১৬ অক্টোবৰ, ইতিহাসৰ পৃষ্ঠাত কিয় বিশেষ আজিৰ দিনটো?
আজি ১৬ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

আজি ১৬ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৬ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৯০৫ চনত লৰ্ড কাৰ্জনৰ দ্বাৰা বংগৰ প্ৰথম বিভাজন হয়।
১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীয়ে ব্ৰিটিছ ভূখণ্ডত প্ৰথম আক্ৰমণ আৰম্ভ কৰে।
১৯৫১ চনত পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী লিয়াকুৱাট আলী খানক ৰাৱালপিণ্ডিত গুলীয়াই হত্যা কৰা হয়।
১৯৬৪ চনত চীনে প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।
১৯৭৮ চনত কপিল দেৱে পাকিস্তানৰ বিৰুদ্ধে ফৈছালাবাদ টেষ্টত ক্ৰিকেটত অভিষেক ঘটায়।
১৯৮৪ চনত দক্ষিণ আফ্ৰিকাৰ সমাজ কৰ্মী ডেচমণ্ড টুটুক শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয়।
২০০২ চনত ১৪ সংখ্যক এছিয়ান গেমছত স্বৰ্ণ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সুনীতা ৰাণীৰ ড’পিঙৰ বাবে পদক কাঢ়ি লোৱা হৈছিল।
বিশ্ব খাদ্য দিৱসঃ ১৯৪৫ চনত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO) প্ৰতিষ্ঠা হোৱাৰ স্মৃতিত প্ৰতি বছৰে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়।