শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি হোমেন বৰগোহাঞিৰ জন্ম বাৰ্ষিকীঃ শ্ৰদ্ধাৰে সুঁৱৰিছে ৰাজ্যবাসীয়ে

অসমীয়া ভাষা তথা সমাজ-জীৱনলৈ অতুলনীয় অৱদান আগবঢ়াই জাতিটোক সমৃদ্ধ কৰি যোৱা প্ৰথিতযশা সাহিত্যিক, সাংবাদিক আৰু সমালোচক প্ৰয়াত হোমেন বৰগোহাঞিৰ আজি জন্ম বাৰ্ষিকী। সমগ্ৰ ৰাজ্যতে আজি তেখেতক সশ্ৰদ্ধ স্মৰণ কৰা হৈছে। ৰাজ্যৰ সৰ্ব-প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে আজি এই দিনটো উদযাপন কৰা হৈছে।

আজি হোমেন বৰগোহাঞিৰ জন্ম বাৰ্ষিকীঃ শ্ৰদ্ধাৰে সুঁৱৰিছে ৰাজ্যবাসীয়ে
আজি হোমেন বৰগোহাঞিৰ জন্ম বাৰ্ষিকী
monjit-dutta
Monjit Dutta | Updated On: 07 Dec 2024 12:26 PM

অসমীয়া ভাষা সাহিত্যৰ অন্যতম পুৰোধা ব্যক্তি, একাধাৰে সাহিত্যিক, সাংবাদিক আৰু সমালোচক প্ৰয়াত হোমেন বৰগোহাঞিৰ আজি জন্ম বাৰ্ষিকী। অসমীয়া ভাষা তথা সমাজ-জীৱনলৈ অতুলনীয় অৱদান আগবঢ়াই জাতিটোক সমৃদ্ধ কৰি যোৱা হোমেন বৰগোহাঞিক আজি তেওঁৰ জন্ম বাৰ্ষিকীত সমগ্ৰ ৰাজ্যতে সশ্ৰদ্ধ স্মৰণ কৰা হৈছে। ৰাজ্যৰ সৰ্ব-প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে আজি এই দিনটো উদযাপন কৰা হৈছে। উল্লেখ্য যে ১৯৩১ চনৰ আজিৰ দিনটোতে ঢকুৱাখনাত হোমেন বৰগোহাঞিৰ জন্ম হৈছিল।

ঢকুৱাখনাতে হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত কটন কলেজৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ শিক্ষা সম্পূৰ্ণ কৰে। ১৯৫৫ চনত হোমেন বৰগোহাঞিয়ে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু তাৰ পিছত ৰাজ্যৰ বিভিন্ন স্থানত চকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু ১৯৬৮ চনত তেওঁ স্বেচ্ছাই চৰকাৰী চাকৰি ত্যাগ কৰি সাপ্তাহিক নীলাচল কাকতৰ সম্পাদক হিচাপে সাংবাদিকতা জীৱন আৰম্ভ কৰে।

নীলাচলৰ সম্পাদক হিচাপে ১৯৭৭ চনলৈকে দায়িত্ব বহনৰ সমান্তৰালকৈ তেওঁ ‘সাপ্তাহিক নাগৰিক’ কাকতৰো প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পিছত তেখেতে ‘লোকায়ত’, ‘অসম বাণী’, ‘আমাৰ অসম’, ‘দৈনিক বাতৰি’ কাকতৰ লগতে ‘সমকাল’ ‘সূত্ৰধাৰ’, ‘কিশোৰ’, ‘সাতসৰী’ আলোচনীৰ সম্পাদক হিচাপে দায়িত্ব বহন কৰিছিল। আনহাতে ২০১৫ চনত তেওঁ নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব লয় আৰু মৃত্যু পৰ্যন্ত এই দায়িত্বত থাকে।

এক সুকীয়া আৰু মনোগ্ৰাহী লিখন শৈলীৰে সাহিত্যৰ প্ৰায় আটাইকেইটা বিভাগতে নিজৰ সৃষ্টিৰে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি গৈছে হোমেন বৰগোহাঞিয়ে। এনে অনন্য শৈলীৰ বাবে পাঠক সমাজৰ মাজত সদায়ে এক সুকীয়া স্থান লাভ কৰি আহিছে প্ৰথিতযশা সাহিত্যিকগৰাকীয়ে। সাউদৰ পুতেকে নাও মেলি যায়, পিতা-পুত্ৰ, হালধীয়া চৰায়ে বাওধান খায়, নিঃসঙ্গতা, অস্তৰাগ, কুশীলৱ, তিমিৰ তীৰ্থ, এদিনৰ ডায়েৰী, বিষণ্ণতা, সুবালা, মৎস্যগন্ধা, তান্ত্ৰিক আদি কেইবাখনো উপন্যাস ৰচনা কৰি গৈছে হোমেন বৰগোহাঞিয়ে।

তেখেতৰ একমাত্ৰ কবিতা পুথি আছিল হৈমন্তী। কেইবাখনো গল্প পুথি আৰু প্ৰবন্ধ সংকলনৰ লগতে তেওঁ ধুমুহা আৰু ৰামধেনু, আত্মানুসন্ধান,মোৰ সাংবাদিক জীৱন, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ, জীৱন সুন্দৰ আৰু ভয়ংকৰ নামেৰে কেইখনমান আত্মজীৱনীমূলক গ্ৰন্থ লিখি গৈছে। ১৯৮ চনত তেওঁ পিতা-পুত্ৰ’ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। আনহাতে ১৯৯২ চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।

লগতে অসম সাহিত্য সভাৰ কৃতী সাংবাদিকৰ লক্ষ্মীনাথ ফুকন বঁটা, অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা, নীলমণি ফুকন বঁটা, জয়কৃষ্ণ ৰামদয়াল (দিল্লী) সমন্বয় বঁটা আদি সন্মান লাভ কৰিছিল। আনহাতে ২০০১ আৰু ২০০২ চনৰ দুবাৰকৈ তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। লক্ষণীয়ভাৱে তেখেতৰ উপন্যাস ‘হালধীয়া চৰায়ে বাওধান খায়’ৰ ভিত্তিত জাহ্নু বৰুৱাই পৰিচানলা কৰা একে নামৰ ছবিখনে ১৯৮৮ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছিল।

২০২১ চনত বিশ্বজুৰি ক’ভিডৰ ভয়াৱহতাৰ সময়তে হোমেন বৰগোহাঞি ক’ভিডত আক্ৰান্ত হয়। ক’ভিডৰ বাবে তেওঁ কিছুদিন চিকিৎসাধীন অৱস্থান আছিল যদিও স্বাস্থ্যৰ উন্নতিৰ বাবে তেওঁক ঘৰলৈ যাব দিয়া হৈছিল। কিন্তু কিছুদিন পিছত পুনৰ শাৰীৰিক অসুস্থতাৰ বাবে তেখেতক পুনৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ৰ বিচনাতে ২০২১ চনৰ ১২ মে’ত তেখেতৰ মৃত্যু হয়।

তেখেতৰ মৃত্যুৰ পিছত অসম চৰকাৰে ২০২১ চনৰ পৰা হোমেন বৰগোহাঞিৰ জন্মদিনত প্ৰতি বছৰে ৭ ডিচেম্বৰ তাৰিখে তেওঁৰ নামত সাহিত্যিক পেঞ্চন প্ৰদান কৰাৰ কথা ঘোষণা কৰে। আনহাতে তেখেতৰ জন্মস্থান ঢকুৱাখানাৰ ‘হোমেন বৰগোহাঞি ট্ৰাষ্টে’ প্ৰতিবছৰে বৰগোহাঞিৰ নামত ‘হোমেন বৰগোহাঞি সাহিত্য বঁটা’ প্ৰদান কৰি আহিছে। আজি জন্ম বাৰ্ষিকীত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত।

Latest News