ-পৰিদৰ্শক (SI) পদৰ বয়সৰ সীমা ২০ৰ পৰা ২৮ বছৰলৈ নিৰ্ধাৰণ কৰা হৈছে।

অৱশ্যে শিক্ষাগত অৰ্হতাৰ কোনো ডাঙৰ পৰিৱৰ্তন কৰা হোৱা নাই। কনিষ্টবল নিযুক্তিৰ বাবে এজন প্ৰাৰ্থীয়ে দশম মান উত্তীৰ্ণ হ’ব লাগিব, আনহাতে এছ আই পদৰ বাবে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক (Graduate) হ’ব লাগিব।

শাৰীৰিক আৰু চিকিৎসা মানদণ্ডৰ উন্নতি

নতুন নিয়মে শাৰীৰিক মানদণ্ড (Physical Standards) কটকটীয়া কৰিছে। পূৰ্বৰ নূন্যতম উচ্চতা আছিল ১৬৫ চেণ্টিমিটাৰ, যিটো এতিয়া ১৭০ চেণ্টিমিটাৰলৈ বৃদ্ধি কৰা হৈছে। তদুপৰি বুকুৰ জোখ নুফুলোৱাকৈ ৮০ চেণ্টিমিটাৰ আৰু ফুলালে ৮৫ চেণ্টিমিটাৰ নিৰ্ধাৰণ কৰা হৈছে।

লগতে সলনি কৰা হৈছে চিকিৎসা পৰীক্ষাৰ প্ৰক্ৰিয়াও। প্ৰাৰ্থীসকলক এতিয়া (CAPF) চিকিৎসা বিষয়াৰ পৰিৱৰ্তে চি এ পি এফৰ চিকিৎসা বিষয়া বা গ্ৰেড-১ চৰকাৰী চিকিৎসা বিষয়াই পৰীক্ষা কৰিব।

আৰ পি এফ নিযুক্তি প্ৰক্ৰিয়া অধিক স্বচ্ছ

এই নতুন নিয়মসমূহে আৰ পি এফৰ নিযুক্তি প্ৰক্ৰিয়াক অধিক স্বচ্ছ আৰু মানক কৰি তুলিছে। ৰে’লৱেই কয় যে, এই পৰিৱৰ্তনে নিৰাপত্তা বাহিনীৰ নিযুক্তি ব্যৱস্থা উন্নত আৰু অধিক কাৰ্যক্ষম কৰি তুলিব।