ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
আজিৰ দিনটোতে ভাৰত, বাংলাদেশ, শ্ৰীলংকা আৰু থাইলেণ্ডে বেংককত ‘বিমষ্টেক’ নামৰ এটা অৰ্থনৈতিক সহযোগিতা গোট গঠন কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা ।

Image Credit source: GettyImage
বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে ছাত্ৰপতি শিৱাজী মহাৰাজৰ অভিষেক ঘটে । আজিৰ দিনটোতে আমেৰিকাৰ ইষ্ট ক্লিভলেণ্ডত মহিলাসকলক ভোটাধিকাৰ দিয়া হয়। আজিৰ দিনটোতে ভাৰত, বাংলাদেশ, শ্ৰীলংকা আৰু থাইলেণ্ডে বেংককত ‘বিমষ্টেক’ নামৰ এটা অৰ্থনৈতিক সহযোগিতা গোট গঠন কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা ।
দিনটোৰ ইতিহাস
- ১৬৭৪ চনৰ আজিৰ দিনটোতে ৰায়গদ দুৰ্গত ছাত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেক।
- ১৯১৬ চনৰ আজিৰ দিনটোতে ইষ্ট ক্লিভলেণ্ডত মহিলাসকলক ভোটাধিকাৰ দিয়া হয়।
- ১৯১৯ চনৰ আজিৰ দিনটোতে ফিনলেণ্ডে বলছেভিকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
- ১৯৬৬ চনৰ আজিৰ দিনটোতে কৃষ্ণাংগ মানৱ অধিকাৰ কৰ্মী জেমছ মেৰেডিথক গুলীয়াই হত্যা কৰা হয়। ঘটনাৰ সময়ত আফ্ৰিকান-আমেৰিকান মেৰেডিথে কৃষ্ণাংগসকলৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে সমদল উলিয়াইছিল।
- ১৯৬৭ চনৰ আজিৰ দিনটোতে ইজৰাইল সেনাই গাজা দখল কৰে।
- ১৯৯৭ চনৰ আজিৰ দিনটোতে ভাৰত, বাংলাদেশ, শ্ৰীলংকা আৰু থাইলেণ্ডে বেংককত ‘বিমষ্টেক’ নামৰ এটা অৰ্থনৈতিক সহযোগিতা গোট গঠন কৰে।
- ২০০৪ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰেগানৰ মৃত্যু।
- ২০০৫ চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানে ইৰাণ গেছ পাইপলাইন প্ৰকল্পৰ ওপৰত সহমতত উপনীত হয়।